তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

এফটিআইআইৰ ছাত্ৰৰ ৭৭ সংখ্যক কান্স চলচ্চিত্ৰ মহোৎসৱত ‘লা চিনেফ’ বঁটা লাভ

এফটিআইআইৰ ছাত্ৰ চিদানন্দ এছ নাইক (পৰিচালক)ৰ ছবি "ছানফ্লাৱাৰ্ছ ৱেৰ দ্য ফাৰ্ষ্ট ৱানছ টু নো" আৰু তেওঁৰ দলটো কান্সত জিলিকি উঠিছে

চিদানন্দ এছ নাইক '৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰ'ৰ অন্যতম আৰু ২০২২ বেচৰ এফটিআইআইৰ ছাত্ৰ

Posted On: 24 MAY 2024 3:15PM by PIB Guwahati

ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (এফটিআইআই)ৰ ছাত্ৰ চিদানন্দ নাইকৰ পাঠ্যক্ৰমৰ শেষত নিৰ্মিত ছবি "ছানফ্লাৱাৰ্ছ ৱেৰ দ্য ফাৰ্ষ্ট ৱানছ টু নো"ই ফ্ৰান্সৰ ৭৭ সংখ্যক কান্স চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ কান লা চিনেফ বঁটা লাভ কৰিছে। ২০২৪ চনৰ ২৩ মে’ত অনুষ্ঠিত হোৱা মহোৎসৱত বিজয়ীক আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় য’ত ছাত্ৰ পৰিচালক শ্ৰী চিদানন্দ নাইকে এই বঁটা লাভ কৰে।

ছবিখনৰ পৰিচালক চিদানন্দ এছ নাইক, চিত্ৰগ্ৰহণ কৰিছে সূৰজ ঠাকুৰে, সম্পাদনা মনোজ ভিৰ আৰু ছাউণ্ডট্ৰেক অভিষেক কদমৰ।

ভাৰতীয় চিনেমাৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত। আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতীয় ছবিয়ে প্ৰশংসা লাভ কৰি আহিছে, বিশেষকৈ এফটিআইআইয়ে যোৱা কিছু বছৰত কান্স মহোৎসৱত নিজৰ ছাত্ৰ-ছাত্ৰীৰ ছবি প্ৰদৰ্শনৰ জৰিয়তে উল্লেখযোগ্যভাৱে ভাল ফলাফল দেখুৱাইছে। ৭৩ নং কান্সত এফটিআইআইৰ ছাত্ৰ-ছাত্ৰীৰ আন এখন ছবি ‘কেটডগ’ই এই বঁটা লাভ কৰাৰ চাৰি বছৰৰ পাছত এই স্বীকৃতি লাভ কৰিছে। ৭৭ সংখ্যক কান্স চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ পৰা বিভিন্ন শাখাত কেইবাটাও প্ৰৱেশ পত্ৰ লাভ কৰে। পায়ল কাপাড়িয়া, মৌছম আলী, সন্তোষ শিৱন, চিদানন্দ এছ নাইক আৰু তেওঁলোকৰ দলে এই বছৰৰ কান্সত স্বীকৃতি লাভ কৰে।

"Sunflowers Were the First Ones to Know" গাঁৱৰ কুকুৰা চুৰি কৰি সমাজত অশান্তিৰ সৃষ্টি কৰা এগৰাকী বৃদ্ধাৰ কাহিনী। কুকুৰাটোক ঘূৰাই আনিবলৈ এটা ভৱিষ্যদ্বাণী কৰা হয়, য’ত বৃদ্ধা মহিলাৰ পৰিয়ালক নিৰ্বাসনলৈ পঠিওৱা হয়।

এফটিআইআই ফিল্ম টিভি উইঙৰ বাবে এবছৰীয়া কাৰ্যসূচীৰ সৃষ্টি, য’ত বিভিন্ন শাখা অৰ্থাৎ পৰিচালনা, ইলেক্ট্ৰনিক চিনেমেট’গ্ৰাফী, সম্পাদনা, শব্দৰ চাৰিজন ছাত্ৰই বছৰৰ শেষত সমন্বিত কচৰৎ হিচাপে এটা প্ৰকল্পৰ বাবে একেলগে কাম কৰিছিল। ছবিখনৰ পৰিচালক চিদানন্দ এছ নাইকে, চিত্ৰগ্ৰহণ কৰিছে সূৰজ ঠাকুৰে, সম্পাদনা মনোজ ভিয়ে কৰিছে আৰু ছাউণ্ডট্ৰেক অভিষেক কদমৰ। এই ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ চূড়ান্ত বৰ্ষৰ সন্মিলিত অনুশীলনৰ অংশ হিচাপে ছবিখনৰ কাম কৰিছিল আৰু ২০২৩ চনত এফটিআইআইৰ পৰা উত্তীৰ্ণ হৈছিল।

এয়া প্ৰথমবাৰৰ বাবে এফটিআইআইৰ বছৰীয়া টেলিভিছন পাঠ্যক্ৰমৰ ছাত্ৰৰ এখন ছবি প্ৰতিষ্ঠিত কান্স চলচ্চিত্ৰ মহোৎসৱত নিৰ্বাচিত আৰু জয়ী হৈছে। ২০২২ চনত এফটিআইআইত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে চিদানন্দ এছ নাইকক ৫৩ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আইএফএফআই) ৭৫টা ক্ৰিয়েটিভ মাইণ্ডৰ ভিতৰত অন্যতম হিচাপেও নিৰ্বাচিত কৰা হৈছিল, যি চিনেমাৰ ক্ষেত্ৰত উদীয়মান যুৱ শিল্পীসকলক চিনাক্ত কৰা আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক পদক্ষেপ আছিল।

এফটিআইআইৰ অধ্যক্ষ শ্ৰী আৰ মাধৱনে ছবিখনৰ সকলো ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ কয়, “এই অতি প্ৰতিষ্ঠিত সন্মানৰ বাবে শ্ৰী চিদানন্দ নাইক আৰু “ছানফ্লাৱাৰ্ছ ৱেৰ দ্য ফাৰ্ষ্ট ৱানছ টু নো”ৰ সমগ্ৰ দলটোক অভিনন্দন। এয়ে কামনা যে তেওঁলোকে নিজৰ অসাধাৰণ পৰিচয় গঢ়ি তোলক আৰু মৰমেৰে এক উজ্জ্বল কেৰিয়াৰ আৰম্ভ কৰক। লগতে, এনে বিশ্বমানৰ প্ৰতিভাক লালন-পালন কৰাৰ বাবে এফটিআইআইৰ সকলো কৰ্মচাৰী আৰু প্ৰশাসনলৈ বহুত বহুত অভিনন্দন আৰু শুভেচ্ছা।”

‘লা চিনেফ’ হৈছে এই উৎসৱৰ এটা আনুষ্ঠানিক খণ্ড যাৰ উদ্দেশ্য হৈছে নতুন প্ৰতিভাক উৎসাহিত কৰা আৰু বিশ্বৰ চলচ্চিত্ৰ বিদ্যালয়ৰ ছবিক স্বীকৃতি দিয়া। এই ছবিখন বিশ্বৰ ৫৫৫খন চলচ্চিত্ৰ বিদ্যালয়ে দাখিল কৰা মুঠ ২,২৬৩খন ছবিৰ ভিতৰত নিৰ্বাচিত ১৮খন চুটি ছবি (১৪খন লাইভ-একচন আৰু ৪খন এনিমেটেড ছবি)ৰ ভিতৰত এখন আছিল।

এফটিআইআইৰ অনন্য শিক্ষাবিজ্ঞান আৰু চিনেমা আৰু টেলিভিছনৰ ক্ষেত্ৰত শিক্ষাৰ বাবে অনুশীলন ভিত্তিক সহ-শিক্ষণ পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত প্ৰতিষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰী আৰু ইয়াৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বছৰ বছৰ ধৰি বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা লাভ কৰিছে। এই সন্মানীয় বঁটা লাভ কৰাটো ভাৰতীয় চিনেমাৰ বাবে এক ঐতিহাসিক কৃতিত্ব। ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান বিশ্বৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ বিদ্যালয় আৰু আজি ভাৰতক গৌৰৱান্বিত কৰিছে।

 

 

 

 

 

 

 

 

**********

 

Pragya Paliwal / Saurabh Singh



(Release ID: 2021551) Visitor Counter : 31