নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

শ্ৰী সৰ্বানন্দ সোণোৱালে কয় যে হাজাৰ বছৰ পূৰ্বৰেপৰা যোগে মানৱ জাতিক সুস্থ কৰি ৰাখিছে আৰু গত ১০ বছৰত প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত বিশ্বজুৰি ই এক গণ আন্দোলনত পৰিণত হৈছে

Posted On: 21 JUN 2024 1:16PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ মন্ত্ৰী শ্ৰী সঞ্জয় কিষাণ আৰু সতীৰ্থসকলৰ সৈতে অসমৰ তিনিচুকীয়াত শতাধিক স্বাস্থ্য অনুৰাগীৰ সৈতে ১০ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াত শ্ৰী সোণোৱালে কয় যে যোগে মন, শৰীৰ আৰু আত্মাক সমৃদ্ধ কৰে। হাজাৰ বছৰ পূৰ্বৰেপৰা যোগে মানৱ জাতিক সুস্থ কৰি ৰাখিছে আৰু গত ১০ বছৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত বিশ্বজুৰি ই এক গণ আন্দোলনত পৰিণত হৈছে। তেওঁ সকলোকে এটি উন্নত জীৱনৰ বাবে যোগাভ্যাসক দৈনন্দিন অভ্যাস কৰি তুলিবলৈ আহ্বান জনায়।

শ্ৰী সোণোৱালে কয় যে যোগৰ সীমা অসীম আৰু ই মানৱ জাতিৰ সু-স্বাস্থ্য আৰু কল্যাণৰ আধাৰ। তেওঁ কয়, আমি সমাজৰ অগ্ৰগতিৰ বাবে যোগক আমাৰ জীৱনৰ অংশ কৰি তোলো আহক।

ইফালে, নতুন দিল্লীৰ পৰিবহণ ভৱনত অনুষ্ঠিত যোগাভ্যাসৰ কাৰ্য্যসূচীত জাহাজ মন্ত্ৰালয়ৰ সচিব শ্ৰী টি.কে. ৰামচন্দ্ৰনৰ নেতৃত্বত ইয়াৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।

******

MJPS/SB


(Release ID: 2027574)