গৃহ মন্ত্ৰালয়

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত অসামৰিক বিনিয়োগ অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০২৪ বৰ্ষৰ ২টা পদ্ম বিভূষণ, ৯টা পদ্মভূষণ আৰু ৫৬টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে

Posted On: 09 MAY 2024 8:55PM by PIB Guwahati

আজি ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অসামৰিক বিনিয়োগ অনুষ্ঠান-II ত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৪ বৰ্ষৰ ২টা পদ্ম বিভূষণ, ৯টা পদ্মভূষণ আৰু ৫৬টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

এই উপলক্ষে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ লগতে কেবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নতুন দিল্লীস্থিত বাসগৃহত আয়োজিত নৈশ আহাৰমেলত গৃহমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকলে পদ্ম বঁটাপ্ৰাপকসকলৰ সৈতে মত বিনিময় কৰে।

ইফালে কাইলৈ পুৱা (১০ মে', ২০২৪) ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পদ্ম বঁটাপ্ৰাপকসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তেওঁলোকে ৰাষ্ট্ৰপতি ভৱন আৰু প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ো পৰিদৰ্শন কৰিব।

 

*****

RK/VV/ASH/PS



(Release ID: 2020316) Visitor Counter : 42