প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

মহাৰাষ্ট্ৰৰ জলগাঁৱত লাখপতি দিদী সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

১১ লাখ নতুন লাখপতি দিদিক সম্বৰ্ধনা আৰু প্ৰমাণ পত্ৰ প্ৰদান

২৫০০ কোটি টকাৰ ঘূৰ্ণীয়মান পুঁজি মুকলিৰ লগতে প্ৰদান কৰিলে ৫০০০ কোটি টকাৰ বেংক ঋণ

“মাতৃ আৰু ভগ্নীসকলৰ জীৱন সহজ কৰি তোলাৰ বাবে আমাৰ চৰকাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ”

“মহাৰাষ্ট্ৰৰ পৰম্পৰা কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে পৰিচিত”

“মহাৰাষ্ট্ৰৰ ‘মাত্ৰুশক্তি’ৰ পৰা সমগ্ৰ ভাৰত অনুপ্ৰাণিত হৈছে”

“সমাজ আৰু দেশৰ ভৱিষ্যত গঢ়ি তোলাত ভাৰতৰ ‘মাত্ৰুশক্তি’য়ে সদায় অপৰিসীম অৱদান আগবঢ়াই আহিছে”

“এগৰাকী ভগ্নী লাখপতি দিদি হ’লেই এটা সম্পূৰ্ণ পৰিয়ালৰ ভাগ্য সলনি হয়”

“আমাৰ চৰকাৰে কন্যাৰ বাবে প্ৰতিটো খণ্ড মুকলি কৰিছে যিটো এসময়ত তেওঁলোকৰ বাবে নিষিদ্ধ আছিল”

“চৰকাৰ সলনি হ’ব পাৰে, কিন্তু সমাজ হিচাপে আৰু চৰকাৰ হিচাপে আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব হ’ব লাগে মহিলাৰ জীৱন আৰু মৰ্যাদা ৰক্ষা কৰা”

‘মই আপোনালোকক আশ্বাস দিছো, মহিলাৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সকলো প্ৰকাৰে ৰাজ্য চৰকাৰসমূহৰ লগত আছে। ভাৰতীয় সমাজৰ পৰা এই পাপী মানসিকতা নিৰ্মূল নোহোৱালৈকে আমি ক্ষান্ত নহও”

Posted On: 25 AUG 2024 3:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ জলগাঁৱত লাখপতি দিদী সন্মিলনত অংশগ্ৰহণ কৰে। তেওঁ প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে বৰ্তমান চৰকাৰৰ তৃতীয় কাৰ্যকালত শেহতীয়াকৈ লাখপতি হোৱা ১১ লাখ নতুন লাখপতি দিদিক সম্বৰ্ধনা জনায়। প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখপতি দিদিৰ সৈতেও মত বিনিময় কৰে। শ্ৰী মোদীয়ে ২৫০০ কোটি টকাৰ ঘূৰ্ণীয়মান পুঁজি মুকলি কৰে, যাৰ জৰিয়তে ৪.৩ লাখ আত্মসহায়ক গোটৰ (এছএইচজি) প্ৰায় ৪৮ লাখ সদস্য উপকৃত হয়। লগতে তেওঁ ৫,০০০ কোটি টকাৰ বেংক ঋণ প্ৰদান কৰে যিয়ে ২.৩৫ লাখ আত্মসহায়ক গোটৰ ২৫.৮ লাখ সদস্যক উপকৃত কৰিব। লাখপতি দিদী যোজনাৰ আৰম্ভণিৰ পৰাই ইতিমধ্যে এক কোটি মহিলাক লাখপতি দিদি হিচাপে গঢ়ি তোলা হৈছে আৰু বৰ্তমান চৰকাৰে তিনি কোটি লাখপতি দিদীৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

 

এই উপলক্ষে উপস্থিত থকা মাতৃ-ভগ্নীৰ বিপুল জনসমাগমৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণৰ আৰম্ভণি কৰে। ভাষণৰ পূর্বে প্রধানমন্ত্রীয়ে নেপালৰ তানাহুনত সংঘটিত বাছ দুর্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্রতি শোক প্রকাশ কৰে য’ত জলগাঁৱৰ কেইবাজনো লোকে প্রাণ হেৰুৱাইছে৷ তেওঁ জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ভাৰত চৰকাৰে নেপাল চৰকাৰৰ সৈতে যোগাযোগ কৰে আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰক্ষতাই খাদছেক নেপাললৈ প্ৰেৰণ কৰে। তেওঁ কয় যে মৃত লোকসকলৰ মৃতদেহ বায়ুসেনাৰ বিশেষ বিমানেৰে অনা হৈছে আৰু আহতসকলক চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে।

 

লাখপতি দিদী সন্মিলনৰ বিশাল অনুষ্ঠানত মাতৃ-ভগ্নীৰ বিপুল জনসমাগমক লৈ আনন্দ প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয়, “আজি সমগ্ৰ ভাৰতবৰ্ষত বিস্তৃত লাখ লাখ মহিলা এছ এইচ জিৰ বাবে ৬০০০ কোটি টকাতকৈ অধিক ধন প্ৰদান কৰা হ’ল”। তেওঁ লগতে কয় যে এই পুঁজিয়ে বহু মহিলাক ‘লাখপতি দিদি’লৈ ৰূপান্তৰিত হোৱাত সহায় কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে আলোকপাত কৰে যে মহাৰাষ্ট্ৰৰ মাতৃ-ভগ্নীসকলে ৰাজ্যখনৰ গৌৰৱময় সংস্কৃতি আৰু পৰম্পৰাৰ আভাস দিয়ে। “মহাৰাষ্ট্ৰৰ পৰম্পৰা কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে পৰিচিত”, প্ৰধানমন্ত্ৰীয়ে কয়। শেহতীয়াকৈ পোলেণ্ড ভ্ৰমণৰ সময়ত মহাৰাষ্ট্ৰৰ সংস্কৃতিৰ সাক্ষী হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে মহাৰাষ্ট্ৰৰ জনসাধাৰণক পোলেণ্ডৰ নাগৰিকে অতিশয় সন্মান কৰে। তেওঁ পোলেণ্ডৰ জনসাধাৰণৰ দ্বাৰা কলহাপুৰৰ জনসাধাৰণৰ সেৱা আৰু আতিথ্যৰ মনোভাৱৰ প্ৰতি উৎসৰ্গিত কলহাপুৰ স্মৃতিসৌধৰ বিষয়ে কয়। দ্বিতীয় বিশ্বযুদ্ধৰ যুগক সুঁৱৰি পোলেণ্ডৰ হাজাৰ হাজাৰ মহিলা আৰু শিশুক শিৱাজী মহাৰাজে নিৰ্ধাৰণ কৰা পৰম্পৰা পালন কৰি কলহাপুৰৰ ৰাজ পৰিয়ালে আশ্ৰয় দিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণ কালত এনে বীৰত্বৰ কাহিনীক লৈ গৌৰৱবোধ কৰে। তেওঁ নাগৰিকসকলকো একেধৰণৰ পথ অনুসৰণ কৰি দেশৰ নাম বিশ্বত উজলাই তোলাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়।

 

শ্ৰী মোদীয়ে কয় যে মহাৰাষ্ট্ৰৰ সংস্কৃতি সেই ভূমিৰ সাহসী মহিলাসকলৰ সৃষ্টি। তেওঁ লগতে কয় যে সমগ্ৰ ভাৰত মহাৰাষ্ট্ৰৰ ‘মাত্ৰুশক্তি’ৰ পৰা অনুপ্ৰাণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, ‘আমাৰ জলগাঁও ভৰকাৰী পৰম্পৰাৰ মন্দিৰ। এইখন মহাসাধু মুক্তাইৰ দেশ।” তেওঁ লগতে কয় যে তেওঁৰ এই কৃতিত্ব আৰু তপস্যা আজিৰ প্ৰজন্মৰ বাবেও এক প্ৰেৰণা আছিল।

 

শ্ৰী মোদীয়ে মন্তব্য কৰে যে বাহিনাবাইৰ কবিতাই বৰ্তমানেও সমাজক কু-সংস্কাৰৰ ঊৰ্ধ্বত চিন্তা কৰিবলৈ বাধ্য কৰে। “মহাৰাষ্ট্ৰৰ যিকোনো কোণেই হওক, ইতিহাসৰ যিকোনো সময়েই হওক, মাত্ৰুশক্তিৰ অৱদান অতুলনীয় হৈ আহিছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। মহাৰাষ্ট্ৰৰ মাত্ৰুশক্তিৰ বিষয়ে আৰু অধিক বিশদভাৱে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে মাতা জিজাবায়ে ছত্ৰপতি শিৱাজীৰ জীৱনক দিশ দিলেও আন এগৰাকী মাৰাঠী মহিলা সাবিত্ৰীবাই ফুলেই আছিল কন্যাৰ শিক্ষা আৰু তেওঁলোকৰ কামৰ আঁৰৰ শক্তি, যেতিয়া সমাজত ইয়াক গুৰুত্ব দিয়া হোৱা নাছিল।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ নাৰী শক্তিয়ে সমাজ আৰু দেশৰ ভৱিষ্যত গঢ়ি তোলাত সদায় অৰিহণা যোগাই আহিছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘আজি যেতিয়া ভাৰতে উন্নত হ’বলৈ চেষ্টা কৰিছে, তেতিয়া আমাৰ নাৰী শক্তি আকৌ এবাৰ আগবাঢ়ি আহিছে। মহাৰাষ্ট্ৰৰ মহিলাসকলক তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে “আপোনালোক সকলোৰে মাজত ৰাজমাতা জিজাবাই আৰু সাবিত্ৰীবাই ফুলেৰ প্ৰভাৱ মই প্ৰত্যক্ষ কৰিছোঁ।”

 

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত ৩ কোটি লাখপতি দিদী গঢ় দিয়াৰ ইচ্ছা প্ৰকাশ কৰা কথা মনত পেলাই শ্ৰী মোদীয়ে অৱগত কৰে যে যোৱা ১০ বছৰৰ ভিতৰত ১ কোটি লাখপতি দিদী গঢ় দিয়া হৈছিল, আনহাতে কেৱল যোৱা দুমাহত ১১ লাখ নতুন লাখপতি দিদী সৃষ্টি কৰা হৈছে। “মহাৰাষ্ট্ৰতো ১ লাখ লাখপতি দিদি গঢ় দিয়া হৈছিল”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰি আলোকপাত কৰে যে মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ সমগ্ৰ দলটোৱে একাধিক নতুন আঁচনি আৰু কাৰ্যসূচী আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ মহিলাসকলক সৱলীকৰণ আৰু শক্তিশালী কৰাৰ বাবে একত্ৰিত হৈছে।

 

লাখপতি দিদী অভিযান কেৱল মাতৃ-ভগ্নীৰ আয় বৃদ্ধিৰ উপায় নহয়, পৰিয়াল আৰু ভৱিষ্যত প্ৰজন্মক শক্তিশালী কৰাৰ এক বিশাল অভিযান বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তন ঘটাইছে। “ইয়াত উপস্থিত প্ৰতিগৰাকী মহিলাই জানে যে সমাজত তেওঁৰ সামাজিক স্থান উচ্চ হয় যেতিয়া তেওঁ জীৱিকা অৰ্জন কৰিবলৈ আৰম্ভ কৰে”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এটা পৰিয়ালৰ ক্ৰয় ক্ষমতাও আয় বৃদ্ধিৰ লগে লগে বৃদ্ধি পায়। “এগৰাকী ভগ্নী লাখপতি দিদি হ’লেই এটা সম্পূৰ্ণ পৰিয়ালৰ ভাগ্য সলনি হয়”, তেওঁ লগতে কয়।

 

ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আজিৰ মহিলাসকলৰ অৱদানৰ কথা লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বতে মহিলাৰ বিকাশৰ প্ৰতি থকা অৱহেলাৰ কথা আঙুলিয়াই দিয়ে। তেওঁ উল্লেখ কৰে যে দেশৰ কোটি কোটি মহিলাৰ কোনো সম্পত্তিৰ মালিক নাছিল যাৰ বাবে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বেংকৰ ঋণৰ সুবিধা লোৱাত এক বৃহৎ বাধাৰ সৃষ্টি হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় “সেয়েহে মই নাৰীৰ ওপৰত থকা বোজা কমাবলৈ প্ৰতিশ্ৰুতি দিলোঁ আৰু মোদী চৰকাৰে ইটোৰ পিছত সিটোকৈ মহিলাৰ স্বাৰ্থত সিদ্ধান্ত ল’লে।” বৰ্তমানৰ চৰকাৰৰ দহ বছৰৰ পৰা পূৰ্বৰ সাতটা দশকৰ চৰকাৰৰ তুলনা কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে বৰ্তমানৰ চৰকাৰখনে পূৰ্বৰ যিকোনো পূৰ্বৰ চৰকাৰতকৈ মহিলাৰ স্বাৰ্থত অধিক কাম কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে তেওঁৰ চৰকাৰে ঘৰৰ মহিলাগৰাকীৰ নামত দুখীয়াৰ বাবে ঘৰ পঞ্জীয়ন কৰাৰ সিদ্ধান্ত লৈছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এতিয়ালৈকে নিৰ্মাণ কৰা ৪ কোটি ঘৰৰ অধিকাংশই মহিলাৰ নামত পঞ্জীয়ন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে আগন্তুক ৩ কোটি ঘৰ নিৰ্মাণ হ’লেও ইয়াৰে অধিকাংশই মহিলাৰ নামত পঞ্জীয়ন কৰা হ’ব।

 

বেংকিং খণ্ডত গ্ৰহণ কৰা সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী জন ধন যোজনাতো বেছিভাগ বেংক একাউণ্ট মহিলাৰ নামত খোলা হৈছিল। তেওঁ দৃঢ়তাৰে কয় যে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ প্ৰায় ৭০ শতাংশ হিতাধিকাৰী দেশৰ মাতৃ আৰু ভগ্নী।

 

পূৰ্বতে মহিলাক ঋণ নিদিয়াৰ পৰা কেনেদৰে সকীয়াই দিয়া হৈছিল সেই কথা সোঁৱৰাই শ্ৰী মোদীয়ে কয় যে মাত্ৰুশক্তিৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছে আৰু তেওঁলোকে সফলভাৱে আৰু সততাৰে ঋণ ঘূৰাই দিব। মহিলাৰ সঁহাৰিত উৎসাহিত হৈ তেওঁ লগতে কয় যে তেওঁৰ চৰকাৰে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ ঋণৰ সীমা ২০ লাখ টকালৈ বৃদ্ধি কৰিছে।

 

ৰাজপথৰ বিক্ৰেতাসকলৰ বাবে আৰম্ভ কৰা স্বনিধি আঁচনিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে স্বনিধিতো বন্ধকীমুক্তভাৱে ঋণ দিয়া হৈছে, যাৰ সুবিধা মহিলা-জনগোষ্ঠীয়ে লাভ কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে তেওঁৰ চৰকাৰে বিশ্বকৰ্মা পৰিয়ালৰ বহু মহিলাক বন্ধকীমুক্তভাৱে সুবিধা বৃদ্ধি কৰিছিল, যিসকলে হস্তশিল্প কৰি আছে।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সখী মণ্ডলী আৰু মহিলা আত্মসহায়ক গোটৰ গুৰুত্ব পূৰ্বে স্বীকৃতি দিয়া হোৱা নাছিল, আনহাতে আজি তেওঁলোক ভাৰতৰ অৰ্থনীতিত এক বিশাল শক্তি হোৱাৰ পথত আগবাঢ়িছে। তেওঁ আলোকপাত কৰে যে প্ৰতিখন গাঁও আৰু জনজাতীয় অঞ্চলে মহিলা আত্মসহায়ক গোটসমূহে কঢ়িয়াই অনা ইতিবাচক পৰিৱৰ্তন সাক্ষী হৈছে। তেওঁ জনোৱা মতে, যোৱা দহ বছৰত দহ কোটি মহিলাই এই অভিযানত যোগদান কৰিছে আৰু কম সুতৰ ঋণৰ সহজ সুবিধাৰ বাবে তেওঁলোকক বেংকিং ব্যৱস্থাৰ অংশ হিচাপে গঢ়ি তোলা হৈছে। তেওঁ জনোৱা মতে, ২০১৪ চনত আত্মসহায়ক গোটৰ বাবে ২৫,০০০কোটিতকৈ কম মূল্যৰ বেংক ঋণ অনুমোদন কৰা হৈছিল, আনহাতে আজি সেই সংখ্যা যোৱা ১০ বছৰত ৯ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে চৰকাৰে আগবঢ়োৱা প্ৰত্যক্ষ সাহায্যও প্ৰায় ৩০ গুণ বৃদ্ধি কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে আজি মাতৃ আৰু ভগ্নীৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। তেওঁ প্ৰতিখন গাঁৱত ১.২৫ লাখৰো অধিক বেংক সখীয়ে বেংকিং সেৱা আগবঢ়োৱা, মহিলাসকলে ড্ৰ’ন পাইলট হৈ আধুনিক খেতিৰ কামত ড্ৰ’নেৰে সহায় কৰা আৰু পশুপালকসকলক সহায় কৰিবলৈ ২ লাখ পশু সখীক প্ৰশিক্ষণ দিয়াৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে আধুনিক কৃষি আৰু প্ৰাকৃতিক কৃষিৰ বাবে নাৰীশক্তিক নেতৃত্ব দিয়াৰ বাবে কৃষি সখী কাৰ্যসূচী আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে। আগন্তুক সময়ত দেশৰ প্ৰতিখন গাঁৱতে এনে লাখ লাখ কৃষি সখী সৃষ্টি কৰিবলৈ ওলাইছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানসমূহে কন্যা সন্তানক নিয়োগ কৰাৰ লগতে তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি কৰিব। “কন্যাৰ শক্তি সন্দৰ্ভত সমাজত এক নতুন চিন্তাৰ সৃষ্টি হ’ব”, শ্ৰী মোদীয়ে লগতে কয়।

 

যোৱা মাহত সদনে গৃহীত কৰা কেন্দ্ৰীয় বাজেটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলা সম্পৰ্কীয় আঁচনিৰ বাবে ৩ লাখ কোটি টকা আবণ্টন দিয়া হৈছে। তেওঁ কাৰখানা আৰু কাৰ্যালয়ত কৰ্মৰত মহিলাৰ বাবে বিশেষ সুবিধা যেনে কৰ্মৰত মহিলাৰ হোষ্টেল আৰু শিশুৰ বাবে ক্ৰেচৰ সুবিধা সৃষ্টিৰ বাবে লোৱা সিদ্ধান্তৰ কথা উল্লেখ কৰে। এসময়ত মহিলাসকলৰ বাবে নিষিদ্ধ হৈ থকা সকলো খণ্ড মুকলি কৰাৰ দিশত চৰকাৰে কাম কৰি থকা বুলি আলোকপাত কৰি যুঁজাৰু পাইলটকে ধৰি তিনিওটা সশস্ত্ৰ বাহিনীতে মহিলা বিষয়া, সৈনিক বিদ্যালয় আৰু একাডেমীত নামভৰ্তি আৰু আৰক্ষী বাহিনীত মহিলাৰ সংখ্যা বৃদ্ধি আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে বুলি কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৃহৎ সংখ্যক মহিলাই গাঁৱে-ভূঞে কৃষি আৰু দুগ্ধ খণ্ডৰ পৰা আৰম্ভ কৰি ষ্টাৰ্ট আপ বিপ্লৱলৈকে ব্যৱসায় পৰিচালনা কৰি আছে। ৰাজনীতিত কন্যাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে নাৰীশক্তি বন্দন অধিনিয়মৰ কথাও উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাসকলৰ সুৰক্ষা আৰু তেওঁলোকৰ সবলীকৰণৰ দেশৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। শ্ৰী মোদীয়ে লগতে কয়, “ৰাজ্য নিৰ্বিশেষে মোৰ ভগ্নী-কন্যাৰ বেদনা আৰু ক্ষোভ মই বুজি পাওঁ।” কঠোৰ স্থিতি গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ সকলো ৰাজ্য চৰকাৰ আৰু ৰাজনৈতিক দলক সোঁৱৰাই দিয়ে যে নাৰীৰ ওপৰত হোৱা অত্যাচাৰ ক্ষমাহীন পাপ আৰু দোষী আৰু তেওঁৰ সহযোগীক কেতিয়াও ৰেহাই দিব নালাগে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজহুৱা প্ৰতিষ্ঠানসমূহ, সেয়া চিকিৎসালয় হওক বা বিদ্যালয়েই হওক বা কাৰ্যালয়েই হওক বা আৰক্ষী ব্যৱস্থাই হওক, জবাবদিহি কৰা উচিত আৰু তেওঁলোকৰ যিকোনো  গাফিলতি গ্ৰহণযোগ্য নহয়। শ্ৰী মোদীয়ে কয়, “চৰকাৰ সলনি হ’ব পাৰে, কিন্তু সমাজ হিচাপে আৰু চৰকাৰ হিচাপে আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব হ’ব লাগে নাৰীৰ জীৱন আৰু মৰ্যাদা ৰক্ষা কৰা।”

নাৰীৰ ওপৰত অত্যাচাৰ কৰাসকলক কঠোৰতম শাস্তি দিয়াৰ বাবে চৰকাৰে অহৰহ আইন কঠোৰ কৰি ৰখাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। অভিযোগৰ এফআইআৰ পূৰ্বে সময়মতে পঞ্জীয়ন নোহোৱা আৰু গোচৰবোৰ অতি সময়সাপেক্ষ হৈ পৰা বুলি আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় ন্যায় সংহিতাত মহিলা আৰু শিশুৰ ওপৰত হোৱা এনে অত্যাচাৰৰ বাধা আঁতৰোৱা হৈছে। তেওঁ জনোৱা মতে, যদিহে ভুক্তভোগীয়ে থানালৈ যাব নিবিচাৰে তেন্তে ই-এফআইআৰ পঞ্জীয়ন কৰিব পাৰিব আৰু থানা পৰ্যায়ত ই-এফআইআৰত কোনো ধৰণৰ ধেমালি নকৰাকৈ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে ইয়াৰ দ্বাৰা ক্ষিপ্ৰ তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদান কৰাত সহায়ক হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে নতুন আইনত নাবালিকাৰ বিৰুদ্ধে যৌন অপৰাধৰ বাবে মৃত্যুদণ্ড আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে। তেওঁ লগতে উল্লেখ কৰে যে বি এন এছে বিবাহৰ মিছা প্ৰতিশ্ৰুতি আৰু বিবাহৰ নামত প্ৰতাৰণা কৰাৰ বিৰুদ্ধে কাম কৰিবলৈ প্ৰতাৰণা কৰাটো স্পষ্টভাৱে সংজ্ঞায়িত কৰে। ‘মই আপোনালোকক আশ্বাস দিছো, মহিলাৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সকলো প্ৰকাৰে ৰাজ্য চৰকাৰসমূহৰ লগত আছে। ভাৰতীয় সমাজৰ পৰা এই পাপী মানসিকতা নিৰ্মূল নোহোৱালৈকে আমি ক্ষান্ত নহও,” প্ৰধানমন্ত্ৰীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে উন্নয়নৰ পথত ভাৰতৰ শীৰ্ষত মহাৰাষ্ট্ৰৰ ভূমিকাক আলোকপাত কৰি কয় যে মহাৰাষ্ট্ৰ বিকশিত ভাৰতৰ এক উজ্জ্বল নক্ষত্ৰ। তেওঁ আলোকপাত কৰে যে মহাৰাষ্ট্ৰ সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু ৰাজ্যখনৰ ভৱিষ্যত অধিক সংখ্যক বিনিয়োগ আৰু নতুন চাকৰিৰ সুযোগত নিহিত হৈ আছে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত উদ্যোগসমূহক উৎসাহিত কৰিব পৰা আৰু যুৱক-যুৱতীসকলৰ শিক্ষা, দক্ষতা আৰু কৰ্মসংস্থাপনত গুৰুত্ব দিব পৰা এখন সুস্থিৰ চৰকাৰৰ প্ৰয়োজনীয়তাৰ প্ৰতিও আহ্বান জনায়। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে ৰাজ্যখনৰ মাতৃ-কন্যাই এখন সুস্থিৰ আৰু সমৃদ্ধিশালী মহাৰাষ্ট্ৰৰ বাবে একত্ৰিত হ’ব।

এই উপলক্ষে অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি পি ৰাধাকৃষ্ণন, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনাভিছ আৰু শ্ৰী অজিত পাৱাৰ আৰু কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

***

MJPS/SR/TS/DB



(Release ID: 2048928) Visitor Counter : 28