শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
‘নিযুক্তি-সংযোজিত উদগণি আঁচনি’ অভিযানৰ ৰূপত দ্ৰুতগতিৰে ৰূপায়ণ কৰা হ'ব: ড০ মাণ্ডৱিয়া
‘ইএলই আঁচনি’ ৰূপায়ণ সম্পৰ্কীয় বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীয়ে সভাপতিত্ব কৰে
২ কোটিৰো অধিক চাকৰি সৃষ্টি কৰাৰ বাবে ‘ইএলআই আঁচনি’
प्रविष्टि तिथि:
06 AUG 2024 2:55PM by PIB Guwahati
নিযোগ সৃষ্টিত সহায় কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই ২০২৪-২৫ চনৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা ‘নিযুক্তি-সংযোজিত উদগণি’ (ইএলআই) আঁচনিৰ দ্ৰুত ৰূপায়ণৰ নিৰ্দেশ দিয়ে। ‘ইএলআই আঁচনি’ আৰু ইয়াৰ ৰূপায়ণ পৰিকল্পনা পৰ্যালোচনা কৰোতে ড০ মান্দাৱিয়াই এই নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী শোভা কাৰান্দলাজে আৰু মন্ত্ৰালয়টোৰ লগতে ‘ইপিএফঅ'’ৰ জ্যেষ্ঠ বিষয়াসকলো বৈঠকত উপস্থিত আছিল।

ড০ মান্দাৱিয়াই ‘ইএলআই আঁচনি’ৰ লাভ প্ৰকৃত হিতাধিকাৰীসকলৰ কাষলৈ লৈ যোৱাটো নিশ্চিত কৰাৰ বাবে এক শক্তিশালী প্ৰণালী অৱলম্বনত গুৰুত্ব আৰোপ কৰে। "এক বহনক্ষম আৰু সামগ্ৰিক নিযুক্তি পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ দিশত আমাৰ প্ৰচেষ্টা নিৰ্দেশিত হোৱাটো অতি প্ৰয়োজনীয়। ‘ইএলআই আঁচনি’খন নিয়োগ সৃষ্টিৰ সুবিধাৰ বাবে প্ৰস্তুত কৰা হৈছে, আৰু নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলক উদগনি প্ৰদানৰ দিহা কৰা হৈছে," কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
‘ইএলআই আঁচনি’ৰ লক্ষ্য হৈছে ২ বছৰৰ ভিতৰত দেশত ২ কোটিৰো অধিক চাকৰি সৃষ্টি কৰা। ই নিযুক্তিৰ সুযোগ বৃদ্ধি আৰু জীৱিকাৰ সাধন বৃদ্ধিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক ‘ইএলআই আঁচনি’ৰ লাভালাভ সন্দৰ্ভত ৰাইজক, বিশেষকৈ লক্ষ্যনিৰ্দিষ্ট হিতাধিকাৰীসকলক শিক্ষিত কৰাৰ বাবে এক বিস্তৃত প্ৰচাৰ আৰু সজাগতা অভিযান চলাবলৈ আহ্বান জনায়।
২লাখ কোটি টকাৰ আৱণ্টিত কেন্দ্ৰীয় পুঁজিৰ সৈতে ৫ বছৰৰ ভিতৰত ৪.১ কোটি যুৱক-যুৱতীৰ বাবে নিযুক্তি, দক্ষতা বৰ্দ্ধন আৰু অন্যান্য সুযোগ সৃষ্টিৰ বাবে প্ৰধানমন্ত্ৰীৰ ৫টা আঁচনি আৰু পদক্ষেপৰ পেকেজৰ অংশ হিচাপে ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত 'এমপ্লয়মেণ্ট লিংকড ইনচেণ্টিভ'ৰ তিনিটা আঁচনি ঘোষণা কৰা হৈছিল।
উপৰোক্ত আঁচনিসমূহৰ বিৱৰণ আৰু সেইসমূহৰ ৰূপায়ণ পৰিকল্পনা চূড়ান্ত কৰাৰ প্ৰক্ৰিয়া চলাই আছে শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ে।
*******
Himanshu Pathak/KB
(रिलीज़ आईडी: 2042143)
आगंतुक पटल : 113