প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

৩২সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদ সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰীৰ

৬৫বছৰৰ পাছত ভাৰতত অনুষ্ঠিত সন্মিলনলৈ ১২ কোটি কৃষক, ৩ কোটিতকৈ অধিক মহিলা কৃষক, ৩ কোটি মাছমৰীয়া আৰু ৮ কোটি পশুপালকক হৈ প্ৰতিনিধিসকলক আদৰণি জনালে প্ৰধানমন্ত্ৰীয়ে

“ভাৰতীয় কৃষি পৰম্পৰাত বিজ্ঞান আৰু যুক্তিক অগ্ৰাধিকাৰ দিয়া হৈছে”

“ভাৰতৰ ঐতিহ্যৰ ওপৰত ভিত্তি কৰি কৃষি শিক্ষা আৰু গৱেষণাৰ এক শক্তিশালী ব্যৱস্থা আছে”

“ভাৰত আজি এখন খাদ্য উদ্বৃত্ত দেশত পৰিণত হৈছে”

“এটা সময় আছিল যেতিয়া ভাৰতৰ খাদ্য সুৰক্ষা বিশ্বজনীন চিন্তাৰ বিষয় আছিল, আজি ভাৰতে বিশ্ব খাদ্য আৰু পুষ্টি সুৰক্ষাৰ বাবে সমাধান আগবঢ়াইছে”

“ভাৰত ‘বিশ্ব বন্ধু’ হিচাপে বিশ্ব কল্যাণৰ প্ৰতি দায়বদ্ধ”

“বহনক্ষম কৃষি আৰু খাদ্য ব্যৱস্থাৰ আগত প্ৰত্যাহ্বানসমূহ ‘এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যত’ৰ সামগ্ৰিক দৃষ্টিভংগীৰ অধীনতহে মোকাবিলা কৰিব পাৰি”

“ভাৰতৰ খাদ্য সুৰক্ষাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে ক্ষুদ্ৰ কৃষকসকল”

Posted On: 03 AUG 2024 11:02AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কেন্দ্ৰ (এনএএছচি)ৰ চৌহদত ৩২সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদ সন্মিলন (আইচিএই) উদ্বোধন কৰে। এই বছৰৰ সন্মিলনৰ বিষয়বস্তু হৈছে, “বহনক্ষম কৃষি-খাদ্য ব্যৱস্থাৰ প্ৰতি ৰূপান্তৰ।” ইয়াৰ লক্ষ্য হৈছে জলবায়ু পৰিৱৰ্তন, প্ৰাকৃতিক সম্পদৰ অৱক্ষয়, উৎপাদন ব্যয় বৃদ্ধি আৰু সংঘাতৰ দৰে বৈশ্বিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ বহনক্ষম কৃষিৰ জৰুৰী প্ৰয়োজনীয়তাক মোকাবিলা কৰা। এই সন্মিলনত প্ৰায় ৭৫ খন দেশৰ প্ৰায় ১০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

 

এই উপলক্ষে উপস্থিত প্ৰতিনিধিসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ৬৫ বছৰৰ পাছত ভাৰতত আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদ সন্মিলন (আইচিএই)অনুষ্ঠিত হোৱাৰ আনন্দ প্ৰকাশ কৰে। তেওঁ ১২ কোটি কৃষক, ৩ কোটিতকৈ অধিক মহিলা কৃষক, ৩ কোটি মাছমৰীয়া আৰু ৮ কোটি পশুপালকৰ হৈ সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনায়। “আপুনি সেইখন দেশত আছে যিখন ৫০ কোটিতকৈ অধিক পশুধনৰ বাসস্থান। ভাৰতৰ কৃষি আৰু পশুপ্ৰেমী দেশলৈ আপোনালোকক আদৰণি জনাইছো”, শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কৃষি আৰু খাদ্যৰ বিষয়ে প্ৰাচীন ভাৰতীয় বিশ্বাস আৰু অভিজ্ঞতাৰ স্থায়ীত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰতীয় কৃষি পৰম্পৰাত বিজ্ঞান আৰু যুক্তিৰ অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। তেওঁ খাদ্যৰ ঔষধি গুণৰ আঁৰত সমগ্ৰ বিজ্ঞানৰ অস্তিত্বৰ কথা উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে দেশৰ চহকী ঐতিহ্যৰ ওপৰত ভিত্তি কৰি কৃষিৰ ওপৰত প্ৰায় ২০০০ বছৰীয়া গ্ৰন্থ ‘কৃষি পৰশৰ’ কথা উল্লেখ কৰি এই হাজাৰ বছৰীয়া দৃষ্টিভংগীৰ ভেটিত কৃষিৰ বৃদ্ধি পাইছে বুলি দৃঢ়তাৰে কয়। প্ৰধানমন্ত্ৰীয়ে ভাৰতত কৃষি গৱেষণা আৰু শিক্ষাৰ এক শক্তিশালী ব্যৱস্থাৰ কথা আঙুলিয়াই দিয়ে। তেওঁ কয়, “আইচিএআৰে শতাধিক গৱেষণা প্ৰতিষ্ঠানৰ গৌৰৱ অধিকাৰী”। তেওঁ লগতে কয় যে দেশত কৃষি শিক্ষাৰ বাবে পাঁচ শতাধিক মহাবিদ্যালয় আৰু সাত শতাধিক কৃষি বিজ্ঞান কেন্দ্ৰ আছে।

 

ভাৰতৰ কৃষি পৰিকল্পনাৰ ছটা সংস্কৰণৰ প্ৰাসংগিকতাৰ আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ১৫টা কৃষি জলবায়ু মণ্ডলৰ সুকীয়া গুণৰ কথা উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে দেশখনত প্ৰায় এশ কিলোমিটাৰৰ মুৰে মুৰে কৃষিজাত সামগ্ৰীৰ জাত পৰিৱৰ্তন হয়। 'এই দেশত সমতল ভূমি, হিমালয়, মৰুভূমি, খৰাংপীড়িত অঞ্চল বা উপকূলীয় অঞ্চল য’তেই খেতি নকৰক কিয় ইয়াৰ বৈচিত্ৰ্য বিশ্ব খাদ্য সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু যাৰ জৰিয়তে ভাৰতে বিশ্বত আশাৰ কিৰণ জগাই তুলিছে', প্ৰধানমন্ত্ৰীয়ে কয়।

 

৬৫ বছৰ পূৰ্বে ভাৰতত অনুষ্ঠিত কৃষি অৰ্থনীতিবিদসকলৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেতিয়া ভাৰত এখন নতুন স্বাধীন ৰাষ্ট্ৰ আছিল যাৰ ফলত ভাৰতে খাদ্য সুৰক্ষা আৰু কৃষিৰ এক প্ৰত্যাহ্বানজনক সময় অতিবাহিত কৰিবলগীয়া হৈছিল। আজি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান ভাৰত এখন খাদ্য উদ্বৃত্ত দেশত পৰিণত হৈছে। ভাৰত গাখীৰ, দাইল আৰু মছলাৰ সৰ্ববৃহৎ উৎপাদক আৰু খাদ্য শস্য, ফল-মূল, শাক-পাচলি, কঁপাহ, চেনি, চাহ আৰু মৎসপালন কৰা দ্বিতীয় বৃহত্তম দেশ। এটা সময়ত ভাৰতৰ খাদ্য সুৰক্ষা বিশ্বজনীন চিন্তাৰ বিষয় আছিল বুলি স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় আজিৰ তাৰিখত ভাৰতে বিশ্ব খাদ্য আৰু পুষ্টি সুৰক্ষাৰ সমাধান আগবঢ়াইছে। সেয়েহে প্ৰধানমন্ত্ৰীয়ে কয় যে খাদ্য ব্যৱস্থাৰ ৰূপান্তৰৰ ওপৰত আলোচনাৰ বাবে ভাৰতৰ অভিজ্ঞতা মূল্যৱান আৰু ইয়াৰ জৰিয়তে গ্ল’বেল ছাউথ উপকৃত হোৱাটো নিশ্চিত।

 

প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব কল্যাণৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিক ‘বিশ্ব বন্ধু’ হিচাপে পুনৰ দোঁহাৰে। তেওঁ ভাৰতৰ বিশ্ব কল্যাণৰ দৃষ্টিভংগীৰ কথা স্মৰণ কৰি কয় যে ভাৰতে বিভিন্ন মঞ্চত ‘এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যত’, ‘মিছন লাইফ’ আৰু ‘এক পৃথিৱী, এক স্বাস্থ্য’কে ধৰি বিভিন্ন মন্ত্ৰৰ কথা উল্লেখ কৰে। মোদীয়ে মানৱ, উদ্ভিদ আৰু প্ৰাণীৰ স্বাস্থ্যক পৃথক বুলি নভৱা ভাৰতৰ দৃষ্টিভংগীক আলোকপাত কৰে। তেওঁ কয়, “বহনক্ষম কৃষি আৰু খাদ্য ব্যৱস্থাৰ আগত প্ৰত্যাহ্বানসমূহ ‘এক পৃথিৱী, এক পৰিয়াল আৰু এটা ভৱিষ্যত’ৰ সামগ্ৰিক দৃষ্টিভংগীৰ অধীনতহে মোকাবিলা কৰিব পাৰি।

 

“কৃষি ভাৰতৰ অৰ্থনৈতিক নীতিৰ কেন্দ্ৰবিন্দু”, বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ কম ভূমি থকা ৯০ শতাংশ ক্ষুদ্ৰ কৃষকে ভাৰতৰ খাদ্য সুৰক্ষাৰ আটাইতকৈ ডাঙৰ শক্তি। তেওঁ কয় যে এছিয়াৰ কেইবাখনো উন্নয়নশীল দেশতো একেধৰণৰ পৰিস্থিতি প্ৰচলিত কৰি তোলা হৈছে যাৰ ফলত ভাৰতৰ আৰ্হি প্ৰযোজ্য হৈ পৰিছে। প্ৰাকৃতিক কৃষিৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বৃহৎ পৰিসৰত ৰাসায়নিক সাৰমুক্ত প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ ইতিবাচক ফল দেশত পৰিলক্ষিত হৈছে। তেওঁ এই বছৰৰ বাজেটত বহনক্ষম আৰু জলবায়ু সহনশীল কৃষিৰ ওপৰতো অধিক গুৰুত্ব দিয়াৰ লগতে ভাৰতৰ কৃষকসকলক সহায় কৰিবলৈ সম্পূৰ্ণ পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ কথাও উল্লেখ কৰে। জলবায়ু সহনশীল শস্যৰ সৈতে জড়িত গৱেষণা আৰু উন্নয়নৰ ওপৰত চৰকাৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১০ বছৰত প্ৰায় ঊনৈশটা নতুন জলবায়ু-সহনশীল জাতৰ বীজ কৃষকক দিয়া হৈছে। তেওঁ ভাৰতত ধানৰ জাতৰ উদাহৰণ দাঙি ধৰে যিবোৰৰ বাবে পৰম্পৰাগত জাতৰ তুলনাত ২৫ শতাংশ কম পানীৰ প্ৰয়োজন আৰু ক’লা চাউল ছুপাৰফুড হিচাপে পৰিগণিত হৈছে। “মণিপুৰ, অসম আৰু মেঘালয়ত উৎপাদিত ক’লা চাউলৰ ঔষধি মূল্যৰ বাবে অধিকসংখ্যক লোকে ইয়াক পছন্দ কৰে।” বুলি উল্লখ কৰি তেওঁ লগতে কয় যে ভাৰতে বিশ্ব সম্প্ৰদায়ৰ সৈতে ইয়াৰ সম্পৰ্কীয় অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰিবলৈ অধিক আগ্ৰহী।

 

প্ৰধানমন্ত্ৰীয়ে পানীৰ অভাৱ আৰু জলবায়ু পৰিৱৰ্তনৰ লগতে পুষ্টি প্ৰত্যাহ্বানৰ গুৰুত্বৰ কথাও স্বীকাৰ কৰে। তেওঁ ছুপাৰফুডৰ ‘ন্যূনতম পানী আৰু সৰ্বোচ্চ উৎপাদন’ৰ মানদণ্ডৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰী অন্ন, বাজৰাক সমাধান হিচাপে দাঙি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ বাজৰাৰ কথা বিশ্বৰ সৈতে ভাগ-বতৰা কৰাৰ ইচ্ছা প্ৰকাশ কৰি যোৱা বছৰটো বাজৰাৰ আন্তঃৰাষ্ট্ৰীয় বৰ্ষ হিচাপে উদযাপন কৰাৰ কথা উল্লেখ কৰে।

 

আধুনিক প্ৰযুক্তিক কৃষিৰ সৈতে সংযোগ স্থাপনৰ পদক্ষেপসমূহৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ভূমি স্বাস্থ্য কাৰ্ড, সৌৰ কৃষিৰ বিষয়ে উল্লেখ কৰে যিবোৰে কৃষকসকলক শক্তি প্ৰদানকাৰীত পৰিণত কৰিছে। তেওঁ লগতে ডিজিটেল কৃষি বজাৰ অৰ্থাৎ ই-নাম, কিষান ক্ৰেডিট কাৰ্ড আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়েও কয়। তেওঁ কৃষিৰ আনুষ্ঠানিককৰণ আৰু পৰম্পৰাগত কৃষকৰ পৰা আৰম্ভ কৰি কৃষি ষ্টাৰ্টআপলৈকে, প্ৰাকৃতিক কৃষিৰ পৰা আৰম্ভ কৰি খেতিপথাৰলৈ আৰু পামৰ পৰা টেবুললৈকে কৃষি ষ্টাৰ্টআপলৈকে আদিৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে যোৱা ১০ বছৰত নব্বৈ লাখ হেক্টৰ ভূমি ক্ষুদ্ৰ জলসিঞ্চনৰ আওতালৈ অনা হৈছে। ভাৰতে ইথানলৰ ২০ শতাংশ মিশ্ৰণৰ লক্ষ্যৰ দিশে দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে কৃষি আৰু পৰিৱেশ উভয়েই লাভৱান হৈছে।

 

ভাৰতৰ কৃষি খণ্ডত ডিজিটেল প্ৰযুক্তিৰ লাভ উঠাবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী পিএম কিষান সন্মান নিধিৰ কথা উল্লেখ কৰে, যাৰ অধীনত ১০ কোটি কৃষকৰ বেংক একাউণ্টলৈ আৰু ডিজিটেল শস্যৰ জৰীপৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বাবে একে সময়তে ধন হস্তান্তৰ কৰা হয়।কৃষকসকলক সঠিক তথ্য যোগান ধৰাৰ লগতে তেওঁলোকক তথ্যভিত্তিক সিদ্ধান্ত ল’বলৈ সক্ষম কৰে। তেওঁ দৃঢ়তাৰে কয় যে কোটি কোটি কৃষকে এই পদক্ষেপৰ দ্বাৰা উপকৃত হ’ব আৰু তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিব। তেওঁ ভূমিৰ ডিজিটাইজেচনৰ বাবে এক বিশাল অভিযানৰ কথাও উল্লেখ কৰে য’ত কৃষকসকলক তেওঁলোকৰ ভূমিৰ ডিজিটেল পৰিচয় নম্বৰ দিয়া হ’ব আৰু কৃষিক্ষেত্ৰত ড্ৰোন প্ৰচাৰ কৰা হ’ব য’ত ‘ড্ৰোন দিদিসকলক ড্ৰোন চালনাৰ প্ৰশিক্ষণ দিয়া হয়। তেওঁ লগতে কয় যে এই পদক্ষেপসমূহে কেৱল ভাৰতৰ কৃষকসকলক উপকৃত কৰাই নহয়, বিশ্বৰ খাদ্য সুৰক্ষাও শক্তিশালী কৰিব।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে বৃহৎ সংখ্যক যুৱক-যুৱতীৰ উপস্থিতিৰ শলাগ লয় আৰু পৰৱৰ্তী পাঁচ দিনত বিশ্বক বহনক্ষম কৃষি-খাদ্য ব্যৱস্থাৰ সৈতে সংযোগ কৰাৰ উপায়ৰ সাক্ষী হ’ব বুলি আস্থা প্ৰকাশ কৰে। “আমি ইজনে সিজনৰ পৰা শিকিম আৰু ইজনে সিজনক শিকাম”, এই মন্তব্যৰে তেওঁ ভাষণ সামৰে।

 

এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, নিটী আয়োগৰ সদস্য অধ্যাপক ৰমেশ চান্দ, সন্মিলনৰ সভাপতি, অধ্যাপক মেটিন কায়ম আৰু ডেয়াৰৰ সচিব, আইচিএআৰৰ সচিব ড হিমাংশু পাঠক উপস্থিত থাকে।

***

DS/TS/DB



(Release ID: 2041452) Visitor Counter : 32