ভাৰতীয় নিৰ্বাচন আয়োগ

‘সাধাৰণ নিৰ্বাচন ২০২৪’- গণনাৰ প্ৰৱণতা আৰু ফলাফল সম্পৰ্কীয় সম্প্ৰচাৰণৰ দিহা

Posted On: 01 JUN 2024 7:44PM by PIB Guwahati

লোকসভাৰ সাধাৰণ নিৰ্বাচন– ২০২৪ৰ লগতে অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যাৰ বিধান সভা আৰু একাংশ বিধানসভাৰ সমষ্টিসমূহৰ উপ-নিৰ্বাচনৰ ভোটগণনা অহা ৪ জুন, ২০২৪ (মঙলবাৰে)ৰ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব। ছিকিম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক বিধান সভাৰ ভোটগণনা ২ জুন, ২০২৪ (দেওবাৰে) পুৱা ৬ বজাৰ পৰা আৰম্ভ হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্তদ্বয় শ্ৰী জ্ঞানেশ কুমাৰ আৰু ড০ সুখবীৰ সিং সান্ধুৱে সংশ্লিষ্ট সকলো মুখ্য নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী বিষয়াসকলৰ সৈতে ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে।

বিধানসভা সমষ্টি/সংসদীয় সমষ্টিসমূহৰ ভোটগণনাৰ প্ৰৱণতা আৰু ফলাফল নিৰ্বাচনী বিষয়া/সহকাৰী নিৰ্বাচনী বিষয়াসকলে প্ৰবিষ্ট কৰা তথ্য অনুসৰি নিৰ্বাচন আয়োগ-ৰ ৱেবছাইট ‘ইউআৰএল’ https://results.eci.gov.in/ ৰ লগতে ‘ভোটাৰ হেল্পলাইন এপ’, ‘আইঅ’এছ’ আৰু ‘এণ্ড্ৰইড ম'বাইল এপ’-ত উপলব্ধ হ'ব। ‘ভোটাৰ হেল্পলাইন এপ’টো ‘গুগল প্লে’ ষ্টোৰ’ বা ‘এপল প্লে’ ষ্টোৰ’ৰ পৰা ‘ডাউনলোড’ কৰিব পাৰিব। ব্যৱহাৰকাৰীসকলে ‘ভোটাৰ হেল্পলাইন এপ’ৰ পৰা সমষ্টি অনুসৰি বা ৰাজ্য অনুসৰি ফলাফলৰ সৈতে বিজয়ী/আগগতি লাভ কৰি থকা বা পিছপৰি থকা প্ৰাৰ্থীৰ যাৱতীয় বিৱৰণ বিচাৰিবলৈ উপলব্ধ ফিল্টাৰ ব্যৱহাৰ কৰিব পাৰিব। ‘ভিএইচএ’ ‘ডাউনলোড’ কৰিবলৈ লিংক হৈছে:

এণ্ড্ৰইড: https://play.google.com/store/apps/details?id=com.eci.citizen&hl=en_US আইঅএ: https://apps.apple.com/in/app/voter-helpline/id1456535004

‘নিৰ্বাচন আয়োগ’ৰ ‘ৱেবছাইট’ত উপলব্ধ ‘নিৰ্বাচনী বিষয়া’ আৰু ‘গণনাকাৰী এজেণ্ট’ৰ হাতপুথিৰ বাবে: https://tinyurl.com/yknwsu7r আৰু https://tinyurl.com/mr3cjwhe ৰ সহায় ল’ব পাৰিব।

‘গণনাব্যৱস্থা’, ‘ভোট গণনাৰ প্ৰক্ৰিয়া’ আৰু ‘ইভিএম/ভিভিপিএটি সংৰক্ষণ’ৰ বাবে ইতিমধ্যে ‘ইচিআই ৱেবছাইট’ত উপলব্ধ কৰা আয়োগৰ বিস্তৃত নিৰ্দেশনাৱলী:

 

 

১. ভোট গণনাৰ ব্যৱস্থাৱলী: https://tinyurl.com/yxvm5ueh

২. গণনা প্ৰক্ৰিয়া: https://tinyurl.com/2sdsjkc9

৩. ইভিএম/ভিভিপিএটি-ৰ সংৰক্ষণ: https://tinyurl.com/5hcnzrkc ত লাভ কৰিব পাৰিব।

 

মুখ্য নিৰ্বাচনী বিষয়া/নিৰ্বাচনী বিষয়া/জিলা নিৰ্বাচনী বিষয়াসকলে গণনাৰ প্ৰৱণতা আৰু ফলাফলৰ স্থানীয় প্ৰদৰ্শন ‘ডিজিটেল ডিচপ্লে’ পেনেল’ৰ জৰিয়তেও কৰিব পাৰিব।

***************

DK/RP/KB



(Release ID: 2022500) Visitor Counter : 57