প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কুৱেইট চহৰত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 12 JUN 2024 7:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েকুৱেইট চহৰত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কুৱেইটস্থিত ভাৰতীয় দূতাবাসে অহৰহভাৱে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু কৰ্তৃপক্ষৰেলগ-লাগি ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়াই আছে।

কুৱেইটস্থিত ভাৰতীয় দূতাবাসৰএটা এক্স প’ষ্ট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে লিখিছে;

“কুৱেইট চহৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ বাতৰিয়ে শোকাহত কৰিছে। ইয়াত আত্মীয় আৰু প্ৰিয়জনক হেৰুৱাবলগীয়া হোৱাসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। মই আহতসকলৰআশু-আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনাইছোঁ। কুৱেইটস্থিত ভাৰতীয় দূতাবাসে অহৰহভাৱে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু কৰ্তৃপক্ষৰেলগ-লাগি ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়াইছে।”

***

DS/TS/SB
 


(रिलीज़ आईडी: 2025231) आगंतुक पटल : 101
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam