কেবিনেট

ভাৰত অৰ্ধপৰিবাহী মিছনৰ (আইএছএম) অধীনত আৰু এটা অৰ্ধপৰিবাহী গোটৰ বাবে কেবিনেটৰ অনুমোদন

ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰৰ বিকাশৰ ধাৰাবাহিক গতি

Posted On: 02 SEP 2024 3:32PM by PIB Guwahati

অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰ বিকশিত কৰাৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে গুজৰাটৰ সানন্দত অৰ্ধপৰিবাহী গোট স্থাপনৰ বাবে কাইনেছ ছেমিকন প্ৰাইভেট লিমিটেডৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

প্ৰস্তাৱিত গোটটো ৩,৩০০ কোটি টকাৰ বিনিয়োগেৰে স্থাপন কৰা হ'ব। এই গোটটোৰ ক্ষমতা প্ৰতিদিনে ৬০ লাখ চিপ হ'ব।

এই গোটত উৎপাদিত চিপবোৰে বিভিন্ন ধৰণৰ এপ্লিকেচন পূৰণ কৰিব যাৰ ভিতৰত আছে ঔদ্যোগিক, অটোমোটিভ, বৈদ্যুতিক বাহন, উপভোক্তা ইলেক্ট্ৰনিকছ, টেলিকম, মোবাইল ফোন আদি খণ্ড।

ভাৰতত অৰ্ধপৰিবাহী আৰু প্ৰদৰ্শন নিৰ্মাণ পৰিস্থিতিতন্ত্ৰৰ বিকাশৰ কাৰ্যসূচী ২০২১ চনৰ ২১ ডিচেম্বৰত মুঠ ৭৬,০০০ কোটি টকাৰ ব্যয়েৰে স্থাপন কৰা হৈছিল।

২০২৩ চনৰ জুন মাহত কেন্দ্ৰীয় কেবিনেটে গুজৰাটৰ সানন্দত অৰ্ধপৰিবাহী গোট স্থাপনৰ প্ৰথম প্ৰস্তাৱত অনুমোদন জনাইছিল।

২০২৪ চনৰ ফেব্ৰুৱাৰীত আৰু তিনিটা অৰ্ধপৰিবাহী গোট অনুমোদিত হৈছিল। টাটা ইলেক্ট্ৰনিক্সে গুজৰাটৰ ধোলেৰাত এটা অৰ্ধপৰিবাহী গোট আৰু অসমৰ মৰিগাঁৱত এটা অৰ্ধপৰিবাহী গোট স্থাপন কৰিছে। চি জি পাৱাৰে গুজৰাটৰ সানন্দত আন এটা অৰ্ধপৰিবাহী গোট স্থাপন কৰিছে।

চাৰিওটা অৰ্ধপৰিবাহী গোটৰ নিৰ্মাণ দ্ৰুত গতিত চলি আছে। এই ৪টা গোটে প্ৰায় ১.৫ লাখ কোটি টকাৰ বিনিয়োগ আনিব। এই গোটবোৰৰ সামগ্ৰিক ক্ষমতা প্ৰতিদিনে প্ৰায় ৭ কোটি চিপ।

*****

MJPS/BM/SKS/MK/BB



(Release ID: 2050896) Visitor Counter : 35