কেবিনেট

বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নয়নত মন্ত্ৰীসভাৰ অনুমোদন

Posted On: 19 JUN 2024 8:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ (এএআই)ই বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নয়নৰ বাবে নতুন টাৰ্মিনেল বিল্ডিং নিৰ্মাণ, এপ্ৰ’ন সম্প্ৰসাৰণ, ৰাণৱে সম্প্ৰসাৰণ, সমান্তৰাল টেক্সি ট্ৰেক আৰু আনুসংগিক কামৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱত অনুমোদন জনায়।

বিমানবন্দৰৰ যাত্ৰী পৰিচালনা ক্ষমতা বৰ্তমানৰ ৩.৯ এমপিপিএৰ পৰা বছৰি ৯.৯ নিযুত যাত্ৰী (এমপিপিএ)লৈ বৃদ্ধি কৰাৰ বাবে আনুমানিক বিত্তীয় ব্যয় হ’ব ২৮৬৯.৬৫ কোটি টকা। ৭৫ হাজাৰ বৰ্গমিটাৰ এলেকা সামৰি লোৱা নিউ টাৰ্মিনেল বিল্ডিংটো ৬ এমপিপিএ ক্ষমতাৰ বাবে আৰু ৫০০০ পিক আৱাৰ পেছেঞ্জাৰ (পিএইচপি) পৰিচালনাৰ বাবে ডিজাইন কৰা হৈছে। চহৰখনৰ বিশাল সাংস্কৃতিক ঐতিহ্যৰ আভাস দিব পৰাকৈ ইয়াৰ ডিজাইন কৰা হৈছে।

এই প্ৰস্তাৱত ৰাণৱেৰ পৰিসৰ ৪০৭৫ মিটাৰ x ৪৫ মিটাৰলৈ বৃদ্ধি কৰাৰ লগতে ২০খন বিমান ৰখাব পৰাকৈ নতুন এপ্ৰ’ন নিৰ্মাণৰ কথা উল্লেখ কৰা হৈছে। বাৰাণসী বিমানবন্দৰক শক্তি অনুকূলন, আৱৰ্জনা পুনঃব্যৱহাৰ, কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস, সৌৰশক্তিৰ ব্যৱহাৰ, আৰু প্ৰাকৃতিক দিনৰ পোহৰৰ অন্তৰ্ভুক্তিৰ লগতে সমগ্ৰ পৰিকল্পনা, উন্নয়ন, আৰু কাৰ্যকৰী সময়ছোৱাত অন্যান্য বহনক্ষম ব্যৱস্থা পৰ্যায়সমূহৰ জৰিয়তে পৰিৱেশৰ বহনক্ষমতা নিশ্চিত কৰাৰ প্ৰধান উদ্দেশ্যেৰে সেউজ বিমানবন্দৰ হিচাপে গঢ়ি তোলা হ’ব।

**********

DS



(Release ID: 2026814) Visitor Counter : 39