প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

তুতিকোৰিন আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ টাৰ্মিনেল উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

Posted On: 16 SEP 2024 4:08PM by PIB Guwahati

কেবিনেটত মোৰ সতীৰ্থসকল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু শান্তনু ঠাকুৰ ডাঙৰীয়া, তুতিকোৰিন বন্দৰৰ বিষয়া-কৰ্মচাৰী, আন-আন বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল।

আজি এখনি ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন হৈছে। এই নতুন তুতিকোৰিন আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ টাৰ্মিনেলটো হৈছে ভাৰতৰ সামুদ্ৰিক আন্তঃগাঁথনিৰ নতুন আশ্চৰ্য্য। এই টাৰ্মিনেলে ভি.অ’. চিদাম্বৰনাৰ বন্দৰৰ সামৰ্থ্যও সম্প্ৰসাৰিত কৰিব। চৈধ্য মিটাৰৰো অধিক গভীৰ ‘ড্ৰাফ্ট’ আৰু ৩০০ মিটাৰৰো অধিক দীঘল বাৰ্থৰে এই নতুন টাৰ্মিনেলে বন্দৰটোৰ ক্ষমতা বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ ফলশ্ৰুতিত ভি.অ’.চি. বন্দৰত লজিষ্টিক ব্যয় হ্ৰাস পাব। লগতে ভাৰতৰ বৈদেশিক মুদ্ৰাও ৰাহি কৰিব। এই শুভক্ষণত আপোনালোক সকলোকে আৰু তামিলনাডুবাসীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

মোৰ আজি মনত পৰিছে, দুবছৰ পূৰ্বে ভি.অ’.চি. বন্দৰৰে জড়িত কেইবাটাও প্ৰকল্প উদ্বোধনৰ সুযোগ পাইছিলোঁ। তেতিয়া এই বন্দৰৰ কাৰ্গ’ পৰিচালন ক্ষমতা বৃদ্ধিৰ বাবে একাধিক কাম আৰম্ভ কৰা হৈছিল। গত ফেব্ৰুৱাৰীত মই তুতিকোৰিন ভ্ৰমণ কৰোঁতেও একাধিক বন্দৰ সম্পৰ্কীয় কামৰ আৰম্ভ হৈছিল। আজি এই কামসমূহ দ্ৰুতগতিত আগবঢ়া দেখি মই সন্তোষ পাইছোঁ। এই নতুন টাৰ্মিনেলত ৪০% কৰ্মচাৰী মহিলা হ’ব বুলি জানিও মই আনন্দিত হৈছোঁ। অৰ্থাৎ, এই টাৰ্মিনেল সামুদ্ৰিক খণ্ডত মহিলা-নেতৃত্বাধীন উন্নয়নৰো প্ৰতীক হ’ব।

বন্ধুসকল,

তামিলনাডুৰ উপকূলসমূহে দেশৰ অৰ্থনীতিৰ অগ্ৰগতি সাধনত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইয়াৰ বন্দৰ আন্তঃগাঁথনিত তিনি বৃহৎ বন্দৰ আৰু সোতৰটা অ-প্ৰধান বন্দৰ অন্তৰ্ভুক্ত হৈছে। এই ক্ষমতাৰ বাবেই এতিয়া তামিলনাডু সামুদ্ৰিক বাণিজ্য নেটৱৰ্কৰ এক উল্লেখযোগ্য কেন্দ্ৰ হৈ পৰিছে। বন্দৰ নেতৃত্বাধীন উন্নয়নৰ অভিযানক অধিক ত্বৰান্বিতকৰণৰ অৰ্থে আমি এটা আউটাৰ হাৰ্বাৰ কন্টেইনাৰ টাৰ্মিনেলৰ বিকাশ সাধন কৰিছোঁ। ইয়াৰ বাবে সাত হাজাৰ কোটিৰো অধিক টকা বিনিয়োগ কৰা হৈছে। আমিও অবিৰতভাৱে ভি.অ’.চি.ৰ ক্ষমতাৰ বৰ্ধন ঘটাই আছোঁ। এনে প্ৰেক্ষাপটত বন্দৰটোৱে দেশৰ সামুদ্ৰিক উন্নয়নত এটি নতুন অধ্যায় লিখিবলৈ সাজু হৈছে।

বন্ধুসকল,

ভাৰতৰ সামুদ্ৰিক অভিযান আজি কেৱল আন্তঃগাঁথনিগত উন্নয়নতেই সীমাবদ্ধ নহয়। ভাৰতে এতিয়া বিশ্বক বহনক্ষম আৰু আগন্তুক চিন্তাধাৰাৰ উন্নতিৰ পথ দেখুৱাইছে। এই কথা আমাৰ ভি.অ’.চি. বন্দৰত দৃশ্যমান হৈছে। এই বন্দৰটোক গ্ৰীন হাইড্ৰজেন হাব আৰু সাগৰৰ পাৰৰ বতাহৰ বাবে ন’ডেল বন্দৰ হিচাপে স্বীকৃতি দিয়া হৈছে। বৰ্তমান বিশ্বই সন্মুখীন হোৱা জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলাকৰণত আমাৰ পদক্ষেপসমূহ অতিশয় ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব।

বন্ধুসকল,

ভাৰতৰ উন্নয়ন যাত্ৰাত উদ্ভাৱন আৰু সহযোগিতা আমাৰ পৰম শক্তি। আজি উদ্বোধন কৰা নতুন টাৰ্মিনেলটো এই শক্তিৰ প্ৰমাণ। আমি এক সু-সংযোগী ভাৰত গঢ়িবলৈ সামূহিকভাৱে কাম কৰি আছোঁ। আজি সমগ্ৰ দেশতে পথ, ঘাইপথ, জলপথ আৰু বিমানপথৰ সম্প্ৰসাৰণৰ লগে-লগে সংযোগ ব্যৱস্থাৰ বৰ্ধন ঘটিছে। ফলস্বৰূপে ভাৰতে বিশ্ব বাণিজ্যত নিজৰ স্থান যথেষ্ট সুদৃঢ় কৰি তুলিছে। ভাৰত বিশ্বৰ যোগান শৃংখলৰ এক প্ৰধান অংশীদাৰ হৈ পৰিছে। ভাৰতৰ এই ক্ৰমবৰ্ধমান শক্তি আমাৰ অৰ্থনৈতিক বিকাশৰ ভেটি। এই একে শক্তিয়েই দ্রুতগতিত ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থনীতিলৈ ৰূপান্তৰিত কৰিব। তামিলনাডুৱে ভাৰতৰ সামৰ্থ্য অধিক বৃদ্ধি কৰাত মই সুখী হৈছোঁ। আকৌ এবাৰ আপোনালোক সকলোকে ভি.অ’.চি. বন্দৰত নতুন টাৰ্মিনেলৰ বাবে আন্তৰিক অভিনন্দন জনাইছোঁ। ধন্যবাদ।

***

MJPS/ VJ/SKS/SB



(Release ID: 2056646) Visitor Counter : 11