ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

প্ৰেছ বিজ্ঞপ্তি

प्रविष्टि तिथि: 28 JUL 2024 8:22AM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পঞ্জাৱৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় শাসিত চণ্ডীগড়ৰ প্ৰশাসক হিচাপে শ্ৰী বানৱাৰীলাল পুৰোহিতৰ পদত্যাগ গ্ৰহণ কৰিছে।

2. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লগতে নিম্ন-উল্লেখিত ৰাজ্যপালসকলক নিযুক্তি প্ৰদান কৰিছেঃ-

(i) শ্ৰী হৰিভাও কিষাণৰাও বাগড়েক ৰাজস্থানৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান।

(ii) শ্ৰী জিষ্ণু দেৱ বাৰ্মাক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান।

(iii) শ্ৰী ওম প্ৰকাশ মাথুৰক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান

(iv) শ্ৰী সন্তোষ কুমাৰ গংৱাৰক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান।

(v) শ্ৰী ৰমেন ডেকাক চত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান।

(vi) শ্ৰী চি এইচ বিজয়শংকৰক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান।

(vii) তেলেংগানাৰ অতিৰিক্ত দায়িত্বসহ ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী চি.পি. ৰাধাকৃষ্ণণক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান।

(viii) অসমৰ ৰাজ্যপাল শ্ৰী গোলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় শাসিত চণ্ডীগড়ৰ প্ৰশাসক হিচাপে নিযুক্তি প্ৰদান।

(ix) ছিকিমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান আৰু মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব প্ৰদান।

3. উল্লেখিত নিযুক্তি তেওঁলোকে সংশ্লিষ্ট দায়িত্ব গ্ৰহণ কৰিবলগীয়া তাৰিখৰেপৰা কাৰ্য্যকৰী হ’ব।

***

DS/SR/SB
 


(रिलीज़ आईडी: 2038118) आगंतुक पटल : 192
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Hindi_MP , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu