গৃহ মন্ত্ৰালয়

শ্ৰী অমৰনাথ যাত্ৰাৰ উপলক্ষে সকলো ভক্তক শুভেচ্ছা জনাইছে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে

শ্ৰী অমৰনাথ যাত্ৰা হৈছে ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা আৰু কালজয়ীতাৰ এক চিৰন্তন প্ৰতীক

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ চৰকাৰ ভক্তসকলৰ নিৰাপদ, মসৃণ আৰু সুখদায়ক যাত্ৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ

চৰকাৰে সম্ভাৱ্য সকলো ব্যৱস্থা কৰিছে যাতে ভক্তসকলে কোনো অসুবিধাৰ সন্মুখীন নহয়-শ্ৰী অমিত শ্বাহ

Posted On: 29 JUN 2024 5:49PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজিৰে পৰা আৰম্ভ হোৱা শ্ৰী অমৰনাথ যাত্ৰা উপলক্ষে সকলো ভক্তক শুভেচ্ছা জনাইছে।

টুইটাৰ প্লেটফৰ্মত শ্ৰী অমিত শ্বাহে কয়,

“শ্ৰী অমৰনাথ যাত্ৰা ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা আৰু কালজয়ীতাৰ এক চিৰন্তন প্ৰতীক। আজি এই ঐশ্বৰিক যাত্ৰাৰ আৰম্ভণি। বাবাৰ দৰ্শন-পুজনৰ বাবে যোৱা সকলো ভক্তৰ প্ৰতি মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত আমাৰ চৰকাৰ ভক্তসকলৰ নিৰাপদ, মসৃণ আৰু সুখদায়ক যাত্ৰাৰ প্ৰতি দায়বদ্ধ৷ চৰকাৰে সম্ভাৱ্য সকলো ব্যৱস্থা গ্ৰহণ কৰিছে, যাতে ভক্তসকলে কোনো অসুবিধাৰ সন্মুখীন নহয়। হৰ-হৰ মহাদেৱ!”

*****

RK/VV/ASH/RR/PR/PS/DB



(Release ID: 2029825) Visitor Counter : 4