মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
azadi ka amrit mahotsav

সচিব শ্ৰীমতী অলকা উপাধ্যায়ে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ ভৌতিক আৰু বিত্তীয় প্ৰগতিৰ ওপৰত পূৱৰ ৰাজ্যসমূহৰ পশুপালন আৰু দুগ্ধ বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে

হিতাধিকাৰীসকলৰ মাজত পুনৰ সংৰেখিত পশুপালন আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ সৰ্বাধিক লাভালাভ আৰু উদ্যোগ বৃদ্ধিৰ বাবে সক্ৰিয়ভাৱে প্ৰচাৰ কৰা উচিত : শ্ৰীমতী অলকা উপাধ্যায়

Posted On: 13 SEP 2024 12:03PM by PIB Guwahati

ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ উপাদন বিভাগৰ সচিব শ্ৰীমতী অলকা উপাধ্যায়ে ওড়িশাৰ ভুৱনেশ্বৰত এখন আঞ্চলিক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। বৈঠকত পূবৰ ৰাজ্যসমূহৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগ, মুখ্যতঃ ছত্তীশগড়, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগ আৰু মেঘালয়ৰ অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, সঞ্চালক আৰু আঁচনি ৰূপায়ণ বিষয়াসকলক একত্ৰিত কৰি বিভিন্ন বিভাগীয় কাৰ্যসূচী আৰু আঁচনিৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হয়।

অতিৰিক্ত সচিব শ্ৰীমতী বৰ্ষা যোশী, যুটীয়া সচিব শ্ৰীমতী সৰিতা চৌহান, উপদেষ্টা (পৰিসংখ্যা) শ্ৰী জগত হাজৰিকা আৰু ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও বৈঠকত অংশগ্ৰহণ কৰে।

শ্ৰীমতী অলকা উপাধ্যায়ে বিষয়াসকলক উৎপাদনশীল পশুৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে স্থানীয় ৰণনীতি চিনাক্ত কৰিবলৈ আৰু ৰাজ্যসমূহত পশুখাদ্যৰ অভাৱ আৰু জলবায়ুৰ তাৰতম্যৰ কথা বিবেচনা কৰি পশুখাদ্যৰ সীমাবদ্ধতা সমাধান কৰিবলৈ আহ্বান জনায়। তেওঁ গাখীৰ সংগ্ৰহ, শীতলীকৰণ, প্ৰক্ৰিয়াকৰণ আৰু পৰীক্ষাৰ বাবে এনপিডিডি আঁচনিৰ অধীনত সৃষ্টি কৰা আন্তঃগাঁথনিৰ সৰ্বোত্তম ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সংগঠিত দুগ্ধ খণ্ডৰ আৱৰণ বৃদ্ধি কৰা, থলুৱা গাখীৰ সামগ্ৰীৰ প্ৰচাৰ কৰা, মূল্য সংযোজন বৃদ্ধি কৰা আৰু বিপণন কাৰ্য পৰিকল্পনা বিকাশ কৰাটো অঞ্চলটোত দুগ্ধ যোগান শৃংখলা শক্তিশালী কৰাৰ কৌশলগত পদ্ধতি হিচাপে আলোকপাত কৰা হৈছিল।

বৈঠকত ৰাষ্ট্ৰীয় পশুধন মিছনৰ উদ্যোগ বিকাশ কাৰ্যসূচীৰ অধীনত প্ৰজনন ফাৰ্ম স্থাপনৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ প্ৰচেষ্টাকো স্বীকৃতি দিয়া হয়। শ্ৰীমতী উপাধ্যায়ে ৰাজ্যসমূহক এই আঁচনিসমূহৰ অধীনত উপলভ্য সুযোগ আৰু বিত্তীয় সাহায্যৰ সৰ্বাধিক ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে।

তেওঁ লগতে ৰাজ্যসমূহক ইয়াৰ লাভালাভ সৰ্বাধিক কৰিবলৈ আৰু উদ্যোগীক উৎসাহিত কৰিবলৈ হিতাধিকাৰীসকলৰ মাজত পুনৰ সংৰেখিত পশুপালন আন্তঃগাঁথনি উন্নয়ন পুঁজি (এএইচআইডিএফ) আঁচনিৰ সক্ৰিয় প্ৰচাৰ কৰিবলৈ আহ্বান জনায়। বৈঠকত ৰাজ্যসমূহে তেওঁলোকৰ নতুন পদক্ষেপ আৰু সৰ্বশ্ৰেষ্ঠ পদ্ধতি উপস্থাপন কৰে।

বৈঠকৰ অন্তত শ্ৰীমতী অলকা উপাধ্যায়ে ২১ সংখ্যক পশুধন লোকপিয়লৰ সফলতা নিশ্চিত কৰাৰ বাবে সকলো অংশীদাৰৰ সামূহিক দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পশুপালন খণ্ডৰ বাবে ভৱিষ্যতৰ নীতি আৰু কাৰ্যসূচী গঠনত আগন্তুক ২১ সংখ্যক পশুধন লোকপিয়লে পালন কৰিব লগা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে আৰু ইয়াৰ সফল ৰূপায়ণৰ বাবে শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে আহ্বান জনায়।

ভাৰত চৰকাৰৰ ধ্বজাবাহী এনএডিচিপি আঁচনিৰ অধীনৰ ফুট এণ্ড মাউথ ডিজিজ (এফএমডি) আৰু ব্ৰুচেলোচিছৰ দৰে গুৰুত্বপূৰ্ণ ৰোগৰ বিৰুদ্ধে টিকাকৰণৰ ওপৰত গুৰুত্ব দি গৰু, ম'হ, ভেড়া আৰু ছাগলীৰ বাবে এই প্ৰতিষেধকৰ ছয় মাহিলী টিকাকৰণৰ স্থিতিৰ বিষযে পৰ্যালোচনা কৰা হয়। অন্যান্য বিষয়বোৰৰ ভিতৰত আছিল পশু ৰোগ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহক সহায় কৰা (এএছচিএডি), ভ্ৰাম্যমাণ পশু চিকিৎসা গোট (এমভিইউ) কাৰ্যকৰী কৰা আৰু "পশুকল্যাণ সমিতি" গঠনৰ অধীনৰ উপাদানসমূহ।

*****

SS/MK/BB


(Release ID: 2054501) Visitor Counter : 38


Read this release in: English , Urdu , Hindi , Odia , Tamil