ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

ভাৰতৰ নিৰ্বাচন আয়োগে ১৮ নং লোকসভালৈ নৱ-নিৰ্বাচিত সদস্যসকলৰ তালিকা ভাৰতৰ ৰাষ্ট্ৰপতিক অৰ্পণ কৰে

प्रविष्टि तिथि: 06 JUN 2024 6:44PM by PIB Guwahati

মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্তদ্বয় শ্ৰী জ্ঞানেশ কুমাৰ আৰু ড° সুখবীৰ সিং সন্ধুৱে আজি (৬ জুন, ২০২৪) বিয়লি ১৬:৩০ বজাত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়াণীক সাক্ষাৎ কৰে। তেওঁলোকে জনপ্ৰতিনিধি আইন, ১৯৫১ৰ ৭৩ নং অনুচ্ছেদ অনুসাৰে ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনাৰ প্ৰতিলিপি ৰাষ্ট্ৰপতিগৰাকীক অৰ্পণ কৰে। ইয়াত সাধাৰণ নিৰ্বাচনৰ পিছত ১৮ নং লোকসভালৈ নিৰ্বাচিত সদস্যসকলৰ নাম সন্নিৱিষ্ট আছে।

                                                                    

ইয়াৰ পিছতে, মুখ্য নিৰ্বাচন আয়ুক্ত, নিৰ্বাচন আয়ুক্তদ্বয় আৰু আয়োগৰ উচ্চপদস্থ বিষয়াসকলে ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ সফল পৰিচালনাৰ পৰিসমাপ্তি উপলক্ষে ৰাজঘাটলৈ গৈ জাতিৰ পিতাৰ আশীৰ্বাদ বিচাৰে।

******

KSY/RP/SB
 


(रिलीज़ आईडी: 2023404) आगंतुक पटल : 466
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Telugu , English , Urdu , हिन्दी , Hindi_MP , Manipuri , Bengali , Punjabi , Gujarati