তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

উচ্চতম ন্যায়ালয়ে বিজ্ঞাপন প্ৰকাশ কৰাৰ আগতে বিজ্ঞাপনদাতা/বিজ্ঞাপন সংস্থাসমূহক ‘স্ব-প্ৰামাণীকৰণ সম্পৰ্কীয় ঘোষণা’ৰ নিৰ্দেশ দিছে

১৮ জুন, ২০২৪ তাৰিখৰ পৰা সকলো নতুন বিজ্ঞাপনৰ বাবে ‘স্ব-প্ৰামাণীকৰণ সম্পৰ্কীয় ঘোষণা’ৰ প্ৰমাণপত্ৰ বাধ্যতামূলক হ'ব

টিভি/ৰেডিঅ'ৰ বিজ্ঞাপনৰ বাবে বিজ্ঞাপনদাতাসকলে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ‘সম্প্ৰচাৰ সেৱা পৰ্টেল’ত ‘স্ব-প্ৰামাণীকৰণ সম্পৰ্কীয় ঘোষণা’ৰ প্ৰমাণপত্ৰ দাখিল কৰিব

ছপা আৰু ডিজিটেল মাধ্যমৰ বিজ্ঞাপনৰ বাবে ‘প্ৰেছ কাউন্সিল অব ইণ্ডিয়া পৰ্টেল’ত এই প্ৰমাণপত্ৰ দাখিল কৰিব

Posted On: 03 JUN 2024 6:32PM by PIB Guwahati

মাননীয় উচ্চতম ন্যায়ালয়ে ‘আইএমএ তথা এএনআৰ বনাম ইউনিয়ন অব ইণ্ডিয়া আৰু অন্যান্য’ সম্পৰ্কীয় অসামৰিক ৰিট আবেদন নং ৬৪৫/২০২২ সন্দৰ্ভত ০৭-০৫-২০২৪ তাৰিখে প্ৰদান কৰা আদেশত সকলো বিজ্ঞাপনদাতা/বিজ্ঞাপন সংস্থাই যিকোনো বিজ্ঞাপন প্ৰকাশ বা সম্প্ৰচাৰ কৰাৰ আগতে 'স্ব-প্ৰামাণীকৰণ সম্পৰ্কীয় ঘোষণা' দাখিল কৰিব লাগিব বুলি নিৰ্দেশনা জাৰী কৰিছে। মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে টিভি আৰু ৰেডিঅ' বিজ্ঞাপনৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ‘সম্প্ৰচাৰ সেৱা পৰ্টেল’ত আৰু ছপা আৰু ডিজিটেল/ইণ্টাৰনেটৰ বিজ্ঞাপনৰ বাবে ‘প্ৰেছ কাউন্সিল অব ইণ্ডিয়া পৰ্টেল’ত এটা নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। বিজ্ঞাপনদাতা/বিজ্ঞাপন সংস্থাসমূহৰ এগৰাকী কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি স্বাক্ষৰিত প্ৰমাণপত্ৰখন এই ‘পৰ্টেল’কেইটাৰ জৰিয়তে দাখিল কৰিব লাগিব।

‘পৰ্টেল’কেইটা ৪ জুন, ২০২৪ তাৰিখে সক্ৰিয় কৰা হ'ব। ১৮ জুন, ২০২৪ তাৰিখে বা তাৰ পিছত জাৰী/সম্প্ৰচাৰ/প্ৰচাৰ/প্ৰকাশ কৰা সকলো নতুন বিজ্ঞাপনৰ বাবে সকলো বিজ্ঞাপনদাতা আৰু বিজ্ঞাপন সংস্থাই স্ব-প্ৰামাণীকৰণ সম্পৰ্কীয় ঘোষণা পত্ৰ আহৰণ কৰিব লাগিব। স্ব-প্ৰমাণীকৰণ ঘোষণা প্ৰক্ৰিয়াৰ সৈতে পৰিচিত হ'বলৈ সকলো অংশীদাৰক পৰ্যাপ্ত সময় প্ৰদান কৰাৰ বাবে দুটা সপ্তাহৰ বাফাৰ পিৰিয়দ ৰখাৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান চলি থকা বিজ্ঞাপনসমূহৰ বাবে স্ব-প্ৰমাণীকৰণৰ প্ৰয়োজন নহ’ব।

স্ব-প্ৰমাণীকৰণ ঘোষণাপত্ৰৰ জৰিয়তে (ক) বিজ্ঞাপনটোত কোনোধৰণৰ বিভ্ৰান্তিকৰ দাবী কৰা হোৱা নাই, আৰু (খ)কেবল টেলিভিছন নেটৱৰ্ক অধিনিয়ম, ১৯৯৪ ৰ বিধি ৭ আৰু ভাৰতীয় প্ৰেছ কাউন্সিলৰ সাংবাদিকতা আচৰণৰ নিয়মাৱলীৰ সকলো প্ৰাসঙ্গিক নিয়ামক নিৰ্দেশনা যে পালন কৰা হৈছে সেয়া প্ৰত্যায়িত কৰিব লাগিব। বিজ্ঞাপনদাতাই তেওঁলোকৰ তথ্য সংৰক্ষণৰ বাবে প্ৰাসঙ্গিক সম্প্ৰচাৰক, ছপা কৰোতা, প্ৰকাশক বা ইলেক্ট্ৰনিক মিডিয়া প্লেটফৰ্মত স্ব-প্ৰমাণীকৰণ ঘোষণাপত্ৰ আপলোড কৰাৰ প্ৰমাণ প্ৰদান কৰিব লাগিব। মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বৈধ স্ব-প্ৰমাণীকৰণ ঘোষণা পত্ৰ অবিহনে টেলিভিছন, ছপা মাধ্যম বা ইণ্টাৰনেটত কোনো বিজ্ঞাপন চলাবলৈ অনুমতি দিয়া নহ'ব।

মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা হৈছে স্বচ্ছতা, গ্ৰাহক সুৰক্ষা, আৰু দায়িত্বশীল বিজ্ঞাপন প্ৰণালী নিশ্চিত কৰাৰ দিশত এক পদক্ষেপ। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সকলো বিজ্ঞাপনদাতা, সম্প্ৰচাৰক আৰু প্ৰকাশকক এই নিৰ্দেশনা নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনাইছে।

স্ব-প্ৰামাণিকৰণ ঘোষণাপত্ৰ সন্দৰ্ভত বিতং নিৰ্দেশনাৰ বাবে ক্লিক কৰক

(‘কিউআৰ কোডৰ সৈতে বিএছপি আৰু পিচিআই পৰ্টেলৰ বাবে লিংক কৰক)

*****

Saurabh Singh/KB



(Release ID: 2022709) Visitor Counter : 128