কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটী (চিচিইএ)

Posted On: 09 AUG 2024 9:58PM by PIB Guwahati

মন্ত্ৰীসভাই ভাৰতীয় ৰে’লৱেত ৮টা নতুন লাইন প্ৰকল্পত অনুমোদন জনায়; কানেক্টিভিটি প্ৰদান কৰা, ভ্ৰমণ সহজ কৰি তোলা, লজিষ্টিক খৰচ হ্ৰাস কৰা, তেল আমদানি হ্ৰাস কৰা আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ উদ্দেশ্য


এই প্ৰস্তাৱিত প্ৰকল্পসমূহে এতিয়ালৈকে ৰে’লযোগে সংযুক্ত নোহোৱা অঞ্চলসমূহক সংযোগ কৰি আৰু পৰিবহণ নেটৱৰ্ক বৃদ্ধি কৰি লজিষ্টিক দক্ষতা উন্নত কৰিব, যাৰ ফলত সুশৃংখলিত যোগান শৃংখল আৰু দ্ৰুত অৰ্থনৈতিক বিকাশ হ’ব


প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় প্ৰায় ২৪,৬৫৭ কোটি টকা আৰু ২০৩০-৩১ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব


এই প্ৰকল্পসমূহে নিৰ্মাণৰ সময়ত প্ৰায় ৩ কোটি মেন ডে’ৰ প্ৰত্যক্ষ নিয়োগো সৃষ্টি কৰিব

Posted On: 09 AUG 2024 9:58PM by PIB Guwahati 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে প্ৰায় ২৪,৬৫৭ কোটি টকাৰ মুঠ আনুমানিক ব্যয়েৰে ৰে’ল মন্ত্ৰালয়ৰ ৮টা প্ৰকল্পত অনুমোদন জনাইছে।
নতুন লাইনৰ এই প্ৰস্তাৱসমূহে প্ৰত্যক্ষ সংযোগ প্ৰদান কৰিব আৰু গতিশীলতা উন্নত কৰিব, যাৰ ফলত ভাৰতীয় ৰে’লৱেক বৰ্ধিত কাৰ্যক্ষমতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা প্ৰদান কৰিব। এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে মিল আছে, যিয়ে এই অঞ্চলৰ জনসাধাৰণক সৰ্বাংগীন উন্নয়নৰ জৰিয়তে “আত্মনিৰ্ভৰশীল” কৰি তুলিব, যাৰ ফলত তেওঁলোকৰ কৰ্মসংস্থাপন/আত্ম সংস্থাপনৰ সুযোগ বৃদ্ধি পাব।
এই প্ৰকল্পসমূহ মাল্টি-মডেল কানেক্টিভিটিৰ বাবে পিএম-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ ফল, যিটো সংহত পৰিকল্পনাৰ জৰিয়তে সম্ভৱ হৈ উঠিছে আৰু ই মানুহ, সামগ্ৰী আৰু সেৱাৰ চলাচলৰ বাবে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।
ওড়িশা, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, তেলেংগানা আৰু পশ্চিম বংগৰ সাতখন ৰাজ্যৰ ১৪খন জিলা সামৰি লোৱা ৮টা প্ৰকল্পই ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক ৯০০ কিলোমিটাৰ বৃদ্ধি কৰিব।
এই প্ৰকল্পসমূহৰ জৰিয়তে ৬৪টা নতুন ষ্টেচন নিৰ্মাণ কৰা হ’ব, যাৰ ফলত ৬খন আকাংক্ষিত জিলা (পূব সিংভূম, ভাদাদ্ৰীকোঠাগুডেম, মালকানগিৰি, কালাহাণ্ডী, নবাৰংপুৰ, ৰায়গড়া), প্ৰায় ৫১০খন গাঁও আৰু প্ৰায় ৪০ লাখ জনসংখ্যাৰ সৈতে উন্নত সংযোগৰ ব্যৱস্থা কৰা হ’ব।
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ অজন্তা গুহা ভাৰতীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰা হ’ব, যাৰ ফলত ইয়ালৈ বৃহৎ সংখ্যক পৰ্যটক আহিব পাৰিব।
কৃষিজাত সামগ্ৰী, সাৰ, কয়লা, লোহা, তীখা, চিমেণ্ট, বক্সাইট, চূণশিল, এলুমিনিয়ামৰ গুড়ি, গ্ৰেনাইট, বেলেষ্ট, পাত্ৰ আদি সামগ্ৰী পৰিবহণৰ বাবে এইবোৰ অপৰিহাৰ্য পথ। ক্ষমতা সংযোজনৰ কামৰ ফলত ১৪৩ এমপিটিএ (বছৰি মিলিয়ন টন) অতিৰিক্ত মালবাহী যাতায়ত হ’ব। ৰে'ল হৈছে পৰিৱেশ অনুকূল আৰু শক্তি দক্ষ পৰিবহণৰ পদ্ধতি যিয়ে জলবায়ুৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব আৰু দেশৰ লজিষ্টিক খৰচ হ্ৰাস কৰিব, তেল আমদানি হ্ৰাস কৰিব (৩২.২০ কোটি লিটাৰ) আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব (০.৮৭ মিলিয়ন টন) কম কৰাত সহায়ক হ’ব, যিটো ৩.৫ কোটি গছ ৰোপণৰ সমতুল্য।

S.No.

New Railway Line route

Length of Line

(km)

Districts covered

States

1

Gunupur-Therubali (New Line)

73.62

Rayagada

Odisha

2

Junagarh-Nabrangpur

116.21

Kalahandi &Nabrangpur

Odisha

3

Badampahar – Kandujhargarh

82.06

Keonjhar & Mayurbhanj

Odisha

4

Bangriposi – Gorumahisani

85.60

Mayurbhanj

Odisha

5

Malkangiri – Pandurangapuram (via Bhadrachalam)

173.61

Malkangiri, East Godavari &BhadradriKothagudem

Odisha, Andhra Pradesh & Telangana

6

Buramara – Chakulia

59.96

East Singhbhum, Jhargram&Mayurbnanj

Jharkhand, West Bengal & Odisha

7

Jalna – Jalgaon

174

Aurangabad

Maharashtra

8

Bikramshila – Katareah

26.23

Bhagalpur

Bihar

**********


 
DS

 


(Release ID: 2044014) Visitor Counter : 64