তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

অষ্টম মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF)ত পৰিৱেশ সম্পৰ্কিত ছবিৰ পেকেজৰ সৈতে উপভোগ কৰক ‘মিছন লাইফ’

Posted On: 17 JUN 2024 11:46AM by PIB Guwahati

বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰ আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি নাগৰিক দায়বদ্ধতাৰ ভাৱ জগাই তোলাৰ উদ্দেশ্যৰে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ১৮ সংখ্যক সংস্কৰণত “মিছন লাইফ”  শীৰ্ষক এক বিশেষ পেকেজ উপস্থাপন কৰা হ’ব। চিএমএছ বাতাবৰণৰ দ্বাৰা উপস্থাপন কৰা এই সংকলনত মানৱতা আৰু পৃথিৱীৰ মাজৰ জটিল আৰু সহজীৱী সম্পৰ্ক উপস্থাপন কৰা পাঁচখন  নিৰ্বাচিত ছবি সন্নিবিষ্ট কৰা হৈছে। এই ছবিসমূহে বিশ্বব্ৰহ্মাণ্ডৰ সৈতে আমাৰ গভীৰ সম্পৰ্কৰ লগতে প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

"মিছন লাইফ": বিশেষ পেকেজৰ অধীনত দেখুওৱা ছবিসমূহ হৈছে:

 

১. ছেভিং দ্য ডাৰ্ক

 

বিশ্বৰ ৮০ শতাংশ লোকে হাতীপটি প্ৰত্যক্ষ কৰিব নোৱাৰে। যেতিয়া আমি তৰা দেখা নাপাওঁ, তেতিয়া আমি কি হেৰুৱাওঁ? অত্যধিক আৰু অনুপযুক্ত পোহৰে আমাৰ নিশাৰ আকাশখন কাঢ়ি লৈ ​​যায়, আমাৰ টোপনিত ব্যাঘাত জন্মায় আৰু নিশাচৰ জীৱসমূহৰ বাবে সমস্যাৰ সৃষ্টি কৰে। এল ই ডি প্ৰযুক্তিৰ উন্নতিৰ ফলত বহু চহৰে ৰাতিৰ পৰিৱেশ বিঘ্নিত কৰাৰ পৰা ৰক্ষা কৰাৰ লগতে শক্তিৰ অপচয় ৰোধ কৰি ৰাজপথ নিৰাপদে আলোকিত কৰিবলৈ সক্ষম হৈছে। ‘ছেভিং দ্য ডাৰ্ক’ ছবিখনে নিশাৰ আকাশখনৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু পোহৰ প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ আমাৰ পদক্ষেপ কি সেই বিষয়ে উপস্থাপন কৰিছে।

 

২. লক্ষ্মণ-ৰেখা (লক্ষ্মণে অংকন কৰা ৰেখাসমূহ)

‘লক্ষ্মণ ৰেখা’ ছবিখনে লক্ষ্মণ সিঙৰ জীৱনৰ এক অন্তৰংগ ছবি দাঙি ধৰিছে। খৰাং পীড়িত গাঁও এখনক কেন্দ্ৰ কৰি এজন ছাত্ৰই ভাৰতৰ মৰুভূমি অঞ্চলৰ ৫৮খন গাঁৱৰ ভাগ্য সলনি কৰিবলৈ কেনেদৰে স্বেচ্ছাসেৱী শক্তি গঠন কৰিছিল তাৰ কাহিনী এই ছবিখনে বৰ্ণনা কৰিছে। আজিও তাত পানী যোগান বন্ধ হৈ আছে যদিও তেওঁ পানী সংৰক্ষণ সম্পৰ্কে সজাগতা সৃষ্টি কৰি আহিছে।

 

৩. দ্য ক্লাইমেট চেলেঞ্জ

 

আমি জলবায়ু সংকটৰ চৰম সীমাত আছো। জলবায়ু পৰিৱৰ্তনৰ সন্মুখীন হোৱা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহ হ’ল বিশ্বৰ ক্ৰাইঅ’স্ফিয়াৰ অঞ্চল (আৰ্কটিক, এন্টাৰ্কটিক আৰু হিমালয়) আৰু মহাসাগৰ। বিগত কিছু বছৰত আৰ্কটিক মহাসাগৰৰ বৰফৰ আৱৰণ ৩০ শতাংশতকৈও অধিক হ্ৰাস পাইছে আৰু অঞ্চলটোত বৰফ দ্ৰুতভাৱে গলি যোৱা দেখা গৈছে। বিজ্ঞানীসকলে এই কঠিন পৰিস্থিতিত শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি কেৱল এই পৰিঘটনাসমূহৰ অনুসন্ধানৰ বাবেহে ব্যৱহাৰ কৰিছে। 'দ্যা ক্লাইমেট চেলেঞ্জে' আপোনাক আৰ্কটিক, হিমালয় আৰু দক্ষিণ মহাসাগৰৰ সংকটজনক পৰিস্থিতিৰ সাক্ষী হ’বলৈ আৰু কাৰণসমূহ বুজিবলৈ সহায় কৰিব।

 

৪. দ্য জোৱাৰ বেলাড

বাজৰাৰ খেতিৰ পৰম্পৰাগত প্ৰথাৰ সৈতে জড়িত থলুৱা জাতৰ বাজৰা, বৈচিত্ৰময় খাদ্য, দ্যা ‘জোৱাৰ বেলাড’ত সজীৱ হৈ উঠিছে। চহকী পৰম্পৰা গীত, আচাৰ-ব্যৱহাৰ, কাহিনীৰ জৰিয়তে কৃষকসকলে শুকান ভূমিত বাজৰা খেতিৰ অৱনতিৰ বাবে শোক প্ৰকাশ কৰে। আনহাতে বয়োজ্যেষ্ঠসকলে প্ৰকাশ কৰিছে যে, নতুন কৃষি শস্যৰ জাতসমূহে স্বাস্থ্য আৰু কৃষিৰ বাবে বিপদৰহে সৃষ্টি কৰিছে।

 

৫. পেং ইউ ছাই

 

পেং ইউ ছাই এখন তদন্তমূলক তথ্যচিত্ৰ। ভাৰত মহাসাগৰৰ পৰা অহা মান্টা ৰশ্মিয়ে অবৈধ কাৰ্যকলাপ চলায়। এই তথ্যচিত্ৰৰ জৰিয়তে বন্যপ্ৰাণী ফটোগ্ৰাফাৰ মালাইকা ভাজে ভাৰত মহাসাগৰত মাছ ধৰা নাৱৰ পৰা আৰম্ভ কৰি ভাৰত-ম্যানমাৰ সীমান্তলৈকে আৰু শেষত চীনৰ হংকং আৰু গুৱাংঝোৰ বন্যপ্ৰাণী সৰবৰাহৰ কেন্দ্ৰলৈকে গোপন অবৈধ বাণিজ্য পাইপলাইনৰ সন্ধান উলিয়াইছে। বাটত তেওঁ মাছমৰীয়া, মধ্যভোগী, চোৰাংচোৱা, সশস্ত্ৰ বাহিনীৰ লোক আৰু বন্যপ্ৰাণী ব্যৱসায়ীক লগ পায়,  আৰু মহাসাগৰীয় জীৱসমূহক সুৰক্ষা প্ৰদানৰ বাবে কি কৰিব লাগে সেয়া বুজিবলৈ চেষ্টা কৰে।

PIB Team MIFF | Gautam/ Swadhin/ Darshana | 21 | AN

 



(Release ID: 2026620) Visitor Counter : 18