গৃহ মন্ত্ৰালয়

২০২৫ বৰ্ষৰ পদ্ম বঁটাৰ বাবে ২০২৪ৰ ৫ ছেপ্টেম্বৰলৈকে দাখিল কৰিব পাৰিব মনোনয়ন

Posted On: 22 JUL 2024 11:27AM by PIB Guwahati

২০২৫ চনৰ গণৰাজ্য দিৱস উপলক্ষে ঘোষণা হ’বলগীয়া ২০২৫ৰ পদ্ম সন্মানৰ বাবে মনোনয়ন/পৰামৰ্শ পত্ৰ ০১ মে’, ২০২৪ৰ পৰা আৰম্ভ হৈছে।পদ্ম বঁটাৰ বাবে মনোনয়নৰ অন্তিম তাৰিখ ২০২৪ৰ ১৫ ছেপ্টেম্বৰ৷ ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল (https://awards.gov.in)ত অনলাইনযোগে পদ্ম বঁটাৰ বাবে মনোনয়ন/পৰামৰ্শ লাভ কৰা হ’ব৷

পদ্ম বঁটা অৰ্থাৎ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ ভিতৰত অন্যতম। ১৯৫৪ চনত প্ৰতিষ্ঠা হোৱা এই বঁটাসমূহ প্ৰতি বছৰে গণৰাজ্য দিৱসত ঘোষণা কৰা হয়। ’বিশিষ্ট কাম’ক স্বীকৃতি দি আৰু সকলো ক্ষেত্ৰ/শাখাতে বিশিষ্ট আৰু ব্যতিক্ৰমী কৃতিত্ব/সেৱা, যেনে- কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজ কাম, বিজ্ঞান আৰু অভিযান্ত্ৰিক, জনসংযোগ, অসামৰিক সেৱা, বাণিজ্য আৰু উদ্যোগ আদি জাতি, বৃত্তি, পদ বা লিংগ নিৰ্বিশেষে সকলো ব্যক্তি এই বঁটাৰ বাবে যোগ্য। চিকিৎসক আৰু বিজ্ঞানীৰ বাহিৰে ৰাজহুৱা খণ্ড প্ৰতিষ্ঠানৰ সৈতে কাম কৰাসকলকে ধৰি চৰকাৰী চাকৰিয়াল পদ্ম বঁটাৰ বাবে যোগ্য নহয়।

 

পদ্ম বঁটাক “জনতাৰ পদ্ম”লৈ ৰূপান্তৰিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। সেয়েহে সকলো নাগৰিককে স্ব-মনোনয়নকে ধৰি মনোনয়ন/পৰামৰ্শ দিবলৈ অনুৰোধ জনোৱা হৈছে। মহিলা, সমাজৰ দুৰ্বল শ্ৰেণী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি, দিব্যাংগ ব্যক্তি আৰু সমাজৰ নিস্বাৰ্থ সেৱা কৰি থকা প্ৰতিভাৱান ব্যক্তিসকলক চিনাক্ত কৰাৰ বাবে সংহত প্ৰচেষ্টা হাতত লোৱা হৈছে৷

 

মনোনয়ন/পৰামৰ্শত সংশ্লিষ্ট পৰ্টেলত উপলব্ধ নিৰ্দিষ্ট আৰ্হিত সকলো প্ৰাসংগিক বিৱৰণ থাকিব লাগে, য’ত ব্যাখ্যা আকাৰত উদ্ধৃতি (সৰ্বাধিক ৮০০ শব্দ) থাকিব লাগে আৰু তেওঁৰ পৰামৰ্শ দিয়া ব্যক্তিজনৰ বিশিষ্ট আৰু ব্যতিক্ৰমী কৃতিত্ব/সেৱাৰ নিজ নিজ ক্ষেত্ৰ/শাখা স্পষ্টভাৱে প্ৰকাশ কৰিব লাগে।

এই সন্দৰ্ভত সবিশেষ তথ্য গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইট (https://mha.gov.in) আৰু পদ্ম বঁটা পৰ্টেল (https://padmaawards.gov.in)ত ‘বঁটা আৰু পদক’ শিৰোনামত উপলব্ধ)৷ এই বঁটাসমূহৰ সৈতে জড়িত বিধি আৰু নিয়মসমূহ https://padmaawards.gov.in/AboutAwards.aspx শীৰ্ষক লিংকত উপলব্ধ।

*****

RK/VV/ASH/PS/DB



(Release ID: 2034935) Visitor Counter : 15