তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় বঁটা বিজয়ী নেমিল শ্বাহে ১৮ সংখ্যক এমআইএফএফত চলচ্চিত্ৰ নিৰ্মাণ ৰহস্য শ্বেয়াৰ কৰে

জীৱনক এটা খেল হিচাপে অন্বেষণ কৰক, ই আপোনাক আপোনাৰ সৃষ্টিত সহায় কৰিব : পৰিচালক নেমিল শ্বাহ

সৃষ্টিক সম্পূৰ্ণৰূপে বুজাটো এজন সৃষ্টিকৰ্তাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা : নেমিল শ্বাহ

নিজৰ বাবে আৱেগিক চলচ্চিত্ৰ সৃষ্টি কৰক, ই অৱশেষত ইয়াৰ লক্ষ্য বিচাৰি ল’ব : নেমিল শ্বাহ

Posted On: 19 JUN 2024 1:53PM by PIB Guwahati

"মানৱ জীৱন এক আকৰ্ষণীয় খেল, আৱেগ আৰু ঘটনাৰে ভৰা এক ধাৰণাৰ বাহিৰে আন একো নহয় । অনন্য আৰু আকৰ্ষণীয় কিছু সৃষ্টি কৰিবলৈ ইয়াক আঁকোৱালি লোৱাৰ লগতে অন্বেষণ কৰো আহক," ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (এমআইএফএফ) সৈতে সংগতি ৰাখি আয়োজিত এটা বিশেষ অনুষ্ঠানত আজি পৰিচালক নেমিল শ্বাহে এইদৰে কয়। যুৱ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে সৃষ্টিক সম্পূৰ্ণৰূপে বুজি পোৱাৰ গভীৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে।"এজন সৃষ্টিশীল ব্যক্তি হিচাপে আগবাঢ়ি যোৱাৰ আগতে আপুনি নিজৰ সৃষ্টিক সম্পূৰ্ণৰূপে বুজাৰ লগতে উপলব্ধি কৰিব লাগিব," তেওঁ চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ শৈল্পিক প্ৰক্ৰিয়াত গভীৰভাৱে মগ্ন হ’বলৈ আহ্বান জনায়।

পৰিচালক নেমিল শ্বাহে চুটি চলচ্চিত্ৰ নিৰ্মাণত শব্দৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ এখন চলচ্চিত্ৰৰ সামগ্ৰিক প্ৰভাৱ বৃদ্ধিত শব্দৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি চলচ্চিত্ৰ নিৰ্মাতাসকলক এই দিশত গুৰুত্ব দিবলৈ উৎসাহিত কৰে। "নিজকে শুনক, আপোনাৰ চাৰিওফালৰ শব্দৰ বিষয়ে সজাগ হওঁক। এখন চুটি চলচ্চিত্ৰৰ বাবে শব্দ সৃষ্টি কৰাটো এটা কলা," তেওঁ লগতে কয়।

                                                                     

চুটি চলচ্চিত্ৰ নিৰ্মাণৰ কলা সন্দৰ্ভত মত প্ৰকাশ কৰি ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালকজনে চলচ্চিত্ৰ নিৰ্মাতাসকলক স্থান, সময়, ৰচদ-পাতি আৰু দৰ্শকৰ দৰে সীমাবদ্ধতাসমূহৰ জৰিয়তে বাধাপ্ৰাপ্ত নোহোৱাকৈ তেওঁলোকৰ হৃদয়ত প্ৰতিধ্বনিত হোৱা চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। "নিজৰ বাবে আৱেগিক চলচ্চিত্ৰ সৃষ্টি কৰক; তেওঁলোকে অৱশেষত তেওঁলোকৰ লক্ষ্য বিচাৰি পাব। অ-সৃষ্টিশীল বিষয়ৰ সলনি সৃষ্টিশীল উপাদানৰ ওপৰত অধিক গুৰুত্ব দিয়ক," তেওঁ দৃঢ়তাৰে কয়।

পুঁজি আৰু ৰচদ-পাতিৰ দৰে বাধাৰ কথা উল্লেখ কৰি নেমিলে কয় যে ন্যূনতম সম্পদ আৰু বাজেটৰ দ্বাৰাও উৎকৃষ্ট চুটি চলচ্চিত্ৰ নিৰ্মাণ কৰিব পাৰি। "প্ৰযুক্তিগত উন্নতিৰ সৈতে, আজিকালি মোবাইল আৰু কেইটামান নিম্নতম আনুসংগিক সামগ্ৰী তথা লেন্সৰ সহায়ত অতি ভাল চুটি চলচ্চিত্ৰ নিৰ্মাণ কৰিব পাৰি", তেওঁ মত প্ৰকাশ কৰে।

সঠিক পৰিকল্পনা আৰু নিৰন্তৰ অধ্যৱসায়ৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে নেমিল শ্বাহে চলচ্চিত্ৰ নিৰ্মাতাসকলক চুটি চলচ্চিত্ৰক কাহিনী চলচ্চিত্ৰৰ প্ৰৱেশদ্বাৰ বা সীমাবদ্ধ কলা হিচাপে গণ্য নকৰিবলৈ পৰামৰ্শ দিয়ে। "আপোনাৰ কলাৰ জৰিয়তে আপোনাৰ জীৱন আৰু সমাজৰ পৰ্যবেক্ষণক নিজাধৰণে চিত্ৰিত কৰক। সঠিক পৰিকল্পনাৰ সৈতে যাওক আৰু চেষ্টা কৰি থাকক", তেওঁ পৰামৰ্শ দিয়ে।

 

নেমিল শ্বাহৰ বিষয়ে

নেমিল শ্বাহ হৈছে ভাৰতৰ জামনগৰৰ এগৰাকী শিল্পী, যি মুখ্যতঃ চলচ্চিত্ৰ আৰু ভিডিঅ' নিৰ্মাণৰ কাম কৰে। তেওঁৰ প্ৰথম চুটি চলচ্চিত্ৰ "দাল ভাত"-এ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছিল আৰু অস্কাৰত আনুষ্ঠানিক প্ৰৱেশো কৰিছিল। ২০২৩ চনত তেওঁ পেৰুৰ আমাজন বৰ্ষাৰণ্যত এখন বিশেষ ভিডিঅ’ ছবি "৯-৩" নিৰ্মাণ কৰে, যিখন ছবিৰ প্ৰিমিয়াৰ অলপতে এপিচাটপং ৱেৰেচেথাকুলৰ দৰে শিল্পীৰ চলচ্চিত্ৰৰ সৈতে একেলগে প্ৰদৰ্শিত হয়। তেওঁ অলপতে এখন চুপাৰ ৮ মিঃমিঃ চলচ্চিত্ৰৰ কাম সমাপ্ত কৰিছে, যিখন থাইলেণ্ড বিয়েনেল, ২০২৪ৰ এটা অংশ হিচাপে পৰিগণিত হয়। ছেভেন টু ছেভেন শীৰ্ষক তেওঁৰ প্ৰথম কথাছবিখনৰ প্ৰযোজনা শীঘ্ৰেই আৰম্ভ হব। ২৪ বছৰীয়া নেমিল হৈছে ১৮ সংখ্যক এমআইএফএফ ২০২৪ৰ বিশেষ সত্ৰসমূহৰ আটাইতকৈ কম বয়সীয়া মাষ্টাৰ বক্তা।

* * *

PIB Team MIFF | Gautam/ Swadhin/ Darshana/Dolly/Abinash



(Release ID: 2026593) Visitor Counter : 14