যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

অৱসৰপ্ৰাপ্ত ক্ৰীড়াবিদৰ সৱলীকৰণ প্ৰশিক্ষণ (RESET) কাৰ্যসূচী আৰম্ভ কৰিলে ড° মনসুখ মাণ্ডৱিয়াই

“ৰিছেট’’ কাৰ্যসূচীৰ লক্ষ্য হৈছে অৱসৰপ্ৰাপ্ত ক্ৰীড়াবিদসকলক সবলীকৰণ কৰা” - কেন্দ্ৰীয় মন্ত্ৰী

অৱসৰপ্ৰাপ্ত ক্ৰীড়াবিদসকলক সম্পূৰ্ণৰূপে সহায় কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

Posted On: 29 AUG 2024 6:30PM by PIB Guwahati

আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই “অৱসৰপ্ৰাপ্ত ক্ৰীড়াবিদৰ সবলীকৰণ প্ৰশিক্ষণ” (RESET) কাৰ্যসূচী আৰম্ভ কৰে।

ৰিছেট কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি  ড০ মাণ্ডৱিয়াই কয়, “ৰিছেট  কাৰ্যসূচীৰ লক্ষ্য হৈছে দেশৰ প্ৰতি অপৰিসীম  সেৱা আগবঢ়োৱা আমাৰ অৱসৰপ্ৰাপ্ত ক্ৰীড়াবিদসকলক সবলীকৰণ কৰা। এই কাৰ্যসূচীয়ে অৱসৰপ্ৰাপ্ত খেলুৱৈসকলক প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাৰে সবল কৰি তুলি তেওঁলোকক আৰু অধিক নিয়োগযোগ্য কৰি তুলিব। এনে পদক্ষেপে তেওঁলোকৰ কেৰিয়াৰৰ বিকাশত সহায় কৰিব।”

তেওঁ কয়  যে ৰিছেট কাৰ্যসূচীয়ে প্ৰজন্মৰ মাজৰ ব্যৱধান দূৰ কৰিব, যাৰ ফলত আমাৰ অৱসৰপ্ৰাপ্ত খেলুৱৈসকলৰ অনন্য দক্ষতাই নতুন প্ৰজন্মৰ উচ্চাকাংক্ষী খেলুৱৈসকলক উপকৃত কৰিব। তেওঁলোকৰ বিচিত্ৰ অভিজ্ঞতাই ভৱিষ্যতৰ চেম্পিয়নসকলৰ বাবে আগুৱাই যোৱাৰ ভেটি    স্থাপন  কৰিব, ই ভাৰতৰ ক্ৰীড়াৰ উন্নয়ন সাধনত  অৰিহণা যোগাব আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো সহায়ক হৈ পৰিব।

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলো অৱসৰপ্ৰাপ্ত ক্ৰীড়াবিদক এই কাৰ্যসূচীৰ  বাবে আবেদন কৰিবলৈ আৰু দেশৰ ক্ৰীড়া পৰিৱেশতন্ত্ৰত সক্ৰিয়ভাৱে অৰিহণা যোগাবলৈ আহ্বান জনায়। তেওঁ দৃঢ়তাৰে কয়  যে চৰকাৰে আমাৰ অৱসৰপ্ৰাপ্ত ক্ৰীড়াবিদসকলক সকলো ধৰণে সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

ৰিছেট আঁচনিয়ে আমাৰ অৱসৰপ্ৰাপ্ত খেলুৱৈসকলৰ অমূল্য অভিজ্ঞতা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষজ্ঞতাক স্বীকৃতি প্ৰদানৰ লগতে  সেইবোৰৰ  ব্যৱহাৰৰ দিশত এক উল্লেখযোগ্য পদক্ষেপক প্ৰতিনিধিত্ব কৰিব।

সক্ৰিয় ক্ৰীড়া কেৰিয়াৰৰ পৰা অৱসৰ লোৱা আৰু বয়স ২০-৫০ বছৰৰ ভিতৰত তথা আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী/আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত অংশগ্ৰহণকাৰী বা ৰাষ্ট্ৰীয় পদক বিজয়ী/ৰাজ্যিক পদক বিজয়ী/ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী /ভাৰতীয় অলিম্পিক সন্থা/যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত ক্ৰীড়া ক্ষেত্ৰত ভাগ লোৱাসকলে  ৰিছেট কাৰ্যসূচীৰ বাবে আবেদন কৰিব পাৰিব। এটা নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে আবেদন পত্ৰ আমন্ত্ৰণ কৰা হ’ব।

প্ৰথম অৱস্থাত শৈক্ষিক অৰ্হতাৰ ওপৰত ভিত্তি কৰি দুটা স্তৰত অৱসৰপ্ৰাপ্ত খেলুৱৈ বাছনি কৰা হ’ব। শৈক্ষিক অৰ্হতাৰ সেই স্তৰ দুটা হৈছে   দ্বাদশ শ্ৰেণী আৰু তাৰ ওপৰৰ তথা  একাদশ শ্ৰেণী আৰু তাৰ তলৰ।

ৰিছেট  কাৰ্যসূচীৰ এই পাইলট পৰ্যায়ৰ বাবে লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠান  হ’ব  কাৰ্যসূচী ৰূপায়ণৰ অৰ্থে নিৰ্ধাৰিত আগশাৰীৰ প্ৰতিষ্ঠান।

এই কাৰ্যসূচী হাইব্ৰিড মোডত আগবঢ়োৱা হ’ব , য’ত এটা নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে স্ব-গতিশীল শিক্ষণৰ লগতে অন-গ্ৰাউণ্ড প্ৰশিক্ষণ  তথা  ইন্টাৰশ্বিপৰ ব্যৱস্থা কৰা হ’ব।

ক্ৰীড়া সংস্থা, ক্ৰীড়া প্ৰতিযোগিতা/প্ৰশিক্ষণ শিবিৰ আৰু লীগৰ জড়িয়তে  ইন্টাৰশ্বিপৰ ব্যৱস্থা কৰা হ’ব। তদুপৰি  পাঠ্যক্ৰমটো সফলতাৰে সমাপ্ত কৰাৰ পিছত সংস্থাপনত  সহায়, উদ্যোগীৰ সমৰ্থনৰ বাবে বিশেষ  নিৰ্দেশনা প্ৰদানৰো  ব্যৱস্থা কৰা হ’ব।

আজিৰে পৰা https://lnipe.edu.in/resetprogram/ পৰ্টেলত ৰিছেট কাৰ্যসূচীৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। যথাযথ মূল্যায়নৰ পিছত পাঠ্যক্ৰম আৰম্ভ হ’ব আৰু সেইবিষয়ে  আবেদনকাৰীসকলক অৱগত কৰা হ’ব।

 

******

 

Himanshu Pathak/DM



(Release ID: 2049921) Visitor Counter : 24