সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

১১ ছেপ্টেম্বৰত দিল্লীত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মিডিয়া সন্মিলন

সন্মিলনৰ মূল বিষয়বস্তু মননশীল যোগাযোগ আৰু সংঘাত পৰিহাৰ কৰা

সন্মিলনৰ লক্ষ্য হৈছে সমগ্ৰ এছিয়াত বৌদ্ধ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলৰ মাজত নেটৱৰ্ক স্থাপন কৰা

Posted On: 09 SEP 2024 11:34AM by PIB Guwahati

আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘ (আইবিচি) আৰু বিবেকানন্দ আন্তৰ্জাতিক ফাউণ্ডেশ্যনে (ভিআইএফ) “সংঘাত পৰিহাৰ আৰু বহনক্ষম উন্নয়নৰ বাবে মননশীল যোগাযোগ” বিষয়ক দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মিডিয়া সন্মিলনৰ প্ৰস্তুতি চলাইছে৷ সন্মিলনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক শ্ৰী বাইচুং ভুটিয়া। এই অনন্য অনুষ্ঠানটো ১১ ছেপ্টেম্বৰ ২০২৪ত নতুন দিল্লীৰ ভিআইএফত অনুষ্ঠিত হ'ব। সন্মিলনত মুল ভাষণ প্ৰদান কৰিব ভিআইএফৰ অধ্যক্ষ শ্ৰী গুৰুমূৰ্তিয়ে। অনুষ্ঠানত ১৮খন দেশৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মিডিয়া সন্মিলনৰ প্ৰধান উদ্দেশ্য হৈছে বৌদ্ধ শিক্ষাক নব্য সংবাদ মাধ্যমৰ বিভিন্ন পদ্ধতিৰ সৈতে কেনেকৈ সমন্বয় সাধন কৰি বিশ্ব সংকটৰ সৈতে মোকাবিলা আৰু মিডিয়া প্ৰতিষ্ঠানসমূহৰ ওপৰত আস্থা বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে গুৰুত্ব আৰোপ কৰা৷ এই সন্মিলনৰ লক্ষ্য হৈছে নৈতিক সাংবাদিকতাৰ পোষকতা কৰা, মননশীল যোগাযোগক প্ৰসাৰ কৰা আৰু সমগ্ৰ এছিয়াত বৌদ্ধ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলৰ মাজত নেটৱৰ্ক স্থাপন কৰা।

প্ৰথমখন সন্মিলনত ১২খন দেশৰ বৌদ্ধ সাংবাদিক আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিকে ধৰি প্ৰায় ১৫০জন প্ৰতিনিধি একত্ৰিত হৈ বৌদ্ধ নীতিসমূহক সংবাদ মাধ্যমৰ প্ৰথাৰ সৈতে খাপ খুওৱাৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰে।

***

BY/SKT/DB



(Release ID: 2053194) Visitor Counter : 20