প্ৰতিৰক্ষা মন্ত্ৰালয়

ঘূৰ্ণীবতাহ ৰেমাল: কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ সৈতে আইচিজিৰ উল্লেখযোগ্য সমন্বয়ৰ ফলত পশ্চিমবংগৰ উপকূলৰ সাগৰত ৰোধ পাইছে জীৱন বা সম্পত্তিৰ ক্ষয়-ক্ষতি

Posted On: 28 MAY 2024 11:54AM by PIB Guwahati

কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ সৈতে ভাৰতীয় উপকূলৰক্ষী বাহিনী (আইচিজি)ৰ উল্লেখযোগ্য সমন্বয়ে ভয়াৱহ ঘূৰ্ণীবতাহ (এছচিএছ) ‘ৰেমাল’ৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতি সফলতাৰে মোকাবিলা কৰাত সহায়ক হৈছে। ২২ মে’ত নিম্ন চাপৰ ফলত এই ঘূৰ্ণীবতাহ আৰম্ভ হৈছিল আৰু দ্ৰুতগতিত তীব্ৰতৰ হৈ ঘূৰ্ণীবতাহজাকে ভয়াবহ ৰূপ ধাৰণ কৰে৷ ২৬-২৭ মে’ৰ মাজনিশা ঘূৰ্ণীবতাহজাক পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলত স্থলভাগত প্ৰৱেশ কৰিছিল।

উপকূলৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ে (উত্তৰ-পূব) পূৰ্ব-নিৰ্ধাৰিত ব্যৱস্থা আৰম্ভ কৰাৰ লগতে বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাৰ সৈতে সমন্বয় নিশ্চিত কৰে, যাৰ ফলত সাগৰত কোনো জীৱন বা সম্পত্তিৰ ক্ষতি হোৱাৰ তথ্য পোৱা নাই আৰু পৰিস্থিতিও ফলপ্ৰসূভাৱে পৰিচালনা কৰিছে। ঘূৰ্ণীবতাহৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি আইচিজিয়ে জাহাজ, বিমান আৰু উপকূলীয় অঞ্চল চোৱাচিতাৰ ব্যৱস্থা কৰি সমগ্ৰ বণিক বহৰখনক ধুমুহাৰ কবলৰ পৰা সামগ্ৰিকভাৱে ৰক্ষা কৰে। আইচিজিৰ হালদিয়া আৰু পাৰাদ্বীপৰ ৰিম’ট অপাৰেটিং ষ্টেচনৰ পৰা সময়মতে সতৰ্কবাণী সম্প্ৰচাৰ কৰাৰ লগতে মাছ ধৰা নাও আৰু ট্ৰেনজিটিং বণিক জাহাজক সতৰ্ক কৰি দিয়া হৈছিল।

এছচিএছৰ স্থলভাগত প্ৰৱেশৰ পিছত আইচিজি জাহাজ ভাৰাডে তৎক্ষণাত পাৰাদ্বীপৰ পৰা ঘূৰ্ণীবতাহৰ পিছৰ মূল্যায়ন কৰিবলৈ যাত্ৰা কৰে। তদুপৰি ভুৱনেশ্বৰৰ পৰা দুখন আইচিজি ডৰ্নিয়াৰ বিমানে উৰা মাৰি উত্তৰ বংগোপসাগৰত তন্নতন্নকৈ পৰ্যালোচনা চলায়৷

***********

ABB/Savvy/KB/DB



(Release ID: 2021924) Visitor Counter : 47