প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

নেপালৰ প্ৰধানমন্ত্ৰীৰে সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

Posted On: 22 SEP 2024 11:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিৱেশন’ৰ সময়ত নেপালৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী কে পি শৰ্মা অলিক সাক্ষাৎ কৰে।

দুয়োগৰাকী নেতাই ভাৰত আৰু নেপালৰ মাজত অনন্য আৰু ঘনিষ্ঠ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে আৰু উন্নয়নমূলক অংশীদাৰিত্ব, জলবিদ্যুৎ সহযোগিতা, জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু সংযোগ বৃদ্ধি- ভৌতিক, ডিজিটেল আৰু শক্তিৰ ক্ষেত্ৰকে ধৰি বিভিন্ন ক্ষেত্ৰত হোৱা অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে নেপালক ‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট’ (আইএছএ)ত পূৰ্ণ সদস্য হিচাপে যোগদান কৰা ১০১ সংখ্যক দেশ হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ প্ৰতি আঞ্চলিক সঁহাৰিত গুৰুত্ব আৰোপ কৰে।

নেপাল হৈছে ‘চুবুৰীয়া প্ৰথম নীতি’ৰ অধীনত ভাৰতৰ এক প্ৰাথমিকতাপ্ৰাপ্ত অংশীদাৰ। এই বৈঠকত ‘আমাৰ  চুবুৰীয়া প্ৰথম নীতি’ক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাৰত আৰু নেপালৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ পৰম্পৰা অব্যাহত আছে।

*****

MJPS/SR/KB



(Release ID: 2058111) Visitor Counter : 13