পোষ্ট কৰা হৈছে:
16 JUN 2024 5:11PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি নতুন দিল্লীত জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিৰ ওপৰত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভাল, জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিনহা, চিফ অফ আৰ্মি ষ্টাফ জেনেৰেল মনোজ পাণ্ডে, কেন্দ্ৰীয় গৃহ সচিব, ইণ্টেলিজেন্স ব্যুৰোৰ সঞ্চালক, জ্যেষ্ঠ সেনা বিষয়াবৰ্গৰ লগতে চিফ অফ আৰ্মি ষ্টাফ (ডেজিগনেট) লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, চিএপিএফএছৰ সঞ্চালক প্ৰধান, জম্মু আৰু কাশ্মীৰৰ মুখ্য সচিব, ডিজিপি আৰু অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে জম্মু সংমণ্ডলত এৰিয়া ডমিনেচন প্লেন আৰু জিৰ’ টেৰ’ৰ প্লেনৰ জৰিয়তে কাশ্মীৰ উপত্যকাত লাভ কৰা সফলতাৰ প্ৰতিলিপি কৰিবলৈ নিৰাপত্তা সংস্থাসমূহক নিৰ্দেশ দিয়ে। শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ উদ্ভাৱনীমূলক উপায়েৰে সন্ত্ৰাসবাদীক দমন কৰি আদৰ্শ দাঙি ধৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰী অমিত শ্বাহে সকলো নিৰাপত্তা সংস্থাক মিছন মোডত কাম কৰিবলৈ আৰু সমন্বিতভাৱে দ্ৰুত সঁহাৰি নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ নিৰ্ণায়ক পৰ্যায়ত আছে। তেওঁ লগতে কয় যে শেহতীয়া কাণ্ডসমূহে দেখুৱাইছে যে সন্ত্ৰাসবাদ অতি সংগঠিত সন্ত্ৰাসবাদী হিংসাৰ কাৰ্যৰ পৰা কেৱল প্ৰক্সি যুদ্ধলৈ সংকুচিত হ’বলৈ বাধ্য হৈছে। তেওঁ জোৰ দি কয় যে আমিও ইয়াক নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ।

শ্ৰী অমিত শ্বাহে নিৰাপত্তা সংস্থাসমূহৰ মাজত নিৰৱচ্ছিন্ন সমন্বয়, দুৰ্বল অঞ্চল চিনাক্তকৰণ আৰু এনে অঞ্চলৰ নিৰাপত্তাজনিত উদ্বেগসমূহৰ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ কথা পুনৰবাৰ উল্লেখ কৰি গৃহমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদক নিৰ্মূল কৰাৰ ক্ষেত্ৰত চৰকাৰে চেষ্টাৰ কোনো ত্ৰুটি নকৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ভাৰত চৰকাৰৰ প্ৰচেষ্টাৰ ফলত কাশ্মীৰ উপত্যকাত সন্ত্ৰাস সম্পৰ্কীয় ঘটনা যথেষ্ট হ্ৰাস পোৱাৰ লগতে বৃহৎ ইতিবাচক ফলাফল দিছে। তেওঁ উল্লেখ কৰে যে আইন-শৃংখলাৰ পৰিস্থিতিৰ উন্নতি কাশ্মীৰ উপত্যকাত পৰ্যটকৰ অভিলেখ প্ৰবাহত প্ৰতিফলিত হৈছে। জম্মু-কাশ্মীৰত অভিলেখসংখ্যক ভোটাৰৰ ভোটদানৰ সাক্ষী হোৱা লোকসভা নিৰ্বাচনৰ সফল পৰিচালনাৰ বাবে শ্ৰী শ্বাহে নিৰাপত্তা সংস্থা আৰু জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ শলাগ লয়।
**********
RK / VV / RR / PR / PS