পোষ্ট কৰা হৈছে:
05 JUN 2024 10:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম মাৰ্ক ৰুটৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰী ৰুটে নিৰ্বাচনত সফলতাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনায় আৰু ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ৰুটক তেওঁৰ উষ্ম শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু দুয়োখন দেশৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁৰ ব্যক্তিগত আগ্ৰহৰ বাবে প্ৰশংসা কৰে।
নেতাদ্বয়ে ভাৰত আৰু নেডাৰলেণ্ডৰ মাজত বিশেষ আৰু মূল্যৱান সম্পৰ্কৰ কথা উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ হিতৰ বাবে দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে কাম অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।
************
DS/ST/KG