মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

নতুন দিল্লীত ২০২৪ বৰ্ষৰ ভাৰত ৰেংকিং মুকলি ধৰ্মেন্দ্ৰ প্ৰধানৰ

ৰেংকিঙত মূল পৰিমাপ হ’ব লাগিব নিয়োগযোগ্যতা দক্ষতা–শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

ৰেংকিং আৰু ৰেটিং পৰিকাঠামো ৰেংকিঙত সকলো ৫৮,০০০ ভাৰতীয় উচ্চ শিক্ষানুষ্ঠানক অন্তৰ্ভুক্ত কৰিব লাগিব – শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

শৈক্ষিক প্ৰতিষ্ঠানৰ গুণগত মান, কৰ্মক্ষমতা আৰু শক্তি জনাটো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ অধিকাৰ – শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

২০১৫ চনৰ নৱেম্বৰ মাহত শিক্ষা মন্ত্ৰালয়ে আৰম্ভ কৰা এন আই আৰ এফ এই সংস্কৰণৰ লগতে ২০১৬ চনৰ পৰা ২০২৩ চনলৈকে প্ৰকাশ পোৱা ভাৰত ৰেংকিঙৰ পূৰ্বৰ আঠটা সংস্কৰণৰ বাবেও ব্যৱহাৰ কৰা হৈছিল

ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজে সামগ্ৰিক শ্ৰেণীত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে

Posted On: 12 AUG 2024 7:10PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি ২০২৪ বৰ্ষৰ ভাৰত ৰেংকিং প্ৰকাশ কৰে। ২০১৫ চনত শিক্ষা মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং কাঠামো (এনআইআৰএফ) ৰূপায়ণ কৰিছিল। এই উপলক্ষে উচ্চ শিক্ষাৰ সচিব শ্ৰী কে সঞ্জয় মূৰ্তি; ইউজিচি, অধ্যাপক এম জগদেশ কুমাৰ; এআইচিটিইৰ অধ্যক্ষ অধ্যাপক টি.জি. সীতাৰাম; এন টি এফৰ অধ্যক্ষ অধ্যাপক অনিল সহস্ৰবুদ্ধ; এনবিএৰ সদস্য সম্পাদক ড০ অনিল কুমাৰ নাছা, উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত সম্পাদক শ্ৰী সুনীল কুমাৰ বৰ্ণৱাল; যুটীয়া সচিব, শ্ৰী গোবিন্দ জয়ছোৱাল, অধ্যক্ষ আৰু অন্যান্য শিক্ষাবিদ, প্ৰতিষ্ঠানৰ মুৰব্বী আদি উপস্থিত থাকে।

এই উপলক্ষে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে ৰেংকিং, ৰেটিং আৰু স্বীকৃতি এনইপি, ২০২০ৰ এক গুৰুত্বপূৰ্ণ পৰামৰ্শ।এনআইআৰএফ ৰেংকিঙে এন ই পিৰ মনোভাৱক গভীৰভাৱে প্ৰতিফলিত কৰাটো উৎসাহজনক বুলিও তেওঁ লগতে কয়। মন্ত্ৰীগৰাকীয়ে পাঠদান, উদ্ভাৱন, গৱেষণা, স্নাতক ফলাফল আৰু অন্যান্য পৰিমাপত উৎকৃষ্টতা প্ৰদৰ্শন কৰি ভাৰত ৰেংকিং ২০২৪ত গৌৰৱৰ স্থান দখল কৰা সকলো উচ্চ শিক্ষানুষ্ঠানক অভিনন্দন জনায়।

মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে এখন শৈক্ষিক প্ৰতিষ্ঠানৰ গুণগত মান, প্ৰদৰ্শন আৰু শক্তিৰ বিষয়ে জনাটো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ অধিকাৰ। গতিকে দেশৰ ৫৮ হাজাৰ উচ্চ শিক্ষানুষ্ঠানৰ সকলোবোৰ ৰেংকিং আৰু ৰেটিং কাঠামোৰ অন্তৰ্গত হ’ব লাগিব। শ্ৰী প্ৰধানে কয় যে নিয়োগযোগ্যতা আৰু দক্ষতা অগ্ৰাধিকাৰ। তেওঁ লগতে কয় যে আমাৰ ৰেংকিং ব্যৱস্থাত দক্ষতাকো মাপকাঠি হিচাপে অন্তৰ্ভুক্ত কৰিব লাগিব। অস্পষ্ট দিশবোৰ শিক্ষণ আৰু বিকাশৰ বাবে শক্তিশালী উদ্দীপক। আমি শিক্ষাৰ অস্পষ্ট দিশসমূহক ৰেংকিঙৰ কাঠামোত অনাৰ ব্যৱস্থা উদ্ভাৱন কৰা উচিত বুলিও তেওঁ লগতে কয়।

ভাৰতীয় একাডেমীৰ সকলো আগশাৰীৰ প্ৰতিষ্ঠানত ৰেংকিং কাঠামোৰ অধীনলৈ আহি অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আৰু ভৱিষ্যত সংস্কৰণত উচ্চ ৰেংকিঙৰ বাবে চেষ্টা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। আহক আমি একেলগে বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে শৈক্ষিক উৎকৰ্ষতাৰ পৰিৱেশ গঢ়ি তোলোঁ বুলিও তেওঁ লগতে কয়।

ড° সুকান্ত মজুমদাৰে ভাষণ প্ৰসংগত দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ বাবে সৰ্বাংগীনতা আৰু উদ্ভাৱনক মূলত লৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ প্ৰৱৰ্তন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। উচ্চ শিক্ষানুষ্ঠানসমূহৰ মাজত সুস্থ প্ৰতিযোগিতাই আগন্তুক সময়ত তেওঁলোকৰ সামগ্ৰিক মানদণ্ড উন্নত কৰিব বুলিও তেওঁ লগতে কয়। ৰিচাৰ্চৰ লগতে এনআইআৰএফ প্ৰৱৰ্তনৰ লগে লগে ছাত্ৰ কল্যাণ, প্ৰকাশন আদিক ওজন দিয়া হৈছে বুলি ড০ মজুমদাৰে কয়।

শ্ৰী কে দেশৰ শৈক্ষিক প্ৰতিষ্ঠান আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা।

ভাৰতৰ উচ্চতম শিক্ষানুষ্ঠানসমূহৰ ভাৰত ৰেংকিংৰ এয়া একেৰাহে নৱম সংস্কৰণ। ভাৰত ৰেংকিঙৰ ২০২৪ সংস্কৰণত চাৰিটা সুকীয়া সংযোজন তলত দিয়া ধৰণৰ:

ক। তিনিটা নতুন শিতান ক্ৰমে ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়, মুক্ত বিশ্ববিদ্যালয় আৰু দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰৱৰ্তন; আৰু

খ। এন আই আৰ এফৰ কাঠামো ব্যৱহাৰ কৰি ভাৰত ৰেংকিঙত “উদ্ভাৱন” ৰেংকিং একত্ৰিত কৰা।

তিনিটা শিতান অৰ্থাৎ মুক্ত বিশ্ববিদ্যালয়, ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় আৰু দক্ষতা বিশ্ববিদ্যালয় সংযোজনৰ লগে লগে ভাৰত ৰেংকিঙৰ বৰ্তমানৰ পৰ্টফলিঅ’ ১৬টা শিতান আৰু বিষয় ডমেইনলৈ বৃদ্ধি পাইছে যিবোৰ ভাৰত ৰেংকিং ২০২৪ত ৰেংকিং কৰা হৈছে।

ভাৰত ৰেংকিং ২০১৬ৰ প্ৰথম বৰ্ষত বিশ্ববিদ্যালয়সমূহৰ লগতে তিনিটা ডমেইন-নিৰ্দিষ্ট ৰেংকিং ক্ৰমে অভিযান্ত্ৰিক, পৰিচালনা আৰু ফাৰ্মাচীৰ বাবে ৰেংকিং ঘোষণা কৰা হৈছিল। ৯ বছৰৰ সময়ছোৱাত সাতটা নতুন শিতান আৰু পাঁচটা নতুন বিষয়ৰ ডমেইন সংযোজন কৰি মুঠ সংখ্যা আঠটা শিতানলৈ বৃদ্ধি কৰা হয়, যথা সামগ্ৰিকভাৱে, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান, ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়, মুক্ত বিশ্ববিদ্যালয়, দক্ষতা বিশ্ববিদ্যালয় আৰু উদ্ভাৱন প্ৰতিষ্ঠান আৰু ৮টা বিষয় ডমেইন, যথা অভিযান্ত্ৰিক, ব্যৱস্থাপনা, ফাৰ্মাচী, স্থাপত্য আৰু পৰিকল্পনা, চিকিৎসা, আইন, দন্ত আৰু কৃষি আৰু সংশ্লিষ্ট খণ্ড অন্তৰ্ভূক্ত আছে।

 

ভাৰত ৰেংকিং ২০২৪ৰ মূল দিশ

 

• ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজে একেৰাহে ষষ্ঠ বছৰৰ বাবে সামগ্ৰিক শ্ৰেণীত অৰ্থাৎ ২০১৯ চনৰ পৰা ২০২৪ চনলৈ আৰু অভিযান্ত্ৰিক শাখাত একেৰাহে নৱম বছৰৰ বাবে, অৰ্থাৎ ২০১৬ চনৰ পৰা ২০২৪ চনলৈকে প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে।

• ২৩খন ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়, ২২খন ব্যক্তিগত গণ্য বিশ্ববিদ্যালয়, ১৬খন আইআইটি, ৯খন এনআইটি , ৭খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় ৭খন ব্যক্তিগত বিশ্ববিদ্যালয়, ৪খনকৈ এইমছ, আইআইএছই আৰ আৰু চৰকাৰী বিশ্ববিদ্যালয়, ডিমড বিশ্ববিদ্যালয়, ৩খন অন্যান্য চিএফটিআই আৰু ১খন কলেজকে ধৰি সামগ্ৰিক শ্ৰেণীত শীৰ্ষ ১০০খন অন্তৰ্ভূক্ত কৰা হৈছে।

• ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰুৱে একেৰাহে নৱম বছৰৰ বাবে অৰ্থাৎ ২০১৬ চনৰ পৰা ২০২৪ চনলৈ বিশ্ববিদ্যালয়ৰ শিতানত শীৰ্ষস্থান দখল কৰিছে। প্ৰতিষ্ঠানটোৱে একেৰাহে চতুৰ্থ বছৰৰ বাবে অৰ্থাৎ ২০২১ চনৰ পৰা ২০২৪ চনলৈ গৱেষণা প্ৰতিষ্ঠানৰ শ্ৰেণীত প্ৰথম স্থান লাভ কৰিছে।

 

• আই আই এম আহমেদাবাদে একেৰাহে পঞ্চম বছৰৰ বাবে অৰ্থাৎ ২০২০ চনৰ পৰা ২০২৪ চনলৈকে প্ৰথম স্থান অক্ষুণ্ণ ৰাখি মেনেজমেণ্ট বিষয়ত শীৰ্ষস্থান দখল কৰে।২০১৬ চনৰ পৰা ২০১৯ চনলৈকে ভাৰত ৰেংকিঙৰ মেনেজমেণ্ট বিষয়ত শীৰ্ষ দুটাৰ ভিতৰত স্থান লাভ কৰে।

 

• অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ), নতুন দিল্লীয়ে একেৰাহে সপ্তম বছৰৰ বাবে অৰ্থাৎ ২০১৮ চনৰ পৰা ২০২৪ চনলৈ মেডিকেলত শীৰ্ষ স্থান দখল কৰিছে।তদুপৰি এইমছে সামগ্ৰিক শাখাত সপ্তম স্থানত আছে। ২০২৩ চনত সামগ্ৰিক শাখাত ষষ্ঠ স্থান লাভ কৰিছিল।

• এইবাৰ ফাৰ্মাচী শিতানত ৰেংকিঙৰ শীৰ্ষত আছে নতুন দিল্লীৰ জামিয়া হামদাৰ্ড। জামিয়া হামডাৰ্ডে একেৰাহে চাৰি বছৰ অৰ্থাৎ ২০১৯ চনৰ পৰা ২০২২ চনলৈকে প্ৰথম স্থান লাভ কৰিছিল।২০১৮ আৰু ২০২৩ চনত ফাৰ্মাচীত দ্বিতীয় স্থান লাভ কৰিছিল।

• হিন্দু কলেজে প্ৰথমবাৰৰ বাবে কলেজৰ ভিতৰত প্ৰথম স্থান দখল কৰি মিৰাণ্ডা হাউছৰ ঠাইত একেৰাহে সাত বছৰ অৰ্থাৎ ২০১৭ চনৰ পৰা ২০২৩ চনলৈকে প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছিল।২০১৯, ২০২২ আৰু ২০২৩ চনত হিন্দু কলেজে দ্বিতীয় স্থান লাভ কৰিছিল, আৰু তৃতীয় আৰু ক্ৰমে ২০২০ আৰু ২০১৮ চনত চতুৰ্থ স্থানত উপনীত হৈছে।

• আইআইটি ৰুৰকিয়ে একেৰাহে চতুৰ্থ বছৰৰ বাবে অৰ্থাৎ ২০২১ চনৰ পৰা ২০২৪ চনলৈকে স্থাপত্য আৰু পৰিকল্পনাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে।

• নেচনেল ল স্কুল অৱ ইণ্ডিয়া ইউনিভাৰ্চিটি, বেংগালুৰুৱে একেৰাহে সপ্তম বছৰৰ বাবে অৰ্থাৎ ২০১৮ চনৰ পৰা ২০২৪ চনলৈকে আইন বিষয়ত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে।

• দিল্লীৰ কলেজসমূহে দিল্লীৰ পৰা প্ৰথম ১০খন কলেজৰ ভিতৰত ছখন কলেজেৰে কলেজৰ ৰেংকিঙত নিজৰ আধিপত্য বজাই ৰাখিছে।

• চেন্নাইৰ সাবীথা ইনষ্টিটিউট অৱ মেডিকেল এণ্ড টেকনিকেল ছায়েন্সে একেৰাহে তৃতীয় বছৰৰ বাবে ডেণ্টেল বিষয়ত শীৰ্ষস্থান দখল কৰিছে।

• ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, নতুন দিল্লীয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে কৃষি আৰু সংশ্লিষ্ট খণ্ডত শীৰ্ষ স্থান দখল কৰিছে।

• ২০২৪ চনত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তিত ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়ৰ শিতানত চেন্নাইৰ আন্না বিশ্ববিদ্যালয় শীৰ্ষস্থান দখল কৰিছে।

 

• ২০২৪ চনত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তিত মুক্ত বিশ্ববিদ্যালয়ৰ শিতানত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU), নতুন দিল্লীয়ে শীৰ্ষস্থান দখল কৰিছে।

• উদ্ভাৱন শাখাত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি কানপুৰে শীৰ্ষস্থান দখল কৰে।

• চিম্বায়’ছিছ স্কিল এণ্ড প্ৰফেচনেল ইউনিভাৰ্চিটি (এছ এছ পি ইউ), পুনে প্ৰথমবাৰৰ বাবে এই বছৰ ৰেংকিং কৰা স্কিল ইউনিভাৰ্চিটি শাখাত শীৰ্ষস্থান দখল কৰিছে।

উল্লেখ্য যে গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে এই তালিকাৰ অভিযান্ত্ৰিক শিতানত সপ্তম স্থান লাভ কৰিছে।

ভাৰতীয় ৰেংকিং ২০২৪ চাবলৈ ইয়াত ক্লিক কৰক: https://www.nirfindia.org/

****

SS/AK/DB



(Release ID: 2045884) Visitor Counter : 30