প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰাখণ্ডৰ বাছ দুৰ্ঘটনাত মৃত লোকসকলৰ প্ৰতি শোক প্ৰধানমন্ত্ৰীৰ, পীড়িতসকলক এককালীন সাহায্য ঘোষণা

Posted On: 15 JUN 2024 7:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত আজি সংঘটিত বাছ দুৰ্ঘটনাত মৃত লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

পিএমঅ’ৰ এক টুইটাৰ পোষ্টত কয়ঃ

"উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত সংঘটিত দুৰ্ঘটনা অতি হৃদয় বিদাৰক।এই দুৰ্যটনাত যিসকল লোকে তেওঁলোকৰ আত্মীয়ক হেৰুৱালে তেওঁলোকৰ প্ৰতি মোৰ গভীৰ সমবেদনা জনালোঁ। তদুপৰি, আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। ৰাজ্য চৰকাৰৰ সহযোগত স্থানীয় প্ৰশাসনে পীড়িতসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী।"

প্ৰধানমন্ত্ৰীয়ে লগতে বাছ দুৰ্ঘটনাত পীড়িতসকলৰ প্ৰতি এককালীন সাহায্য ঘোষণা কৰিছে।

টুইটাৰ পোষ্টত উল্লেখ কৰা মতে প্ৰতিগৰাকী মৃতকৰ আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাকৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি(পিএমএনআৰএফ)ৰ পৰা এককালীন সাহায্য প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰ পোষ্টত কয়ঃ

“পিএমএনআৰএফৰ পৰা প্ৰতিগৰাকী মৃতকৰ আত্মীয়ক ২ লাখ টকাকৈ প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী”

***

DS/RT/DB



(Release ID: 2028835) Visitor Counter : 10