প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীত ‘চিআইআই বাজেট-উত্তৰ সন্মিলন’ত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 30 JUL 2024 3:44PM by PIB Guwahati

‘চিআইআই’-ৰ অধ্যক্ষ শ্ৰী সঞ্জীৱ পুৰী ডাঙৰীয়া, ইয়াত উপস্থিত থকা উদ্যোগজগতৰ দিগগজ ব্যক্তিসকল, জ্যেষ্ঠ কূটনীতিবিদসকল, ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে দেশৰ বিভিন্ন কোণৰ পৰা আমাৰ সৈতে সংযোজিত হোৱা উদ্যোগ আৰু ব্যৱসায় জগতৰ সকলো বন্ধু, গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!

যুৱকপ্ৰজন্মৰ যদি সমাৱেশ হ’লহেতেন তেন্তে মই আৰম্ভ কৰিলোহেঁতেন – ‘হাউ ইজ দা জোছ’ বুলি! অৱশ্যে, মই ভাবো তেনেকৈ আৰম্ভ কৰাৰ বাবে এয়াও সঠিক ঠায়েই। আৰু যেতিয়া মোৰ দেশ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে এনে স্থিৰতা প্ৰাপ্ত কৰা ব্যক্তিসকল ‘জোছ’ অৰ্থাত্ উত্সাহেৰে পৰিপূৰ্ণ হৈ থাকে তেন্তে, মোৰ দেশ কেতিয়াও পিচুৱাই যাবলগীয়া নহয়। আপোনালোকে মোক এই কাৰ্যসূচীলৈ আমন্ত্ৰণ জনাইছে, মই ‘চিআইআই’-ৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ মনত আছে যে মহামাৰীৰ সময়ত আপোনালোক আৰু মই আলোচনা কৰি আছিলো, আপোনালোকৰ বহুতেই চাগৈ সেই কথা মনত ৰাখিছে। আৰু আলোচনাৰ কেন্দ্ৰত থকা বিষয়টো আছিল –‘বিকাশৰ পুনৰাৱৰ্তন কৰা’, আমাৰ আলোচনা এই প্ৰসংগক লয়ে চলিছিল। আৰু তাৰ পিছত মই আপোনালোকক কৈছিলো যে ভাৰত অতি সোনকালেই উন্নয়নৰ পথত আগবাঢ়িবলৈ ল’ব। আৰু আজি ভাৰত কিমান উচ্চতাত আছে? আজি ভাৰতে ৮শতাংশ হাৰৰ গতিবেগৰে উন্নতি কৰিবলৈ লৈছে। আজি আমি সকলোৱে আলোচনা কৰি আছো- ‘বিকাশিত ভাৰতৰ দিশে যাত্ৰা’ৰ। এই পৰিৱৰ্তন কেৱল অনুভূতিৰ নহয়, এই পৰিৱৰ্তন হৈছে আত্মবিশ্বাসৰ। আজি ভাৰত হৈছে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি, আৰু সেই দিন বেছি দূৰ নাই যেতিয়া ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হৈ উঠিব। মই যিটো শ্ৰেণীৰ পৰা আহিছো সেইটো সেইটো শ্ৰেণীৰ এক পৰিচয় হৈ উঠিছে যে তেওঁলোকৰ কথা নিৰ্বাচনৰ আগতে কৰা হয়, কিন্তু তেওঁলোকক নিৰ্বাচনৰ পিছত পাহৰি যোৱা হয়। কিন্তু মই সেই সম্প্ৰদায়ৰ এক ব্যতিক্ৰম, আৰু সেয়েহে মই আপোনালোকক মনত পেলাই দিওঁ যে মই কৈছিলো যে মোৰ তৃতীয়টো কাৰ্যকালত দেশখন তিনি নম্বৰ অৰ্থনীতি হৈ উঠিব। ভাৰতে অতি সাৱধানেৰে পদক্ষেপ আগবঢ়াইছে।

বন্ধুসকল,

যেতিয়া আপোনালোক সকলোৱে আমাক ২০১৪ চনত দেশৰ সেৱা কৰাৰ সুযোগ দিছিল, ২০১৪ চনত যেতিয়া আমাৰ চৰকাৰ গঠন হৈছিল, তেতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো আছিল অৰ্থনীতিক কেনেদৰে পুনৰ পথলৈ ঘূৰাই আনিব পৰা যাব? ইয়াত সকলোৱে ২০১৪ চনৰ আগৰ ‘ভঙ্গুৰ পাঁচৰ পৰিস্থিতি’ আৰু লাখ কোটি টকাৰ কেলেংকাৰীৰ কথা প্ৰতিগৰাকী ব্যক্তিয়েই জানিছিল। আমাৰ অৰ্থনীতিৰ অৱস্থা কি আছিল, চৰকাৰে এখন শ্বেতপত্ৰ জাৰী কৰি ইয়াক দেশৰ সন্মুখত ৰাখিছিল। মই বিৱৰণলৈ নাযাওঁ, কিন্তু মই আপোনালোকৰ পৰা আশা কৰিম যে আপোনালোকৰ দৰে লোকে, আপোনালোকৰ দৰে সংগঠনে ইয়াক অধ্যয়ন কৰিব লাগিব, আমি ক'ত থিয় দি আছিলোঁ আৰু আমি কি ৰোগৰ চিকাৰ হৈছিলোঁ সেই বিষয়ে আপোনালোকৰ মাজত বিতৰ্ক হ’ব লাগিব। আমি ভাৰত আৰু ভাৰতৰ উদ্যোগজগতক সেই বৃহৎ সংকটৰ পৰা উলিয়াই আনি এই উচ্চতালৈ লৈ আহিছো। এই কেইদিনমান মাত্ৰ আগতে বাজেট উথ্থাপন কৰা হৈছে আৰু মই দেখি আছিলো যে আপোনালোকৰ এখন ভাল দস্তাবেজ প্ৰস্তুত হৈছে আৰু মই এইমাত্ৰ ইয়াকে চাই আছিলো আৰু মই নিশ্চিতভাৱেই ইয়াক অধ্যয়ন কৰিম। আৰু যিখন বাজেট এই অলপতে উথ্থাপন কৰা হৈছে, আপোনালোক বাজেটৰ আলোচনাত এতিয়াও ব্যস্ত হৈ আছে, সেয়েহে মই আজি বাজেট সম্পৰ্কীয় কিছুমান তথ্য আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছো।

বন্ধুসকল,

২০১৩-১৪ বৰ্ষত যেতিয়া পূৰ্বৰ চৰকাৰৰ অন্তিম বাজেট উথ্থাপিত হৈছিল, ড০ মনমোহন সিং ডাঙৰীয়াৰ অন্তিমখন বাজেট আছিল ১৬ লাখ কোটি টকাৰ। আজি আমাৰ চৰকাৰৰ কালত এই বাজেট তিনিগুণ বৃদ্ধি হৈ ৪৮ লাখ কোটি টকাৰ হৈছেহি। মূলধনী ব্যয়, যাক সম্পদ বিনিয়োগৰ সৰ্ববৃহৎ উৎপাদনশীল মাধ্যম বুলি কোৱা হয়, ইয়াৰ পৰিমাণ নিতান্তই আকৰ্ষণীয় হৈছে। ২০০৪ যেতিয়া অটল জীৰ চৰকাৰ গৈছিল। ‘ইউপিএ চৰকাৰ’ ২০০৪ চনত আৰম্ভ হৈছিল আৰু ‘ইউপিএ চৰকাৰ’ৰ প্ৰথম বাজেটত মূলধনী ব্যয়ৰ পৰিমাণ আছিল প্ৰায় ৯০ হাজাৰ কোটি টকা। অৰ্থাৎ ২০১৪ চনত ১০ বছৰ চৰকাৰ চলোৱাৰ পিছত ‘ইউপিএ’ চৰকাৰে ইয়াৰ বাজেটত মূলধনী ব্যয়ৰ পৰিমাণ কৰিছিল ২ লাখ কোটি টকা, অৰ্থাৎ ৯০ হাজাৰ কোটিৰ পৰা ২ লাখ কোটিত উপনীত হ'বলৈ সক্ষম হৈছিল। আৰু আজি মূলধনী ব্যয়ৰ পৰিমাণ ১১ লাখ কোটি টকাতকৈয়ো অধিক হৈছে। অৰ্থাৎ, ২০০৪-২০১৪ৰ ১০ বছৰত ‘কেপেক্স’ কেনোমতে দুগুণ হৈছিল। আনহাতে আমাৰ চৰকাৰৰ দহটা বছৰত ‘কেপেক্স’ৰ পৰিমাণ ৫ গুণতকৈয়ো অধিক বৃদ্ধি পাইছে। আৰু আপোনালোকে বিভিন্ন ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও ভাৰতে আজি প্ৰতিটো খণ্ডৰ অৰ্থনীতিৰ ওপৰত কেনেদৰে গুৰুত্ব দিছে তাৰ সঠিক ধাৰণা পাব। পূৰ্বৰ চৰকাৰৰ ১০ বছৰৰ তুলনাত আমাৰ চৰকাৰে ৰে'লৰ বাজেট ৮ গুণ বৃদ্ধি কৰিছে, ঘাইপথৰ বাজেট ৮ গুণ বৃদ্ধি কৰিছে, কৃষিৰ বাজেট ৪ গুণতকৈয়ো অধিক বৃদ্ধি পাইছে, আৰু প্ৰতিৰক্ষাৰ বাজেট ২ গুণতকৈয়ো অধিক বৃদ্ধি পাইছে।

 

আৰু বন্ধুসকল,

 

এয়া হৈছে প্ৰতিটো খণ্ডত বাজেটৰ অভিলেখ বৃদ্ধি, আৰু একেসময়তে কৰ হ্ৰাস কৰাৰ পিছত হোৱা বৃদ্ধি। ২০১৪ চনত ১ কোটি টকা উপাৰ্জন কৰা ‘এমএছএমই’-সমূহে ১ কোটি টকাৰ ‘প্ৰকল্পিত কৰ’ পৰিশোধ কৰিব লগা হৈছিল। এতিয়া ৩ কোটি টকালৈকে উপাৰ্জন থকা ‘এমএছএমই’সমূহেও ইয়াৰ সুবিধা ল'ব পাৰে। ২০১৪ চনত ৫০  কোটি টকালৈকে উপাৰ্জন কৰা ‘এমএছএমই’সমূহে ৩০ শতাংশ কৰ পৰিশোধ কৰিব লগা হৈছিল। আজি এই হাৰ হৈছে ২২ শতাংশ। ২০১৪ চনত ‘কোম্পানী’সমূহে ৩০ শতাংশ ‘কৰ্পোৰেট কৰ’ পৰিশোধ কৰিছিল, আজি ৪০০ কোটি টকালৈকে উপাৰ্জন কৰা ‘কোম্পানী’সমূহৰ বাবে এই হাৰ হৈছে ২৫ শতাংশ।

 

আৰু বন্ধুসকল,

 

এইটো কেৱল বাজেট আৱণ্টন বৃদ্ধি বা কৰ হ্ৰাস কৰা সন্দৰ্ভতে নহয়। ইয়াৰ সৈতে সুশাসনৰ কথাও আছে। মই আপোনালোকক এটা উদাহৰণ দিওঁ। এতিয়া ধৰক এজন দুৰ্বল ব্যক্তি, যাৰ ওজন কম, কিন্তু কোনো ৰোগৰ বাবে তেওঁৰ শৰীৰটো ফুলিবলৈ ধৰিছে আৰু কাপোৰবোৰ আগৰ তুলনাত সৰু হ'বলৈ আৰম্ভ কৰিছে, তেনে পৰিস্থিতিত আমি তেওঁক স্বাস্থ্যৱান বুলি ক'ম নেকি? আপোনালোকে তেওঁক স্বাস্থ্যৱান বুলি মানি ল’বনে? তেওঁক বহুত স্বাস্থ্যৱান যেন দেখাব পাৰে কিন্তু বাস্তৱততো তেওঁ নিতান্তই দুৰ্বলেই। ২০১৪ চনৰ পূৰ্বৰ বাজেটৰ ক্ষেত্ৰতো একেই আছিল। সেই সময়ত, অৰ্থনীতিৰ স্বাস্থ্য ভাল বুলি দেখুৱাবলৈ বাজেটত ডাঙৰ ডাঙৰ ঘোষণা কৰা হৈছিল। কিন্তু সঁচা কথাটো হ'ল যে বাজেটত কৰা ঘোষণাবোৰ সম্পূৰ্ণৰূপে ভূমিগত কৰিব পৰা নাছিল। এই লোকসকলে আনকি আন্তঃগাঁথনিৰ বাবে নিৰ্ধাৰিত পৰিমাণটোও সম্পূৰ্ণৰূপে ব্যয় কৰিব পৰা নাছিল। যেতিয়া তেওঁলোকে বাজেট ঘোষণা কৰিছিল, তেওঁলোকে শিৰোনাম ঠিকেই দখল কৰিছিল। শ্বেয়াৰ বজাৰতো অলপ-অচৰপ দৃশ্যমান হৈছিল হ’বলা। পূৰ্বৱৰ্তী চৰকাৰসমূহে আঁচনিসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰতো বিশেষ জোৰ দিয়া নাছিল। আমি ১০ বছৰত এই পৰিস্থিতি সলনি কৰিছো। আমাৰ চৰকাৰে যি গতিত আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে, সেয়া অভূতপূৰ্ব।

 

বন্ধুসকল,

 

আজি আমি বাস কৰা পৃথিৱীখন বহুতো অনিশ্চয়তাৰে ভৰি আছে। আৰু এনে এখন পৃথিৱীত ভাৰতৰ দৰে বিকাশ আৰু স্থিৰতা হৈছে এক ব্যতিক্ৰম। আনকি এনে অনিশ্চয়তাৰ সময়তো ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ যথেষ্ট বৃদ্ধি পাইছে। আজি, যেতিয়া সকলো দেশে নিম্ন বিকাশ বা উচ্চ মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি আছে। সেই পৰিস্থিতিত, উচ্চ বিকাশ আৰু নিম্ন মুদ্ৰাস্ফীতি থকা ভাৰত হৈছে একমাত্ৰ দেশ। ইমান ডাঙৰ মহামাৰী হোৱা স্বত্বেও, ভাৰতৰ বিত্তীয় বিচক্ষণতা সমগ্ৰ বিশ্বৰ বাবে এক আদৰ্শ হৈ উঠিছে। ‘গ্লোবেল গুডছ এণ্ড চাৰ্ভিচেছ এক্সপোৰ্ট’-ত ভাৰতৰ অৱদান নিৰন্তৰ ভাৱে বৃদ্ধি হৈ আছে। আজি গোলকীয় বিকাশত ভাৰতৰ অংশ ১৬ শতাংশলৈ বৃদ্ধি পাইছে। আৰু আপোনালোকে মন কৰিব লাগিব যে ভাৰতে এই বিকাশ অৰ্জন কৰিছে যেতিয়া যোৱা ১০ বছৰত অৰ্থনীতিক হতবাক কৰা বহুতো সংকট আহিছিল, আমাৰ কাৰ্যকালত এইটোও এটা সমস্যা আছিল। ১০০ বছৰৰ আটাইতকৈ ডাঙৰ মহামাৰী, পৃথিৱীৰ বিভিন্ন দেশত যুদ্ধৰ পৰিস্থিতি, ভাৰতত ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ– কেতিয়াবা ঘূৰ্ণীবতাহ, কেতিয়াবা খৰাং, কেতিয়াবা ভূমিকম্প। আমি প্ৰতিটো সংকটৰ সৈতে যুঁজিছিলো, প্ৰতিটো প্ৰত্যাহ্বান সমাধান কৰিছিলো। যদি এই সংকট নহ'লহেঁতেন, ভাৰত আজি য'ত উপনীত হৈছে তাতকৈ বহু বেছি উচ্চতাত থাকিলহেঁতেন আৰু মই মোৰ বিশ্বাস, মোৰ অভিজ্ঞতাৰ আধাৰত এইকথা কৈছোঁ।

 

বন্ধুসকল,

 

আজি দেশখনে উন্নত ভাৰতৰ সংকল্প গ্ৰহণ কৰি আগবাঢ়িছে। যোৱা ১০ বছৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত হৈছে। আমি দেশৰ নাগৰিকসকলৰ স্বাচ্ছন্দ্যপূৰ্ণ জীৱনধাৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছো, আমি দেশৰ নাগৰিকৰ জীৱনৰ মান উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছো।

 

বন্ধুসকল,

 

‘উদ্যোগ ৪.০’-ৰ কথা মনত ৰাখি আমি দক্ষতা বিকাশ আৰু নিযুক্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছো। আজি দেশৰ যুৱপ্ৰজন্মৰ মাজত এনে এক মনোভাৱ গঢ়ি উঠিছে যে তেওঁলোকে নিজৰ সামৰ্থ্যৰে কিবা এটা কৰি দেখুৱাব লাগে। ‘মুদ্ৰা যোজনা’, ‘ষ্টাৰ্টআপ ইণ্ডিয়া’, ‘ষ্টেণ্ডআপ ইণ্ডিয়া’ অভিযানেই হওঁক, অভিযানসমূহে যুৱপ্ৰজন্মক যথেষ্ট সহায় কৰি আছে। ‘মুদ্ৰা যোজনা’ৰ সহায়ত ৮ কোটিতকৈয়ো অধিক বন্ধুৱে প্ৰথমবাৰৰ বাবে এটা ব্যৱসায় আৰম্ভ কৰিছে। আজি দেশত প্ৰায় ১ লাখ ৪০ হাজাৰ ‘ষ্টাৰ্ট-আপ’ আছে। আৰু লাখ লাখ যুৱক-যুৱতীয়ে এইসমূহত কাম কৰি আছে আৰু নতুন অভিযান হাতত লৈছে। এইখন বাজেটত ঘোষণা কৰা ২ লাখ কোটি টকাৰ ‘প্ৰধানমন্ত্ৰী পেকেজ’-ক চৌদিশে প্ৰশংসা কৰা হৈছে, ইয়াক যথেষ্ট প্ৰশংসা কৰা হৈছে। ই ৪ কোটিতকৈয়ো অধিক যুৱক-যুৱতীক পোনপটীয়াকৈ লাভান্বিত কৰিব। এই ‘প্ৰধানমন্ত্ৰী পেকেজ’টো সামগ্ৰিক আৰু বিস্তৃত। ই খণ্ডিত নহয়, ই হৈছে আন্তঃ-সংযোজিত, এটা প্ৰান্তৰ পৰা আনটো প্ৰান্ত পৰ্যন্ত এটা সমাধান। ইয়াৰ দৃষ্টিভংগী স্পষ্ট, ভাৰতৰ জনশক্তি গোলকীয় প্ৰতিযোগিতামূলক হ'ব লাগে, ভাৰতৰ সামগ্ৰী বিশ্ব প্ৰেক্ষাপত প্ৰতিযোগিতামূলক হ'ব লাগে, আৰু ই কেৱল মানৰ ক্ষেত্ৰতে নহয়, বৰঞ্চ মূল্যমানৰ ক্ষেত্ৰতো প্ৰতিযোগিতামূলক হ'ব লাগে। আমাৰ যুৱসকলৰ দক্ষতা বৃদ্ধি কৰিবলৈ, তেওঁলোকৰ সামৰ্থ্য উন্মোচিত কৰিবলৈ আৰু তেওঁলোকক সহজ নিযুক্তি প্ৰদান কৰিবলৈ, আমি এক ‘ইণ্টাৰ্নশ্বিপ আঁচনি’ আনিছো। আপোনালোকৰ দৰে যিসকললোক নিযুক্তি সৃষ্টিৰ সৈতে জড়িত হৈ আছে তেওঁলোকেও যাতে বৃহৎ পৰিমাণত উদগণি লাভ কৰিব পাৰে আমি সেই ক্ষেত্ৰতো প্ৰায়স কৰি আছো। সেইকাৰণে চৰকাৰে ‘ইপিএফঅ'ৰ অৱদান’ত উদগনি ঘোষণা কৰিছে।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰৰ অভিপ্ৰায় আৰু প্ৰতিশ্ৰুতিবদ্ধতা অতিকে স্পষ্ট। আমাৰ দিশত কোনো বিচ্যুতি নাই। সেয়া লাগিলে ‘প্ৰথমে ৰাষ্ট্ৰ’-ৰ আমাৰ প্ৰতিশ্ৰুতিইে হওক, অথবা ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ সংকল্পই হওক, পৰিপূৰ্ণতা লাভৰ দৃষ্টিভংগী সম্ভৱ কৰাৰ উদ্দেশ্যই হওক, কিম্বা ‘জিৰো এফেক্ট জিৰো ডিফেক্ট’-ৰ কথাই হওক, সেয়া লাগিলে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰতি আমাৰ দৃঢ় সংকল্পই হওক বা উন্নত ভাৰতৰ এক বিশাল সংকল্পৰ বাবে আমাৰ দীৰ্ঘম্যাদী দৌৰেই হওক। আমি ইয়াৰ বাবে সম্পূৰ্ণ মনোযোগেৰে কাম কৰি আছো। আমি আঁচনিসমূহ নিৰন্তৰ সম্প্ৰসাৰিত কৰি আহিছো, সেইবোৰৰ অগ্ৰগতি পৰ্যালোচনা কৰি আহিছো। চৰকাৰৰ দৃষ্টিভংগী, উন্নয়নৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে আপোনালোক ভালদৰেই অৱগত। আমি প্ৰতিবাৰেই নতুন অভিলেখ ৰচনা কৰি আহিছো। সেয়েহে, মই আশা কৰো যে উদ্যোগ জগতখনে চৰকাৰৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰি উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ চৰকাৰৰ সৈতে প্ৰতিযোগিতা কৰিব, চৰকাৰকো পিছ পেলাই থৈ বিজয় সাব্যস্ত কৰক, আপোনালোকৰ পৰা এয়া মই আশা কৰিছো। ‘প্ৰধানমন্ত্ৰী পেকেজ’-ৰ ঘোষণা, এয়া আমি দুয়ো, সেয়া চৰকাৰেই হওক বা উদ্যোগ জগতেই হওক, আমি ইয়াক এক অংশীদাৰী দায়িত্ব হিচাপে দ্ৰুত গতিত আগুৱাই নিব লাগিব। মোৰ আপোনালোকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে।

 

বন্ধুসকল,

 

এইবাৰৰ বাজেটৰ আন এটা দিশো আছে, যিয়ে উন্নত ভাৰতৰ বাবে আমি আৰম্ভ কৰা যাত্ৰা শক্তিশালী কৰিব। এই বিষয়টো হ'ল– ‘উত্পাদন’। আপোনালোক সকলোৱে দেখিছে যে ১০ বছৰত ভাৰতৰ উৎপাদনী পৰিস্থিতিতন্ত্ৰৰ কেনেদৰে পৰিৱৰ্তন হৈছে। আমি ‘মে’ক ইন ইণ্ডিয়া’-ৰ দৰে এক উচ্চাভিলাষী অভিযান আৰম্ভ কৰিছো, আমি বহুক্ষেত্ৰত ‘এফডিআই’ নিয়মসমূহ সৰল কৰিছো। আমি ‘মাল্টি-মডেল লজিষ্টিক পাৰ্ক’ গঢ়ি তুলিছো, ১৪ টা খণ্ডৰ বাবে ‘পিএলআই আঁচনি’ আৰম্ভ কৰিছো। এনেবোৰ সিদ্ধান্তই উৎপাদনী খণ্ডৰ আত্মবিশ্বাসক এক নতুন উচ্চতালৈ লৈ গৈছে। এতিয়া এই বাজেটত, দেশৰ ১০০ খন ডাঙৰ চহৰৰ ওচৰত বিনিয়োগৰ বাবে সাজু "প্লাগ এণ্ড প্লে" ঔদ্যোগিক উদ্যান নিৰ্মাণ  কৰাৰ কথা ঘোষণা কৰা হৈছে। এই ১০০ খন চহৰ উন্নত ভাৰতৰ নতুন বিকাশ কেন্দ্ৰ হৈ উঠিব। চৰকাৰে বৰ্তমানৰ ‘ঔদ্যোগিক কৰিডৰ’সমূহৰ আধুনিকীকৰণৰো দিহা কৰিব। আমাৰ বৃহৎ মনোযোগ ‘এমএছএমই’সমূহৰ ওপৰতো আছে। ই কোটি কোটি লোকক নিযুক্তি প্ৰদান কৰে। চৰকাৰে ‘এমএছএমই’সমূহৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰাৰ লগতে তেওঁলোকক সুবিধা প্ৰদান কৰিও আহিছে। ‘এমএছএমই’সমূহে প্ৰয়োজনীয় কাৰ্যকৰী মূলধন আৰু ঋণ লাভ কৰা, তেওঁলোকৰ অনুপালনৰ বোজা আৰু কৰ হ্ৰাস কৰা, তেওঁলোকৰ বজাৰৰ উপলব্ধতা আৰু সম্ভাৱনা উন্নত হোৱা, আৰু ‘এমএছএমই’সমূহৰ আনুষ্ঠানিকীকৰণৰ দিহা কৰিবলৈ আমি ২০১৪ চনৰ পৰা নিৰন্তৰ ভাৱে কাম কৰি আহিছো। এইবাৰৰ বাজেটতো ‘এমএছএমই’সমূহৰ বাবে এক নতুন ‘ক্ৰেডিট গেৰাণ্টি আঁচনি’ আৰম্ভ কৰা হৈছে।

 

বন্ধুসকল,

 

যেতিয়া বাজেট উথ্থাপিত হয় তেতিয়া আলোচনাবোৰ প্ৰায়েই কেইটামান গুৰুত্বপূৰ্ণ বিষয়ক কেন্দ্ৰ কৰিয়ে চলি থাকে। আৰু বৰ্তমানৰ বেছিভাগ আলোচনা মিডিয়া চালিত, আৰু সেয়াও কাৰ্যসূচীৰ অধীনত সঞ্চালিত হয়। পিচে, যেতিয়া এক শান্ত বাতাবৰণে বিৰাজ কৰে, তেতিয়াহে পৰিস্থিতিৰ ফালে দৃষ্টি গভীৰভাবে প্ৰসাৰিত হয়। বহুসময়ত সংশ্লিষ্ট উদ্যোগ বা বিশেষজ্ঞসকলে সেইবোৰৰ প্ৰতি অলপ-অচৰপ মনোযোগ নিদিয়া নহয়, দিয়ে, সেইসমূহৰ বিষয়ে আলোচনা কৰেও। কিন্তু মই অনুভৱ কৰোঁ যে প্ৰতিটো ক্ষেত্ৰতে বাৰে বাৰে এনে ধৰণৰ কথাৰ পুনৰাবৃত্তি কৰাটো প্ৰয়োজনীয় আৰু ইয়াৰ বিশ্লেষণো সূক্ষ্ম পৰ্যায়ত হোৱাটো বাঞ্চনীয়। এতিয়া যেনেকৈ বাজেটত পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে আৱণ্টন বৃদ্ধি কৰা হৈছে। আমি কৃষিক্ষেত্ৰত ‘ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি’ সৃষ্টি কৰিবলৈও ওলাইছো। আমি কৃষকসকলক ‘ভূমি নম্বৰ’ দিব পৰাকৈ ‘ভূমি আধাৰ কাৰ্ড’ দিবলৈও আগবাঢ়িছো। ‘মহাকাশ অৰ্থনীতি’ৰ বাবে ১০০০ কোটি টকাৰ এটা ‘ভেঞ্চাৰ কেপিটেল’ৰো ব্যৱস্থা কৰা হৈছে। বাজেটত ‘গুৰুত্বপূৰ্ণ খনিজ অভিযানো’ ঘোষণা কৰা হৈছে। আমি শীঘ্ৰেই খনিৰ ‘অফ-শ্ব'ৰ ব্লক’ৰ প্ৰথম পৰ্যায়ৰ নিলাম আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলাইছো। এই সকলোবোৰ ঘোষণাই প্ৰগতিৰ নতুন পথ মুকলি কৰিব আৰু নতুন সুযোগ সৃষ্টি কৰিব।

 

বন্ধুসকল,

 

আজি, যেতিয়া ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'বলৈ সজু হৈছে, নতুন খণ্ডসমূহতো সম্ভাৱনাৰ সৃষ্টি হৈছে। বিশেষকৈ আমাৰ ‘সূৰ্যোদয় খণ্ড’-ত। আপোনালোকে চাগৈ জানে, প্ৰযুক্তিয়েই হৈছে বৰ্তমান, প্ৰযুক্তিয়েই হৈছে ভৱিষ্যত। আজি, ‘অৰ্ধপৰিবাহী মূল্য শৃংখলা’ত যিখন দেশেই নিজৰ স্থান লাভ কৰিব, সেইখন দেশেই ভৱিষ্যতে এক ডাঙৰ ভূমিকা পালন কৰিব। আৰু সেইকাৰণে আমি ভাৰতত এই উদ্যোগটো আগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছো। একেদৰে, আমি ইলেক্ট্ৰনিক্স উৎপাদনকো উৎসাহিত কৰি আহিছো। আজি মোবাইল উৎপাদন বিপ্লৱৰ যুগ চলিছে। এসময়ত মোবাইল ফোনৰ আমদানিকৰ্তা হৈ থকা ভাৰতে আজি বিশ্বৰ শীৰ্ষ মোবাইল নিৰ্মাতা আৰু ৰপ্তানিকৰ্তা হিচাপে স্থান দখল কৰিছে। ভাৰতত আমি ‘সেউজ নিয়োগ খণ্ড’ৰ বাবে এক বৃহৎ পথ-মানচিত্ৰ প্ৰস্তুত কৰিছো। আমি ‘সেউজীয়া হাইড্ৰজেন’, বৈদ্যুতিক বাহন, এনে বহুতো খণ্ডক আগুৱাই নিছো। ‘প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যোজনা’ ইমান ডাঙৰ আঁচনি, সেয়েহে বহুতো বিক্ৰেতাৰ প্ৰয়োজন, আৰু চৰকাৰে প্ৰতিটো ঘৰলৈ ৭৫ হাজাৰ টকাকৈ দিয়াৰ উদ্যোগ গ্ৰহণ কৰিছে। এই উদ্যোগে স্বস্ফূৰ্তভাবেই এটা ডাঙৰ বিপ্লৱৰ ৰূপ ধাৰণ কৰিবলৈ ওলাইছে। এই বাজেটত ‘পৰিষ্কাৰ শক্তি’-ৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়ে যথেষ্ট আলোচনা হৈছে। আজিৰ যুগত, শক্তি সুৰক্ষা আৰু শক্তি পৰিৱৰ্তন দুয়োটাই অৰ্থনীতি আৰু পৰিস্থিতিবিজ্ঞানৰ বাবে সমানেই গুৰুত্বপূৰ্ণ। কিন্তু একে সময়তে আমি সৰু ‘পাৰমাণৱিক চুল্লি’ৰ বাবেও কাম কৰি আছো। ই কেৱল শক্তি প্ৰৱেশানুকূলতাৰ ৰূপত উদ্যোগটোক লাভান্বিতই নকৰে, বৰঞ্চ এই খণ্ডটোৰ সৈতে সম্পৰ্কিত সমগ্ৰ যোগান শৃংখলাটোৱেও ব্যৱসায়ৰ নতুন সম্ভাৱনা লাভ কৰিব। আমাৰ উদ্যোগ আৰু উদ্যোগীসকলে সদায় দেশৰ উন্নয়নৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰি আহিছে। মই নিশ্চিত যে মই উল্লেখ কৰা সকলো ‘সূৰ্যোদয় খণ্ড’ত আপোনালোকে ভাৰতক এক ‘গোলকীয় খেলুৱৈ’ হিচাপে গঢ়ি তুলিব। আৰু মোৰ বাবে 'গোলকীয় খেলুৱৈ' টো কেৱল গোটদিয়েক শব্দই নহয় দেই ডাঙৰীয়াসকল... মই স্পষ্টভাৱে বিশ্বাস কৰোঁ যে মোৰ দেশ নিশ্চিত ৰূপতে ‘গোলকীয় খেলুৱৈ’ হৈ উঠিব।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰৰ ৰাজনৈতিক ইচ্ছাশক্তিৰ কোনো অভাৱ নাই, আৰু আপোনালোকো ইয়াৰ সৈতে পৰিচিত। আমাৰ বাবে, দেশ আৰু দেশবাসীৰ আশা-আকাংক্ষা, তেওঁলোকৰ উচ্চাভিলাষ আমাৰ বাবে সৰ্বোপৰি। মই উদ্যোগ জগতক, লগতে ভাৰতৰ ব্যক্তিগত খণ্ডক ভাৰতৰ বিকাশৰ বাবে এক শক্তিশালী মাধ্যম হিচাপে বিবেচনা কৰি আহিছো। মই আপোনালোকৰ দৰে সতীৰ্থসকলক, সম্পদ সৃষ্টিকৰ্তাসকলক ভাৰতৰ বিকাশ-গাঁথাৰ মুখ্য চালিকা শক্তি হিচাপে গণ্য কৰোঁ। আৰু মই ইয়াক লালকিল্লাৰ পৰাও গৌৰৱেৰে উল্লেখ কৰিবলৈ কুণ্ঠাবোধ নকৰো।

 

বন্ধুসকল,

 

সমগ্ৰ বিশ্বৰ চকু আজি ভাৰতৰ ওপৰত নিবদ্ধ হৈছে, আপোনালোক সকলোৰে ওপৰত নিবদ্ধ হৈছে। আজি ভাৰতৰ নীতি, ভাৰতৰ নিষ্ঠা, ভাৰতৰ সংকল্প, ভাৰতৰ সিদ্ধান্ত আৰু ভাৰতত হৈ থকা বিনিয়োগ সমগ্ৰ বিশ্বৰ প্ৰগতিৰ আধাৰ হৈ উঠিছে। সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকল ইয়ালৈ আহিবলৈ আগ্ৰহী হৈছে। বিশ্বৰ নেতাসকল ভাৰতক লৈ ইতিবাচকতাৰে পৰিপূৰ্ণ হৈ আছে। এয়া ভাৰতৰ উদ্যোগ জগতৰ বাবে এক উত্তম সুযোগ, এয়া এক সোণালী সুযোগ। আমি এই সুযোগটো হেৰুৱাব নালাগিব। যেতিয়া ‘নীতি আয়োগ’-ৰ সন্মিলনত মুখ্যমন্ত্ৰীসকলৰ সৈতে মোৰ বৈঠক হৈছিল, মই তেওঁলোকক কৈছিলো যে প্ৰতিখন ৰাজ্যই ‘বিনিয়োগকাৰী অনুকূল চনদ’ প্ৰস্তুত কৰিব লাগে। বিনিয়োগ আকৰ্ষিত কৰিবলৈ ৰাজ্যসমূহৰ মাজত এক সুস্থ প্ৰতিযোগিতা হ'ব লাগে। আৰু মই নিবিচাৰো যে মোৰ দেশৰ এখনো ৰাজ্য পিছ পৰি থাকক। বিনিয়োগৰ বাবে নীতিত অধিক স্পষ্টতা আনিব, এক উন্নত পৰিৱেশ সৃষ্টি কৰিব, সুশাসন প্ৰতিটো পদক্ষেপতে উপলব্ধি কৰিব লাগে যাতে বিনিয়োগকাৰীসকল দেশৰ প্ৰতিখন ৰাজ্যলৈকে যাব পাৰে।

 

বন্ধুসকল,

 

যোৱা ১০ বছৰৰ অভিজ্ঞতাৰ আধাৰত আৰু বিশ্বৰ পৰিস্থিতি নিবিড়ভাৱে জানিবলৈ পোৱাৰ পিছত মই সম্পূৰ্ণ আত্মবিশ্বাসেৰে কওঁ যে যেতিয়া দেশখনে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিবগৈ, যেতিয়া ভাৰতৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ'বগৈ, আমি সেই শতিকাটো এক ‘উন্নত ভাৰত’ হিচাপে উদযাপন কৰিম। আমি এখন দৰিদ্ৰ দেশ হিচাপে স্বাধীন হৈছিলো, আমাক লুণ্ঠন কৰা হৈছিল। যিয়েই পৃথিৱীত লুণ্ঠন কৰিব বিচাৰিছিল তেওঁলোকেই লুণ্ঠন কৰি আছিল, শেষ মুহূৰ্তলৈকে লুণ্ঠন কৰা হৈছিল, আৰু তাৰ পিছত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলো। ১০০ বছৰৰ ভিতৰত আমি সকলো বাধা অতিক্ৰম কৰি আৰু আমাৰ সংকল্প পূৰণ কৰি ‘বিকাশিত ভাৰত’ৰ এটা শতিকা উদযাপন কৰিহে এৰিম। আমি জীয়াই থাকোৱেই বা নাথাকোৱেই, আমাৰ আগন্তুক প্ৰজন্মসমূহে ‘উন্নত ভাৰত’ক লৈ গৌৰৱেৰে জীৱন অতিবাহিত কৰক, আমি এই সপোনকে লৈ আগবাঢ়িব বিচাৰিছো। আহক আমি সকলোৱে একেলগে আগবাঢ়ি যাওঁ, আমাৰ ভাৰতৰ বিকাশ সাধন কৰোঁ আৰু এই সংকল্পক সিদ্ধিলৈ লৈ যোৱাৰ বাবে ঈশ্বৰে আমাক জীৱনত যি দিছে, আমি সমাজ আৰু দেশক সৰ্বশ্ৰেষ্ঠখিনি প্ৰদান কৰা উচিত। এই কামনাৰেই মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

 

বহুত বহুত ধন্যবাদ!

 

 

****

DS/ST/RK/AK/KB



(Release ID: 2041468) Visitor Counter : 15