তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য অভিযান (এনএফএইচএম)ৰ অধীনত নিখুঁতভাৱে পুনৰুদ্ধাৰ কৰা ক্লাছিক ছবিসমূহ

সত্যজিৎ ৰায়, ঋত্বিক ঘটক আৰু অন্যান্য: ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰপ্ৰেমীৰ বাবে এক অনন্য অনুভূতি লাভৰ সুযোগ

Posted On: 18 JUN 2024 5:18PM by PIB Guwahati

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ অষ্টাদশ সংখ্যক সংস্কৰণত চলচ্চিত্ৰপ্ৰেমীসকলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম(এনএফডিচি)  আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ(এনএফএআই)ৰ দ্বাৰা নিৰ্বাচিত চুটি ছবি, এনিমেচন ছবি, তথ্যচিত্ৰ উপভোগ কৰি এক অনন্য অভিজ্ঞতাৰ সাক্ষী হোৱাৰ সুযোগ লভিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য অভিযানৰ অধীনত ভাৰতৰ চহকী ছবি উদ্যোগৰ ঐতিহ্যক আলোকপাত কৰাৰ মানসেৰে  এই ছবিসমূহ ডিজিটেলভাৱে পুনৰুদ্ধাৰ কৰা হৈছে।

 

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অন্তৰ্ভুক্ত হোৱা এনে ছবিসমূহৰ ভিতৰত  ১৯৮০ চনত  সত্যজিৎ ৰায়ৰ পৰিচালনাত নিৰ্মিত "পিকু" ছবি খনো আছে।  ২৬ মিনিট দৈৰ্ঘ্যৰ  এই বাংলা ছবিখন সত্যজিৎ ৰায়ৰ  চুটিগল্প পিকুৰ ডায়েৰীৰ আলমত নিৰ্মাণ কৰা হৈছে  আৰু ছবি খনত  পিকুৰ শৈশৱৰ জীৱনৰ এটা দিন বন্দী কৰা হৈছে । পিকুৰ  পিতৃ-মাতৃয়ে নানান সংঘাতৰ মাজেৰে দিন অতিবাহিত কৰি একপ্ৰকাৰৰ বিচ্ছিন্ন সম্পৰ্ক এটা গঢ়ি তুলিছিল। পিতৃমাতৃৰ মাজৰ  এনে সম্পৰ্কৰ জটিলতাক পিকুৱে নিজৰ দৃষ্টিৰে চাই   নিজস্বভাবে  এখন  নিৰ্জন পৃথিৱীৰ নিৰ্দোষতাক আপোন কৰি লৈছিল। পিকুৰ জীৱনৰ এনে ঘটনাক ছবিখনত  মৰ্মান্তিকভাৱে চিত্ৰিত কৰা হৈছে।

 

 

 

১৯৮১ চনত বি আৰ শ্বেণ্ডজে পৰিচালনা কৰা "দ্য আৰ্ট অব এনিমেচন" ছবিখনে এনিমেচনৰ জটিল আৰু কষ্টকৰ  প্ৰক্ৰিয়াটোৰ বিষয়ে  এক অন্তৰ্দৃষ্টি প্ৰতিফলিত কৰিছে। ১০ মিনিটৰ এই হিন্দী ছবিখনে কাগজত অংকিত  স্থিতিশীল ছবিসমূহক গতি প্ৰদান কৰি এক  মনোমোহা চলন্ত ৰূপ দাঙি ধৰিব  পাৰিছে।

 

১৯৬৫ চনত ঋত্বিক ঘটকৰ দ্বাৰা  পৰিচালিত "ফিয়েৰ" ছবিখন হৈছে ভৱিষ্যতৰ পৰিৱেশত নিৰ্মিত আৰু ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ অভিনয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক কচৰৎ হিচাপে সৃষ্টি কৰা এখন বিৰল চুটি ছবি। ১৬ মিনিটৰ এই হিন্দী ছবিখন আসন্ন পাৰমাণৱিক আক্ৰমণৰ সন্মুখীন হ’বলগীয়া  গেৰিছন চহৰত বিৰাজ কৰা ভয়াৰ্ত পৰিৱেশকলৈ নিৰ্মাণ কৰা হৈছে।

 

 

 

১৯৮৮ চনত সন্তোষ শিৱানে পৰিচালনা  "দ্য ষ্ট'ৰী অৱ টিবলু" ছবিখনত অৰুণাচল প্ৰদেশৰ এখন  দুৰ্গম গাঁও  ইডুৰ এগৰাকী ৯ বছৰীয়া কিশোৰীৰ প্ৰেৰণাদায়ক যাত্ৰাৰ কথা চিত্ৰিত কৰিছে।  ৮৪ মিনিটৰ এই হিন্দী ছবিখনত টিবলুৰ শিক্ষাৰ প্ৰতি থকা ধাউতি  আৰু তেওঁৰ তেনে আগ্ৰহে সম্প্ৰদায়টোৰ ওপৰত পেলোৱা  প্ৰভাৱক সুন্দৰভাবে  চিত্ৰিত কৰা হৈছে।

 

২০১৮ চনত সন্ধ্যা সূৰীয়ে পৰিচালনা কৰা "এৰাউণ্ড  ইণ্ডিয়া উইথ এ মুভি কেমেৰা" ছবিখনত স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছ আৰু ভাৰতীয় উপ-মহাদেশৰ  ইতিহাস অন্বেষণ কৰাৰ চেষ্টা চলোৱা হৈছে।  ছবি খনত বহু আৰ্কাইভ ছবি ব্যৱহাৰ কৰা হৈছে, য'ত ছাবু আৰু গান্ধীৰ দৰে ব্যক্তিত্বক বিশেষভাবে আলোকপাত কৰা হৈছে। ৮৬ মিনিটৰ এই ইংৰাজী ছবিখনৰ সৈতে সুন্দৰ  কাব্যিক বৰ্ণনা আগবঢ়োৱা হৈছে।

 

 

 

১৯৭৮ চনত দীপক হালডাংকৰে পৰিচালনা কৰা  "হোৱেৰ  টাইম ষ্টেণ্ডছ ষ্টিল" ছবি খনত নৃতাত্ত্বিক দৃষ্টিকোণেৰে  বাস্তাৰ অঞ্চলৰ সমীপৰ অভুজমাদ  অঞ্চলত বাস কৰা  আদিবাসীসকলৰ বিষয়ে ফুটাই তোলা হৈছে। ১১ মিনিটৰ এই হিন্দী ছবিখনে সেই আদিবাসীলোকসকলৰ  আত্মনিৰ্ভৰশীল কৃষি পদ্ধতি, সামাজিক ৰীতি-নীতি আৰু সম্প্ৰদায়টোৰ আভ্যন্তৰীণ বিষয়সমূহক সুন্দৰভাবে প্ৰতিফলিত কৰিছে। 

 

 

 

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে এক সমৃদ্ধিশালী চিনেমাৰ অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি বহন কৰিছে। ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণৰ বিভিন্ন বিষয়বস্তু আৰু যুগক সামৰি লোৱা ৰত্নসমূহ এই মহোৎসৱে পুনৰবাৰ পোহৰলৈ আনিছে। এনে ছবিসমূহৰ প্ৰদৰ্শনে ভাৰতৰ চিনেমাৰ ঐতিহ্যৰ  সংৰক্ষণ আৰু উদযাপনৰ ক্ষেত্ৰত মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দায়বদ্ধতা তথা  সমৰ্পণৰ দিশটোক উদ্ভাসিত কৰিছে।

 

 

 

এনএফডিচি-এনএফএআইৰ বিষয়ে

 

পুনেত মুখ্য কাৰ্যালয় থকা এনএফডিচি-এনএফএআইয়ে ভাৰত আৰু বিশ্বৰ ছবি সংগ্ৰহ, তালিকাভুক্তকৰণ আৰু সংৰক্ষণৰ দায়িত্ব বহন কৰি আহিছে।  ক্লাছিক, তথ্যচিত্ৰ, বৈশিষ্ট্যপূৰ্ণ ছবি আৰু চুটি ছবিকে ধৰি ৩০,০০০ৰো অধিক চলচ্চিত্ৰৰ  বিশাল সংগ্ৰহৰ সৈতে এনএফএআইয়ে ভাৰতৰ চিনেমাৰ ইতিহাসৰ  প্ৰকৃত ৰক্ষক হিচাপে পৰিগণিত হৈছে।

 

 অত্যাধুনিক ফিল্ম সংৰক্ষণৰ সুবিধা, উষ্ণতা নিয়ন্ত্ৰিত ভল্ট আৰু ফিল্ম ৰীলৰ নিখুঁত যত্ন আৰু সেৱাৰ প্ৰতি উৎসৰ্গিত বিশেষজ্ঞ কৰ্মচাৰীৰে চলচ্চিত্ৰ  সংৰক্ষণৰ ক্ষেত্ৰত  এনএফএআই-এ দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে।

 

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য অভিযান (নেছনেল ফিল্ম হেৰিটেজ মিছন)

 

২০১৫ চনত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য অভিযান তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তত্বাৱধানত গ্ৰহণ কৰা এক চৰকাৰী পদক্ষেপ। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে ভাৰতৰ বিশাল চিনেমাৰ জগত খনৰ  ঐতিহ্য সংৰক্ষণ  আৰু ডিজিটেলাইজেচন কৰা। এন এফ এইচ এম হৈছে এক বৃহৎ অভিযান  যি অভিযানে চলচ্চিত্ৰৰ  সংৰক্ষণৰ বিভিন্ন দিশ সামৰি লৈছে, য’ত বিনষ্ট  হ’বলৈ ধৰা  চলচ্চিত্ৰৰ  পুনৰুদ্ধাৰ, ফিল্ম প্ৰিন্টৰ ডিজিটেলাইজেচন, নথিপত্ৰ সংৰক্ষণ আৰু প্ৰতিৰোধমূলক সংৰক্ষণ ব্যৱস্থা  আদি অন্তৰ্ভুক্ত হৈ আছে। এনএফডিচি-এনএফএআইৰ পুনে কেম্পাছত  অত্যাধুনিক  প্ৰক্ৰিয়াৰে ছবিৰ পুনৰুদ্ধাৰ আৰু ডিজিটেলাইজেচনত কৰাৰ সুবিধাসমূহ আছে।

 

যোৱা কেইবামাহো ধৰি এনএফডিচি-এনএফএআইয়ে চলচ্চিত্ৰৰ পুনৰুদ্ধাৰৰ কাম কৰি আহিছে।  চলচ্চিত্ৰ এখনৰ  প্ৰতিটো ফ্ৰেম নিখুঁতভাৱে পুনৰুদ্ধাৰ কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে আমাৰ বিশাল চলচ্চিত্ৰ জগতৰ  ইতিহাস সংৰক্ষণ কৰা আৰু সেইবোৰ আজি আমি যিদৰে ছবিসমূহ স্পষ্ট আৰু নিখুঁতভাবে চাব পাৰিছো ঠিক তেনেদৰে , অৰ্থাৎ 4K ৰিজ’উলিছনত চাব পৰাৰ দৰে সংৰক্ষণ কৰি ৰখা।



(Release ID: 2026616) Visitor Counter : 17