গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে দেশবাসীক ‘হৰ ঘৰ তিৰঙ্গা’ অভিযানৰ অধীনত ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নিজৰ ঘৰত ত্ৰিৰংগ উত্তোলন কৰিবলৈ আহ্বান জনাইছে

অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নিজৰ ঘৰত ত্ৰিৰংগ উত্তোলন কৰি https://harghartiranga.com ৱেবছাইটত নিজৰ ছেল্ফি আপলোড কৰক: শ্ৰী অমিত শ্বাহ

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ আহ্বানত 'হৰ ঘৰ তিৰঙ্গা' অভিযান যোৱা ২ বছৰ ধৰি প্ৰতিজন লোকৰ অভিযানত পৰিণত হৈছে

আমাৰ জাতীয় পতাকা ত্ৰিৰঙ্গ ত্যাগ, আনুগত্য আৰু শান্তিৰ প্ৰতীক

#HarGharTiranga অভিযান স্বাধীনতাৰ বীৰসকলক স্মৰণ কৰা, ৰাষ্ট্ৰ প্ৰথমৰ সংকল্প গ্ৰহণ আৰু ৰাষ্ট্ৰীয় একতা প্ৰসাৰিত কৰাৰ মাধ্যম

Posted On: 03 AUG 2024 1:57PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে দেশবাসীক আহ্বান জনাইছে যে তেওঁলোকে 'হৰ ঘৰ তিৰঙ্গা' অভিযানৰ অধীনত ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নিজৰ ঘৰত ত্ৰিৰংগ উত্তোলন কৰি https://harghartiranga.com ৱেবছাইটত নিজৰ ছেল্ফি আপলোড কৰক।

আজি এক্স প্লেটফৰ্মত কৰা এটা পোষ্টত গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “আমাৰ জাতীয় পতাকা ত্ৰিৰংগ ত্যাগ, আনুগত্য আৰু শান্তিৰ প্ৰতীক। #HarGharTiranga অভিযান স্বাধীনতাৰ বীৰসকলক স্মৰণ কৰা, ৰাষ্ট্ৰ প্ৰথমৰ সংকল্প গ্ৰহণ আৰু ৰাষ্ট্ৰীয় একতা প্ৰসাৰিত কৰাৰ মাধ্যম। প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী জীৰ আহ্বানত এই অভিযান যোৱা ২ বছৰে প্ৰতিজন লোকৰ অভিযানত পৰিণত হৈছে। অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে আপোনালোকেও নিজৰ ঘৰত ত্ৰিৰংগ উত্তোলন কৰি https://harghartiranga.com ত নিজৰ ছেল্ফি আপলোড কৰক।”

**********

 

RK/VV/PR/PS



(Release ID: 2041454) Visitor Counter : 11