পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

শ্ৰী নীতিন গাডকাৰীয়ে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে

শ্ৰী অজয় ​​তামতা আৰু শ্ৰী হৰ্ষ মলহোত্ৰাই ৰাজ্য মন্ত্ৰী হিচাপে দায়িত্ব লয়

Posted On: 12 JUN 2024 12:50PM by PIB Guwahati


শ্ৰী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে। শ্ৰী অজয় তামতা আৰু শ্ৰী হৰ্ষ মলহোত্ৰাই ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে।

                                                                  

শ্ৰী গাডকাৰীয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীক মোদী ৩.০-ত এই ভূমিকা পুনৰ আৱণ্টন কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি ভাৰতবৰ্ষক মোদীজীৰ দূৰদৰ্শী নেতৃত্বত দ্ৰুত গতিত বিশ্বমানৰ, আধুনিক আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব বুলি  মন্তব্য কৰে।

এমঅ'আৰটিএইচৰ সচিব শ্ৰী অনুৰাগ জৈন আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী আৰু ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় তামতা আৰু শ্ৰী হৰ্ষ মলহোত্ৰাক পৰিবহন ভৱন চৌহদত আদৰণি জনায়।

MJPS
 



(Release ID: 2025242) Visitor Counter : 15