জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

জনজাতীয় শিক্ষাৰ্থীসকলৰ বাবে অৰ্ধপৰিবাহী প্ৰযুক্তি-ৰ প্ৰশিক্ষণ

‘আইআইএছচি বেংগালুৰু’য়ে আগন্তুক ৩টা বছৰত ১৫০০ জনজাতীয় শিক্ষাৰ্থীক অৰ্ধপৰিবাহী প্ৰযুক্তি-ৰ ‘বুনিয়াদী প্ৰশিক্ষণ’ আৰু ৬০০ জনজাতীয় শিক্ষাৰ্থীক প্ৰযুক্তিবিধৰ ‘উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ’ প্ৰদান কৰিব

Posted On: 08 AUG 2024 1:12PM by PIB Guwahati

ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৩-২৪ বিত্তীয় বৰ্ষত ‘জনজাতীয় গৱেষণা তথ্য, শিক্ষা, যোগাযোগ আৰু অনুষ্ঠান’ (ট্ৰাই-ইচিই)ৰ অধীনত বেংগালুৰুৰ ‘নেনো বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান’-ৰ নেনো বিজ্ঞান আৰু অভিযান্ত্ৰিক কেন্দ্ৰক কেন্দ্ৰীয় খণ্ডৰ আঁচনি – 'জনজাতীয় সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলৰ বাবে অৰ্ধপৰিবাহী সংৰচনা আৰু চৰিত্ৰায়ন প্ৰশিক্ষণ'(ছেমিকণ্ডাক্টৰ ফেব্ৰিকেশ্যন এণ্ড কেৰেক্টাৰাইজেশ্যন ট্ৰেইনিং ফৰ ষ্টুডেণ্টছ ফ্ৰম ট্ৰাইবেল কমিউনিটী) প্ৰকল্পটো অৰ্পণ কৰিছে। প্ৰকল্পটোৰ লক্ষ্য হৈছে আগন্তুক তিনিটা বছৰত জনজাতীয় শিক্ষাৰ্থীসকলক অৰ্ধপৰিবাহী প্ৰযুক্তিৰ ‘২১০০ এনএছকিউএফ-প্ৰমাণিত স্তৰ ৬.০ আৰু ৬.৫’-ৰ প্ৰশিক্ষণ প্ৰদান কৰা।

 

জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে আইআইএছচি বাংগালোৰৰ সহযোগত অহা তিনি বছৰত ১৫০০ জনজাতীয় শিক্ষাৰ্থীক বুনিয়াদী প্ৰশিক্ষণ আৰু ৬০০ জনজাতীয় শিক্ষাৰ্থীক উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰিব। অভিযান্ত্ৰিক বিষয়ৰ এটাত ডিগ্ৰী লাভ কৰা সকলো জনজাতীয় শিক্ষাৰ্থীয়ে কাৰ্যসূচীটোৰ বাবে আবেদন কৰিব পাৰিব।

আইআইএছচি, বেংগালুৰুৰ তৰফৰ জনোৱা অনুসৰি, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে অৰ্ধপৰিবাহী প্ৰযুক্তিৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে ৬ টা ডাঙৰ ‘নেনো কেন্দ্ৰ’ (আইআইএছচি সহ) স্থাপন কৰিছে। সংৰক্ষণ নীতি অনুসৰি, এই নেনো কেন্দ্ৰসমূহৰ ডিগ্ৰী কাৰ্যসূচীবোৰত জনজাতীয় সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব আছে। ডিগ্ৰী কাৰ্যসূচীৰ বাহিৰে নেনো কেন্দ্ৰসমূহে https://inup-i2i.in/inup_wrapper/home.php ‘আইএনইউপি কাৰ্যসূচী’ৰ অধীনত হ্ৰস্বম্যাদী প্ৰশিক্ষণ কাৰ্যসূচীও চলায়। অৱশ্যে, ‘এমঅ’টিএ’-ৰ সৈতে কাৰ্যসূচীটো হৈছে কেৱল জনজাতীয় সম্প্ৰদায়ৰ বাবে সমৰ্পিত প্ৰথম প্ৰশিক্ষণ কাৰ্যসূচী।

আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী দুৰ্গাদাস উইকীয়ে এই তথ্য অৱগত কৰে।

*****

VM/KB



(Release ID: 2043387) Visitor Counter : 19