প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী ৰামোজী ৰাওৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 08 JUN 2024 11:33AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক শ্ৰী ৰামোজী ৰাওৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

শ্ৰী মোদীয়ে কয় যে ৰামোজী ৰাও এগৰাকী দুৰদৃষ্টিসম্পন্ন ব্যক্তি আছিল, যিগৰাকীয়ে ভাৰতীয় সংবাদ ব্যৱস্থাত নৱজাগৰণৰ সূচনা কৰিছিল। সাংবাদিকতা আৰু বিশ্ব বোলছবি জগতত তেওঁ উল্লেখযোগ্য অৱদান অবিস্মৰণীয় হৈ ৰ’ব।

টুইটাৰৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়:

“শ্ৰী ৰামোজী ৰাও গাৰোৰ বিয়োগ অতি মৰ্মাহত হৈছো। তেওঁ এগৰাকী দুৰদৃষ্টিসম্পন্ন ব্যক্তি আছিল, যিগৰাকীয়ে ভাৰতীয় সংবাদ ব্যৱস্থাত নৱজাগৰণৰ সূচনা কৰিছিল। সাংবাদিকতা আৰু বিশ্ব বোলছবিৰ ক্ষেত্ৰখনত তেওঁ উল্লেখযোগ্য অৱদান অবিস্মৰণীয় হৈ ৰ’ব। তেওঁৰ উল্লেখযোগ্য প্ৰচেষ্টাৰ জৰিয়তে তেওঁ সংবাদ মাধ্যম আৰু মনোৰঞ্জন জগতত উদ্ভাৱন আৰু উৎকৰ্ষতাৰ নতুন মান প্ৰতিষ্ঠা কৰিছিল।

ৰামোজী ৰাও গাৰোৱে ভাৰতৰ উন্নয়নত অতি গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ সৈতে কেইবাবাৰো মত বিনিময় কৰাৰ আৰু তেওঁৰ জ্ঞানেৰে সমৃদ্ধ হোৱাৰ মোৰ সৌভাগ্য হৈছিল। এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অগণন অনুৰাগীলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।”

***

DS/ST/DB


(रिलीज़ आईडी: 2023642) आगंतुक पटल : 88
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Hindi_MP , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam , Malayalam