প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পোলেণ্ডৰ ৱাৰশ্ব’ত ভাৰতীয় সমূদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Posted On:
22 AUG 2024 4:45AM by PIB Guwahati
ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!
নমস্কাৰ, কেম চ? ৱনক্কম! সাত শ্ৰী আকাল! জিন ডোবৰী!
এই দৃশ্যটো সঁচাকৈয়ে আচৰিত আৰু আপোনালোকৰ উৎসাহো আচৰিত। মই ইয়ালৈ ভৰি দিয়াৰ পৰাই আপোনালোক ভাগৰুৱা যেন দেখা নাই৷ আপোনালোক সকলোৱে পোলেণ্ডৰ বিভিন্ন ঠাইৰ পৰা আহিছে, বিভিন্ন ভাষা, উপভাষা আৰু আপোনালোক খাদ্যাভাস পৃথক। কিন্তু সকলোকে ভাৰতীয়ত্ববোধেৰে বান্ধ খাই আছে। আপোনালোকে মোক ইয়াত ইমান ভব্য আদৰণি জনাইছে যাৰ বাবে মই আপোনালোক সকলোকে আৰু পোলেণ্ডৰ জনসাধাৰণৰ প্ৰতি এই অভ্যৰ্থনাৰ বাবে অতিশয় কৃতজ্ঞতা জনাইছোঁ।
বন্ধুসকল,
যোৱা এসপ্তাহ ধৰি আপোনালোক সকলোৱে ভাৰতীয় সংবাদ মাধ্যমৰ কেন্দ্ৰবিন্দু হৈ আছে। পোলেণ্ডৰ জনসাধাৰণৰ বিষয়ে বহু আলোচনা হৈছে, পোলেণ্ডৰ বিষয়েও বহু কথাই শ্বেয়াৰ কৰা হৈছে। ইয়াৰ উপৰিও এটা শিৰোনাম প্ৰচাৰিত হৈ আছে আৰু সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে ৪৫ বছৰৰ পিছত ভাৰতৰ এজন প্ৰধানমন্ত্ৰী পোলেণ্ডলৈ আহিছে। বহু ভাল কাম মোৰ ভাগ্যত আছে। মাত্ৰ কেইমাহমানৰ আগতে মই অষ্ট্ৰিয়ালৈ গৈছিলো, য’ত ভাৰতৰ প্ৰধানমন্ত্ৰী এজন অহাৰ চাৰি দশক পাৰ হ’ল। এনে বহু দেশ আছে য’ত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে দশক দশক ধৰি ভ্ৰমণ কৰা নাই। কিন্তু এতিয়া পৰিস্থিতি সুকীয়া। দশক দশক ধৰি ভাৰতৰ নীতি আছিল সকলো দেশৰ পৰা সমান দূৰত্ব বজাই ৰখা। আজিৰ ভাৰতৰ নীতি হৈছে সকলো দেশৰ সৈতে সমান ঘনিষ্ঠতা বজাই ৰখা। আজিৰ ভাৰতে সকলোৰে সৈতে সংযোগ স্থাপন কৰিব বিচাৰে, আজিৰ ভাৰতে সকলোৰে বিকাশৰ কথা কয়, আজিৰ ভাৰতে সকলোৰে লগত থিয় দি সকলোৰে স্বাৰ্থৰ কথা চিন্তা কৰে। আমি গৌৰৱান্বিত যে আজি বিশ্বই ভাৰতক ‘বিশ্ব বন্ধু’ (বিশ্ব বন্ধু) হিচাপে সন্মান জনাইছে। ইয়াত আপোনালোকেও এইটো অনুভৱ কৰিছে নহয়নে? মোৰ কথা সঁচানে?
বন্ধুসকল,
আমাৰ বাবে এইটো কেৱল ভূ-ৰাজনীতিৰ কথা নহয়, বৰঞ্চ মূল্যবোধ আৰু পৰম্পৰাৰ কথা। যিসকলৰ আন ঠাইত ঠাই নাছিল, ভাৰতে তেওঁলোকক নিজৰ হৃদয়ত আৰু নিজৰ মাটিত স্থান দিছিল। এয়া আমাৰ ঐতিহ্য, যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰে। ভাৰতৰ এই চিৰন্তন মনোভাৱৰ সাক্ষী হৈ আহিছে পোলেণ্ড। আজিও পোলেণ্ডৰ সকলোৱে আমাৰ জাম চাহেবক ‘ডোবৰী’ বা ভাল মহাৰাজ বুলি চিনি পায়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যেতিয়া পোলেণ্ডক সমস্যাৰে ঘেৰি ধৰিছিল, যেতিয়া হাজাৰ হাজাৰ পোলেণ্ডৰ মহিলা আৰু শিশুৱে আশ্ৰয় বিচাৰি ঘূৰি ফুৰিছিল, তেতিয়া জাম চাহেব, দিগ্বিজয় সিং ৰঞ্জিৎ সিং জাডেজা আগবাঢ়ি আহিছিল। তেওঁ পোলেণ্ডৰ মহিলা আৰু শিশুৰ বাবে এটা বিশেষ শিবিৰ স্থাপন কৰিছিল। জাম চাহেবে শিবিৰত থকা পোলেণ্ডৰ ল’ৰা-ছোৱালীসকলক ক’লে যে নৱানগৰৰ মানুহে মোক ‘বাপু,’ (পিতা) বুলি কোৱাৰ দৰে, একেদৰে মইও তোমালোকৰ ‘বাপু’৷
বন্ধুসকল,
জাম চাহেবৰ পৰিয়ালৰ সৈতে মোৰ ঘনিষ্ঠ সম্পৰ্ক আছে আৰু তেওঁলোকে মোৰ প্ৰতি অপৰিসীম মৰম দেখুৱাইছে। আনকি কেইমাহমান আগতেও মই বৰ্তমানৰ জাম চাহেবক লগ কৰিবলৈ গৈছিলো। এতিয়াও তেওঁৰ কোঠাত পোলেণ্ডৰ লগত জড়িত এখন ছবি আছে। আৰু জাম চাহেবে ৰখা পথটোক পোলেণ্ডে জীয়াই ৰখা দেখি মোৰ মনটো ভাল লাগে। দুটা দশকৰ আগতে যেতিয়া জামনগৰকে ধৰি গুজৰাটত এটা ভয়াৱহ ভূমিকম্প হৈছিল, তেতিয়া পোলেণ্ড সহায় কৰিবলৈ আগবাঢ়ি অহা প্ৰথম দেশসমূহৰ ভিতৰত অন্যতম আছিল। পোলেণ্ডৰ জনসাধাৰণেও জাম চাহেব আৰু তেওঁৰ পৰিয়ালক অতিশয় শ্ৰদ্ধা জনাইছে। ৱাৰ্ছৰ ‘গুড মহাৰাজা চৌহদ’ত এই স্নেহ স্পষ্টকৈ দেখা যায়। মাত্ৰ কিছু সময়ৰ আগতে ডোবৰী মহাৰাজা স্মাৰক আৰু কলহাপুৰ স্মাৰক দৰ্শন কৰাৰ সৌভাগ্য হ’ল। এই অবিস্মৰণীয় মুহূৰ্তত কিছু তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। ভাৰতে আৰম্ভ কৰিবলৈ ওলাইছে জাম চাহেব সোঁৱৰণী যুৱ বিনিময় কাৰ্যসূচী। এই কাৰ্যসূচীৰ অধীনত প্ৰতি বছৰে ২০ জন পোলেণ্ডৰ যুৱক-যুৱতীক ভাৰতলৈ নিমন্ত্ৰণ কৰা হ'ব। ইয়াৰ দ্বাৰা পোলেণ্ডৰ যুৱক-যুৱতীসকলে ভাৰতক বুজিবলৈ অধিক সুযোগ লাভ কৰিব।
বন্ধুসকল,
ইয়াত কলহাপুৰ স্মৃতিসৌধতো পোলেণ্ডৰ ৰাইজে কলহাপুৰৰ মহান ৰাজ পৰিয়াললৈ শ্ৰদ্ধাঞ্জলি জনাইছে। মহাৰাষ্ট্ৰৰ নাগৰিক আৰু মাৰাঠী সংস্কৃতিৰ প্ৰতি পোলেণ্ডৰ জনসাধাৰণে প্ৰকাশ কৰা এক সন্মান। মাৰাঠী সংস্কৃতিত মানৱতাৰ চৰ্চাই সৰ্বোচ্চ অগ্ৰাধিকাৰ লাভ কৰে। ছত্রপতি শিৱাজী মহাৰাজৰ পৰা অনুপ্ৰাণিত হৈ কলহাপুৰৰ ৰাজ পৰিয়ালে পোলেণ্ডৰ মহিলা আৰু শিশুসকলক বালিভাড়েত আশ্ৰয় দিছিল। তাত এটা বৃহৎ শিবিৰো স্থাপন কৰা হৈছিল। পোলেণ্ডৰ মহিলা আৰু শিশুসকলে যাতে কোনো ধৰণৰ কষ্টৰ সন্মুখীন নহয় তাৰ বাবে মহাৰাষ্ট্ৰৰ জনসাধাৰণে দিনে নিশাই কাম কৰিছিল।
বন্ধুসকল,
আজি মণ্টে কেচিনো মেম’ৰিয়েলত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগো পালোঁ। এই স্মৃতিসৌধে হাজাৰ হাজাৰ ভাৰতীয় সৈনিকৰ বলিদানৰ কথাও মনত পেলাই দিয়ে। ভাৰতীয়সকলে পৃথিৱীৰ প্ৰতিটো কোণত কেনেদৰে নিজৰ কৰ্তব্য পালন কৰিছে তাৰ প্ৰমাণ।
বন্ধুসকল,
প্ৰাচীন মূল্যবোধ আৰু ঐতিহ্যক লৈ গৌৰৱান্বিত একবিংশ শতিকাৰ ভাৰতে উন্নয়নৰ পথত আগবাঢ়িছে। ভাৰতীয়ই বিশ্বৰ আগত যি গুণ প্ৰমাণ কৰিছে, সেই গুণৰ বাবে আজি বিশ্বই ভাৰতক স্বীকৃতি দিছে। আমি ভাৰতীয়সকল আমাৰ প্ৰচেষ্টা, উৎকৃষ্টতা আৰু সহানুভূতিৰ বাবে পৰিচিত। আমি পৃথিৱীৰ য’তেই যাওঁ, আমি ভাৰতীয়সকলে সৰ্বাধিক প্ৰচেষ্টা চলোৱা দেখা যায়। উদ্যোগীকৰণেই হওক, যত্নবান ব্যক্তিয়েই হওক, আমাৰ সেৱা খণ্ডই হওক, ভাৰতীয়সকলে নিজৰ প্ৰচেষ্টাৰে স্বদেশৰ নাম উজলাইছে। মই আপোনালোকৰ কথা কৈছোঁ। আপোনালোকে হয়তো ভাবিব যে মই তৃতীয়খন দেশৰ কথা কৈছো৷ ভাৰতীয়সকলেও নিজৰ উৎকৃষ্টতাৰ বাবে সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছে। আই টি খণ্ডই হওক বা ভাৰতীয় চিকিৎসকেই হওক, সকলোৱে নিজৰ উৎকৃষ্টতাৰে জিলিকি আছে। আৰু মোৰ ঠিক সন্মুখতে এটা বৃহৎ দল উপস্থিত আছে।
বন্ধুসকল,
ভাৰতীয়ৰ আন এক পৰিচয় হ’ল আমাৰ সহানুভূতি৷ যিকোনো দেশত যেতিয়াই সংকটৰ সৃষ্টি হয় তেতিয়াই ভাৰতেই প্ৰথমে সহায়ৰ হাত আগবঢ়ায়। ১০০ বছৰৰ ভিতৰত সৰ্ববৃহৎ দুৰ্যোগ ক’ভিডে যেতিয়া আঘাত হানিছিল, তেতিয়া ভাৰতে কৈছিল, ‘মানৱতা প্ৰথম।’ আমি ১৫০খনতকৈও অধিক দেশলৈ ঔষধ আৰু ভেকচিন পঠিয়াইছিলো। যেতিয়াই পৃথিৱীৰ যিকোনো ঠাইত ভূমিকম্প হয়, বা কোনো প্ৰাকৃতিক দুৰ্যোগ হয়, ভাৰতৰ মন্ত্ৰ হ’ল ‘মানৱতা প্ৰথম।’ যুদ্ধই হওক বা অন্যান্য কাৰণতে হওক, ভাৰতে কয়, ‘মানৱতা প্ৰথম’ আৰু এই মনোভাৱেৰে ভাৰতে বিশ্বজুৰি মানুহক সহায় কৰে। ভাৰত সদায় প্ৰথম সঁহাৰিদাতা হিচাপে আত্মপ্ৰকাশ কৰে।
বন্ধুসকল,
ভাৰত বুদ্ধৰ ঐতিহ্যৰ ভূমি। আৰু বুদ্ধৰ কথা আহিলে যুদ্ধৰ কথা নহয়, শান্তিৰ কথা আহে৷ গতিকে এই অঞ্চলত বহনক্ষম শান্তিৰ বাবে ভাৰতে পোষকতা কৰে। ভাৰতৰ স্থিতি অতি স্পষ্ট–এয়া যুদ্ধৰ যুগ নহয়৷ মানৱতাৰ প্ৰতি থকা বৃহৎ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ একত্ৰিত হোৱাৰ সময় আহি পৰিছে। সেয়ে ভাৰতে কূটনীতি আৰু আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বন্ধুসকল,
ইউক্ৰেইনত আবদ্ধ হৈ থকা আমাৰ ল’ৰা-ছোৱালীক আপুনি যিদৰে সহায় কৰিছিল, সেয়া আমি সকলোৱে দেখিছিলো। আপোনালোকে তেওঁলোকক ভালদৰে সেৱা আগবঢ়াইছিল। আপোনালোকে লেংগাৰ স্থাপন কৰিলে, আপোনালোকৰ ঘৰ খোলা ৰাখিলে, আনকি ৰেষ্টুৰেণ্টো খুলিলে। আনকি পোলেণ্ড চৰকাৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিছাৰ নিষেধাজ্ঞাও ৰেহাই দিছিল। পোলেণ্ডে আমাৰ ল’ৰা-ছোৱালীৰ বাবে সম্পূৰ্ণ আন্তৰিকতাৰে দুৱাৰ মুকলি কৰি দিলে। আজিও যেতিয়া মই ইউক্ৰেইনৰ পৰা উভতি অহা ল’ৰা-ছোৱালীক লগ পাইছো, তেতিয়া তেওঁলোকে পোলেণ্ডৰ জনসাধাৰণ আৰু আপোনালোকক বহুত প্ৰশংসা কৰে। সেয়ে আজি ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোক সকলোকে আৰু পোলেণ্ডবাসীক প্ৰশংসা কৰিছো। আপোনালোকক প্ৰণাম জনাইছো।
বন্ধুসকল,
ভাৰত আৰু পোলেণ্ডৰ সমাজৰ মাজত বহু সাদৃশ্য আছে। এটা ডাঙৰ সাদৃশ্য হ’ল আমাৰ গণতন্ত্ৰ। ভাৰত কেৱল গণতন্ত্ৰৰ মাতৃ নহয় বৰঞ্চ এক অংশগ্ৰহণমূলক আৰু সজীৱ গণতন্ত্ৰ। গণতন্ত্ৰৰ প্ৰতি ভাৰতবাসীৰ অটল বিশ্বাস আছে। এই বিশ্বাস আমি শেহতীয়া নিৰ্বাচনত দেখিছিলো। এইবোৰ আছিল ইতিহাসৰ আটাইতকৈ ডাঙৰ নিৰ্বাচন। শেহতীয়াকৈ ইউৰোপীয় সংঘতো নিৰ্বাচন অনুষ্ঠিত হৈছিল, য’ত প্ৰায় ১৮ কোটি ভোটাৰে ভোটদান কৰিছিল। ভাৰতত প্ৰায় ৬৪ কোটি ভোটাৰে অংশগ্ৰহণ কৰিছিল, যিটো সংখ্যাৰ তিনিগুণতকৈও অধিক। ভাৰতৰ এই নির্বাচনত হাজাৰ হাজাৰ ৰাজনৈতিক দলে অংশগ্রহণ কৰিছিল৷ প্ৰায় ৮ হাজাৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ৫০ লাখতকৈ অধিক ভোটিং মেচিন, ১০ লাখতকৈ অধিক ভোটগ্ৰহণ কেন্দ্ৰ আৰু ১.৫ কোটিতকৈ অধিক কৰ্মচাৰীৰ সৈতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত পৰিচালনা, দক্ষতা আৰু আস্থাৰ পৰিসৰ ভাৰতৰ আটাইতকৈ ডাঙৰ শক্তি। সমগ্ৰ বিশ্বৰ মানুহে এই সংখ্যাবোৰ শুনিলে আচৰিত হৈ পৰে।
বন্ধুসকল,
আমি ভাৰতীয়সকলে বৈচিত্ৰ্যৰ সৈতে কেনেকৈ জীয়াই থাকিব লাগে আৰু ইয়াক কেনেকৈ উদযাপন কৰিব লাগে জানো। আৰু সেইবাবেই আমি যিকোনো সমাজৰ লগত সহজেই মিলি যাওঁ। পোলেণ্ডত ভাৰতৰ বিষয়ে জানিব পৰা আৰু বুজি পোৱাৰ এক দীৰ্ঘদিনীয়া পৰম্পৰা আছে। ইয়াৰ বিশ্ববিদ্যালয়সমূহতো এই কথা স্পষ্ট হৈ পৰিছে। আপোনালোকৰ বহুতেই নিশ্চয় ৱাৰশ্ব’ বিশ্ববিদ্যালয়ৰ মূল পুথিভঁৰাললৈ গৈছে। তাতে ভাগৱত আৰু উপনিষদৰ উদ্ধৃতিই আমাৰ সকলোকে শুভেচ্ছা জনাইছে। ইয়াত তামিল আৰু সংস্কৃতৰ দৰে ভাৰতীয় ভাষা অধ্যয়ন কৰা বহু লোক আছে। ইয়াৰ উৎকৃষ্ট বিশ্ববিদ্যালয়সমূহত ভাৰতীয় অধ্যয়নৰ সৈতে জড়িত আসনো আছে। পোলেণ্ড আৰু ভাৰতীয়সকলৰো কাবাডীৰ জৰিয়তে সংযোগ আছে। আপোনালোকে জানে যে ভাৰতৰ প্ৰতিখন গাঁৱতে কাবাডী খেলা হয়। এই খেলখন ভাৰতৰ পৰা পোলেণ্ড পালে আৰু পোলেণ্ডৰ জনসাধাৰণে কাবাডীক নতুন উচ্চতালৈ লৈ গৈছে। পোলেণ্ডে একেৰাহে দুবছৰ ধৰি ইউৰোপীয় কাবাডী চেম্পিয়ন হৈ আহিছে। মোক জনোৱা হৈছে যে ২৪ আগষ্টৰ পৰা পুনৰ কাবাডী চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব আৰু প্ৰথমবাৰৰ বাবে পোলেণ্ডে এই প্ৰতিযোগিতা আয়োজন কৰিছে। আপোনালোকৰ জৰিয়তে পোলেণ্ডৰ কাবাডী দললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
বন্ধুসকল,
শেহতীয়াকৈ আপোনালোকে ইয়াত স্বাধীনতাৰ উৎসৱ পালন কৰিলে। আমাৰ স্বাধীনতা সংগ্ৰামীসকলে স্বাধীনতা আন্দোলনৰ সময়ত এখন সমৃদ্ধিশালী ভাৰতৰ সপোন দেখিছিল। আজি প্ৰতিজন ভাৰতীয়ই সেই সপোন পূৰণৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। ভাৰতে ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ (উন্নত ভাৰত) হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।আমাৰ দেশ সেই দিশত আগবাঢ়িছে। সেয়েহে আজিৰ ভাৰতে অভূতপূৰ্ব পৰিসৰ, গতি আৰু সমাধানৰ ওপৰত কাম কৰি আছে। ভাৰতত যি পৰিসৰ আৰু গতিবেগেৰে ৰূপান্তৰ ঘটিছে সেয়া আপোনাক গৌৰৱান্বিত কৰিব। মই কও নেকি? বিগত ১০ বছৰত ভাৰতৰ ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে। ২৫ কোটি লোক, যিটো ফ্ৰান্স, জাৰ্মানী আৰু ব্ৰিটেইনৰ মুঠ জনসংখ্যাতকৈ অধিক। ১০ বছৰত দৰিদ্ৰ লোকৰ বাবে ৪ কোটি পকী ঘৰ নিৰ্মাণ কৰা হৈছে আৰু আমি আৰু ৩ কোটি ঘৰ নিৰ্মাণ কৰিবলৈ ওলাইছো। আৰু যদি আজি পোলেণ্ডত ১ কোটি ৪০ লাখ পৰিয়াল আছে তেন্তে আমি মাত্ৰ এটা দশকতে প্ৰায় তিনিখন নতুন পোলেণ্ডৰ সমতুল্য ঘৰ নিৰ্মাণ কৰিছো। আমি আৰ্থিক অন্তৰ্ভুক্তিক পৰৱৰ্তী পৰ্যায়লৈ লৈ গৈছো। ১০ বছৰত আমি ভাৰতত ৫০ কোটি জন ধনৰ বেংক একাউণ্ট খুলিছো। এই সংখ্যা ইউৰোপীয় সংঘৰ সমগ্ৰ জনসংখ্যাতকৈ অধিক। ইউপিআইৰ জৰিয়তে ভাৰতত দৈনিক ডিজিটেল লেনদেন ইউৰোপীয় সংঘৰ জনসংখ্যাৰ সমান। ইউৰোপীয় সংঘৰ মুঠ জনসংখ্যাতকৈ অধিক ভাৰতীয়ই চৰকাৰৰ পৰা ৫,০০,০০০ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমা লাভ কৰে। যোৱা দশকত ভাৰতত ব্ৰডবেণ্ড ব্যৱহাৰকাৰীৰ সংখ্যা ৬ কোটিৰ পৰা ৯৪ কোটিৰ ওপৰলৈ বৃদ্ধি পাইছে। ইউৰোপ আৰু আমেৰিকাৰ জনসংখ্যাক একত্ৰিত কৰিলে ভাৰতত আজি ব্ৰডবেণ্ড ব্যৱহাৰ কৰা লোকৰ সংখ্যা মোটামুটি হ’ব৷ বিগত দশকত প্ৰায় ৭,০০,০০০ কিলোমিটাৰ অপটিকেল ফাইবাৰ স্থাপন কৰা হৈছে। পৃথিৱীখনক সত্তৰবাৰ ঘূৰিবলৈ এইখিনিয়েই যথেষ্ট। দুবছৰৰ ভিতৰত ভাৰতে প্ৰতিখন জিলাত ৫জি নেটৱৰ্ক স্থাপন কৰিছে। এতিয়া, আমি মেড ইন ইণ্ডিয়া ৬জি নেটৱৰ্কৰ কাম কৰি আছো।
বন্ধুসকল,
ভাৰতৰ ৰূপান্তৰৰ পৰিসৰ ৰাজহুৱা পৰিবহণতো স্পষ্ট হৈ পৰিছে। ২০১৪ চনত ভাৰতৰ ৫ খন চহৰত অপাৰেচনেল মেট্ৰ’ আছিল।আজি ২০ খন চহৰত অপাৰেচনেল মেট্ৰ’ আছে। ভাৰতত প্ৰতিদিনে মেট্ৰ’ৰে যাত্ৰা কৰা লোকৰ সংখ্যা পোলেণ্ডৰ জনসংখ্যাৰ এক তৃতীয়াংশৰ সমতুল্য।
বন্ধুসকল,
ভাৰতে যিয়েই নকৰক, ই এক নতুন অভিলেখ গঢ়ি তোলে, ইতিহাসৰ সৃষ্টি কৰে। আপোনালোকে দেখিছে যে ভাৰতে একেলগে ১০০ টাতকৈও অধিক উপগ্ৰহ উৎক্ষেপণ কৰিছিল, যিটো নিজৰ বাবে এক অভিলেখ। মাত্ৰ দুদিন পিছত ২৩ আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱস। আপোনালোকেও জানে নহয়নে? মনত আছেনে? আজিৰ দিনটোতে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত নিজৰ চন্দ্ৰযান অৱতৰণ কৰিছিল। ভাৰতে এনে এক স্থানত উপনীত হৈছে, য’ত আন কোনো দেশ উপনীত হ’ব পৰা নাই। আৰু সেই ঠাইৰ নাম শিৱ শক্তি। ভাৰত হৈছে বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ ইক’চিষ্টেম।
বন্ধুসকল,
বিশ্বৰ জনসংখ্যাত ভাৰতৰ অংশ প্ৰায় ১৬-১৭ শতাংশ, কিন্তু জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ বিকাশৰ ক্ষেত্ৰত ভাৰতৰ অংশ আগতে ইমান উল্লেখযোগ্য নাছিল। এতিয়া পৰিস্থিতি দ্ৰুতগতিত সলনি হৈছে। ২০২৩ চনত বিশ্বৰ বৃদ্ধিত ভাৰতৰ অংশীদাৰিত্ব ১৬ শতাংশ অতিক্ৰম কৰিছিল।আজি প্ৰতিটো বৈশ্বিক সংস্থা আৰু প্ৰতিষ্ঠানে ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ পূৰ্বানুমান কৰিছে আৰু এইসকল জ্যোতিষী নহয়; তেওঁলোকৰ গণনা পৰিসংখ্যা আৰু ভৌতিক বাস্তৱতাৰ ওপৰত ভিত্তি কৰি কৰা হয়। ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পৰা বহু দূৰত নহয়। মই মোৰ দেশৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছো যে মোৰ তৃতীয় কাৰ্যকালত ভাৰত তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব। অনাগত বছৰবোৰত বিশ্বই ভাৰতৰ প্ৰচণ্ড অৰ্থনৈতিক উত্থানৰ সাক্ষী হ’বলৈ গৈ আছে। ডিজিটেল আন্তঃগাঁথনিৰ বাবে ভাৰত এই দশকৰ শেষৰ ফালে ৮ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ পৰিণত হ’ব বুলি নাছকমে অনুমান কৰিছে। নাছকম আৰু বষ্টন কনছালটিং গ্ৰুপে অনুমান কৰিছে যে অহা ৩-৪ বছৰত ভাৰতৰ এআই বজাৰ ৩০-৩৫ শতাংশ গতিৰে বৃদ্ধি পাব। ভাৰতক লৈ সকলোতে অভূতপূৰ্ব ইতিবাচকতা দেখা গৈছে। আজি ভাৰতে অৰ্ধপৰিবাহী অভিযান, গভীৰ মহাসাগৰ মিছন, ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান, ৰাষ্ট্ৰীয় কোৱাণ্টাম অভিযান আৰু এআই মিছনৰ কাম কৰি আছে যাতে ভাৰত আগন্তুক বহু দশকলৈ আগবাঢ়ি থাকে। অদূৰ ভৱিষ্যতে মহাকাশ কেন্দ্ৰ স্থাপনৰ বাবেও প্ৰস্তুতি চলাইছে ভাৰতে। আৰু সেই দিনটো বেছি দূৰত নহয় যেতিয়া আপোনালোকে ভাৰতীয় মহাকাশচাৰীক মেড-ইন-ইণ্ডিয়া গগনযানত মহাকাশ ভ্ৰমণ কৰা দেখিব।
বন্ধুসকল,
ভাৰতৰ আজি সমগ্ৰ কেন্দ্ৰবিন্দু হৈছে গুণগত উৎপাদন আৰু মানসম্পন্ন জনশক্তিৰ ওপৰত। এই দুটা কথা বিশ্ব যোগান শৃংখলৰ বাবে অতি প্ৰয়োজনীয়। শেহতীয়া বাজেটত আমি আমাৰ যুৱক-যুৱতীসকলৰ বাবে দক্ষতা আৰু চাকৰি সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। আমাৰ বহু সংখ্যক যুৱক-যুৱতী শিক্ষাৰ বাবে ইয়াত আছে। ভাৰতক শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবেও আমি কাম কৰি আছো।
বন্ধুসকল,
প্ৰযুক্তিয়েই হওক, চিকিৎসা সেৱাই হওক, শিক্ষাই হওক, প্ৰতিটো খণ্ডতে বিশ্বৰ বাবে দক্ষ জনশক্তি সৃষ্টিৰ দায়িত্ব গ্ৰহণ কৰিছে ভাৰতে। স্বাস্থ্য খণ্ডৰ পৰা এটা উদাহৰণ দিওঁ। যোৱা ১০ বছৰত আমি ভাৰতত ৩০০ৰো অধিক নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছো। যোৱা ১০ বছৰত ভাৰতত চিকিৎসা আসনৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে। ১০ বছৰত দুগুণ! এই ১০ বছৰত আমি আমাৰ চিকিৎসা ব্যৱস্থাত ৭৫ হাজাৰ নতুন আসন সংযোজন কৰিছো। এতিয়া আমি অহা পাঁচ বছৰত আৰু ৭৫ হাজাৰ চিকিৎসা আসন সংযোজন কৰাৰ লক্ষ্য লৈছো। ইয়াৰ দ্বাৰা গুণগত স্বাস্থ্য সেৱা প্ৰদানকাৰী হিচাপে ভাৰতৰ ভূমিকা শক্তিশালী হ’ব। আৰু বিশ্বৰ বাবে আমাৰ এটাই বাৰ্তা আছে—অতি সোনকালে আমি ক'ম, "ভাৰতত সুস্থ হওক।" তাৰ বাবে আমি প্ৰস্তুতি চলাইছো।
বন্ধুসকল,
ভাৰত আৰু পোলেণ্ড উভয়ৰে বিকাশৰ আঁৰৰ শক্তি হৈছে উদ্ভাৱন আৰু যুৱক-যুৱতী। আজি বহুত ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভাৰত আৰু পোলেণ্ডে সামাজিক সুৰক্ষা চুক্তিৰ ওপৰত সহমতত উপনীত হৈছে, যাৰ ফলত আপোনালোকৰ দৰে বন্ধু-বান্ধৱীসকল লাভৱান হ’ব।
বন্ধুসকল,
ভাৰতৰ জ্ঞান বিশ্বজনীন, ভাৰতৰ দৃষ্টিভংগী বিশ্বজনীন, ভাৰতৰ সংস্কৃতি বিশ্বজনীন, ভাৰতৰ যত্ন আৰু মমতা বিশ্বজনীন। আমাৰ পূৰ্বপুৰুষসকলে আমাক "বসুধৈৱ কুটুম্বকম" (পৃথিৱী এক পৰিয়াল) মন্ত্ৰ দিছিল। আমি সদায় সমগ্ৰ বিশ্বক এক পৰিয়াল হিচাপে গণ্য কৰি আহিছো। আৰু এই কথা আজি ভাৰতৰ নীতি আৰু সিদ্ধান্তত প্ৰতিফলিত হৈছে। জি-২০ৰ সময়ত ভাৰতে এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যতৰ আহ্বান জনাইছিল। এই মনোভাৱে একবিংশ শতিকাৰ বিশ্বৰ উন্নত ভৱিষ্যতৰ নিশ্চয়তা প্ৰদান কৰে। ভাৰতে এক সূৰ্য্য, এক পৃথিৱী, এক গ্ৰীডৰ ধাৰণাৰে বিশ্বক সংযোগ কৰিব বিচাৰিছে। ভাৰতেই এক পৃথিৱী, এক স্বাস্থ্যক এখন সুস্থ পৃথিৱীৰ নিশ্চয়তা হিচাপে দেখে। এক স্বাস্থ্যৰ অৰ্থ হ’ল সামগ্ৰিক মংগলৰ পদ্ধতি, য’ত আমাৰ জীৱ-জন্তু, উদ্ভিদ আৰু সকলোৰে স্বাস্থ্য অন্তৰ্ভুক্ত হ’ব লাগে। বৰ্তমান বিশ্বৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক স্বাস্থ্য নীতি আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। ভাৰতে বিশ্ববাসীক মিছন লাইফে—পৰিৱেশৰ বাবে জীৱনশৈলীৰ আৰ্হি উপহাৰ দিছে। ভাৰতত এটা ডাঙৰ অভিযান চলি থকাৰ কথা নিশ্চয় শুনিছে। ই হ’ল – এক পেড় মা কে নাম (মাকৰ নামত গছ ৰোপণৰ অভিযান)। লাখ লাখ ভাৰতীয়ই নিজৰ মাতৃৰ নামত গছপুলি ৰোপণ কৰিছে, যিয়ে পৃথিৱী মাতৃকো ৰক্ষা কৰি আছে।
বন্ধুসকল,
অৰ্থনীতি আৰু পৰিৱেশ বিজ্ঞানৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আজি ভাৰতৰ বাবে অগ্ৰাধিকাৰ। উন্নত দেশ আৰু নেট-জিৰ’ দেশ দুয়োটাৰে সংকল্প লৈ আগবাঢ়িছে ভাৰত৷ ভাৰতে সেউজ ভৱিষ্যতৰ বাবে ৩৬০ ডিগ্ৰী পদ্ধতিৰ ওপৰত কাম কৰি আছে। সেউজ গতিশীলতা ইয়াৰ এক উদাহৰণ। আমি পেট্ৰ’লত ২০ শতাংশ ইথানল মিশ্ৰণ লাভ কৰাৰ অতি ওচৰ চাপিছো। ভাৰতে দ্ৰুতগতিত বৈদ্যুতিক গতিশীলতা সম্প্ৰসাৰণ কৰি আছে। আজি ভাৰতত প্ৰতি বছৰে বৈদ্যুতিক বাহনৰ বিক্ৰী দ্ৰুতগতিত বৃদ্ধি পাইছে। যোৱা বছৰ ভাৰতত ইভিৰ বিক্ৰী ৪০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। ভাৰত ইভি নিৰ্মাণ আৰু উদ্ভাৱনৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে পৰিগণিত হ’বলগীয়া দিনটো বহু দূৰত নহয়। অদূৰ ভৱিষ্যতে ভাৰতক সেউজ হাইড্ৰজেনৰ এক প্ৰধান বিশ্ব কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাও আপোনালোকে দেখিব।
বন্ধুসকল,
মই আনন্দিত যে ভাৰত আৰু পোলেণ্ডৰ অংশীদাৰিত্ব নতুন প্ৰযুক্তি আৰু স্বচ্ছ শক্তিৰ দৰে ক্ষেত্ৰত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। বহু ভাৰতীয় কোম্পানীয়ে ইয়াত বিনিয়োগ কৰি চাকৰিৰ সৃষ্টি কৰিছে। ভাৰতত বহু পোলেণ্ডৰ কোম্পানীয়ে সুযোগ সৃষ্টি কৰিছে। কাইলৈ ৰাষ্ট্ৰপতি ডুডা আৰু প্ৰধানমন্ত্ৰী টাস্কক সাক্ষাৎ কৰিম। এই বৈঠকসমূহে ভাৰত আৰু পোলেণ্ডৰ উৎকৃষ্ট অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰী টাস্ক ভাৰতৰ অতি ভাল বন্ধু। তেওঁ যেতিয়া ইউৰোপীয় পৰিষদৰ সভাপতি আছিল, তেতিয়া তেওঁক কেইবাবাৰো লগ পাইছিলোঁ।
বন্ধুসকল,
আজিৰ ভাৰতে এক কণ্ঠ আৰু এক আৱেগেৰে এক উন্নত ভৱিষ্যত লিখিবলৈ কাম কৰি আছে। আজি ভাৰত এখন সুযোগৰ ভূমি। আপোনালোকেও ভাৰতৰ বিকাশৰ কাহিনীৰ সৈতে অধিক আৰু অধিক সংযোগ স্থাপন কৰিব লাগিব। আৰু ভাৰতৰ পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰো হ’ব লাগিব৷ তাৰ অৰ্থ কি? তাৰ মানে তাজমহলৰ সন্মুখত বহি নিজৰ ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিব লাগে। ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰ অৰ্থ হ’ল প্ৰতি বছৰে কমেও পাঁচটা পোলেণ্ডৰ পৰিয়ালক ভাৰতলৈ পঠিয়াব লাগিব ভ্ৰমণৰ বাবে। কৰিবনে? মই আপোনালোকক অন্ততঃ ইমানখিনি হোমৱৰ্ক দিয়া উচিত নহয়নে? আপোনালোকৰ প্ৰতিটো প্ৰচেষ্টাই আপোনালোকৰ ভাৰতক ‘বিকশিত ভাৰত’ হিচাপে গঢ়ি তোলাত সহায় কৰিব।
বন্ধুসকল,
আকৌ এবাৰ আপোনালোক সকলোকে ইয়ালৈ অহাৰ বাবে আৰু এই সুন্দৰ আদৰণিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো। মোৰ লগত সকলোৱে কওক:
ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!
সকলোকে বহুত বহুত ধন্যবাদ।
***
MJPS/RT/VK/AK/MS
(Release ID: 2051223)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam