স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

সন্দেহজনক এমপক্স ৰোগৰ পৰীক্ষা চলি আছে; ৰোগীক পৃথক কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে

प्रविष्टि तिथि: 08 SEP 2024 3:48PM by PIB Guwahati

শেহতীয়াকৈ মাংকিপক্সৰ প্ৰাদুৰ্ভাৱ থকা এখন দেশৰ পৰা ভ্ৰমণ কৰা এজন যুৱক এমপক্সত আক্ৰান্ত বুলি সন্দেহ কৰা হৈছে। ৰোগীগৰাকীক এখন নিৰ্ধাৰিত চিকিৎসালয়ত পৃথকে ৰখা হৈছে আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান স্থিৰ বুলি জানিব পৰা গৈছে।

এমপিঅ'এছৰ উপস্থিতি নিশ্চিত কৰিবলৈ ৰোগীৰ নমুনা পৰীক্ষা কৰা হৈছে। প্ৰতিষ্ঠিত প্ৰটোকল অনুসৰি ৰোগৰ সাম্ভাব্য উৎস চিনাক্ত কৰাৰ লগতে দেশৰ ভিতৰত প্ৰভাৱ মূল্যাঙ্কন কৰিবলৈ যোগাযোগ অনুসৰণ অব্যাহত আছে।

পূৰ্বতে এনচিডিচিয়ে কৰা বিপদৰ মূল্যায়নৰ সৈতে মিল আছে আৰু এই ৰোগ সন্দৰ্ভত কোনো অযথা চিন্তাৰ কাৰণ নাই। এনে ভ্ৰমণ সম্পৰ্কীয় পৰিঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ দেশখন সম্পূৰ্ণৰূপে সাজু আছে আৰু যিকোনো সম্ভাৱ্য বিপদ পৰিচালনা আৰু প্ৰশমনৰ বাবে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

 

*****

 

MV/AN


(रिलीज़ आईडी: 2053197) आगंतुक पटल : 99
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Khasi , Punjabi , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Tamil , Telugu , Malayalam