ভাৰতীয় নিৰ্বাচন আয়োগ

নিৰ্বাচন আয়োগৰ সকলো ৰাজনৈতিক দলকে সমীক্ষাৰ গইনা লৈ নিৰ্বাচন-পৰৱৰ্তী হিতাধিকাৰী-কেন্দ্ৰিক আঁচনিসমূহত ভোটাৰৰ অন্তৰ্ভুক্তি/পঞ্জীয়ন প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ নিৰ্দেশ

ভোটদানৰ প্ৰতিদান আৰু প্ৰলোভনৰ সম্ভাৱনা উৎকোচ/দুৰ্নীতিৰ লেখীয়া

Posted On: 02 MAY 2024 5:34PM by PIB Guwahati

ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহ আৰু প্ৰাৰ্থীসকলে তেওঁলোকৰ প্ৰস্তাৱিত হিতাধিকাৰী আঁচনিৰাজিৰ বাবে ভিন্ন সমীক্ষাৰ গইনা লৈ ভোটাৰৰ সবিশেষ বিচৰা কাৰ্য্য-কলাপৰ বিষয়টো গুৰুত্বসহকাৰে লৈছে।আয়োগে এনে কাৰ্য্যক জন প্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৩(১)ৰ অধীনত উৎকোচ আৰু দুৰ্নীতি হিচাপে গণ্যৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। আয়োগে লক্ষ্য কৰে, “একাংশ ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে এনে কেতবোৰ কাৰ্য্য-কলাপত লিপ্ত হৈ আহিছে, যিয়ে বৈধ সমীক্ষা আৰু নিৰ্বাচন-পৰৱৰ্তী হিতাধিকাৰী-কেন্দ্ৰিক আঁচনিৰ বাবে ব্যক্তিক পঞ্জীয়নভুক্তকৰৰ পক্ষপাতমূলক প্ৰচেষ্টাৰ মাজৰ সীমা ম্লান কৰিছে

আয়োগে অব্যাহত সাধাৰণ নিৰ্বাচন,২০২৪ত সংঘটিত ভিন্ন ঘটনা লক্ষ্য কৰি, যিকোনো বিজ্ঞাপন/সমীক্ষা/এপৰ জৰিয়তে নিৰ্বাচন-পৰৱৰ্তী হিতাধিকাৰী-কেন্দ্ৰিক আঁচনিৰ বাবে ব্যক্তিক পঞ্জীয়নভুক্তকৰণৰ যিকোনো কাৰ্য্য-কলাপক তৎক্ষণাৎ বন্ধ কৰিবলৈ আৰু এনে কাৰ্য্যৰপৰা বিৰত থাকিবলৈ আজি সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দললৈ এক পৰামৰ্শ জাৰি কৰিছে। (লিংকঃ  https://www.eci.gov.in/eci-backend/public/api/download?url=LMAhAK6sOPBp%2FNFF0iRfXbEB1EVSLT41NNLRjYNJJP1KivrUxbfqkDatmHy12e%2FztfbUTpXSxLP8g7dpVrk7%2FRgJnWIFoi%2FHESbtsL%2FSFvsIWBm5CVW8P%2FiquKm95vYSdOFtn933icz0MOeiesxvsQ%3D%3D)

আয়োগে কয় যে নিৰ্বাচন-পৰৱৰ্তীসা-সুবিধা লাভৰ বাবে ভোটাৰক পঞ্জীয়ন কৰিবলৈ আহ্বান/আমন্ত্ৰণ জনোৱা কাৰ্য্যই ভোটাৰ আৰু প্ৰস্তাৱিত সা-সুবিধাৰ মাজত পাৰস্পৰিকস্বাৰ্থ সম্পৰ্কীয় প্ৰয়োজনীয়তাৰ এক ধাৰণাৰ সৃষ্টি কৰিব পাৰে আৰু এনে কাৰ্য্যই বিশেষ ধৰণেৰেভোটদানৰ প্ৰতিদানমূলক মনোভাৱ জন্মোৱাৰ সম্ভাৱনা আছে যাৰ পৰিণতিত প্ৰলোভন মূৰ্ত হৈ উঠিব পাৰে।

আয়োগে সামান্য (generic) আৰু সাধাৰণ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ অনুমোদনযোগ্য বুলি স্বীকাৰেৰেনিম্নোক্ত তালিকাত উল্লেখ কৰা এনে কাৰ্য্য-কলাপে প্ৰামাণিক সমীক্ষা আৰু ৰাজনৈতিক লাভা-লাভৰ বাবে কাৰ্য্যসূচীসমূহতজনতাক অন্তৰ্ভুক্তকৰণৰ পক্ষপাতমূলক প্ৰচেষ্টাৰ মাজৰ পাৰ্থক্য অস্পষ্ট কৰি পেলায় বুলি লক্ষ্য কৰে তথাএই সকলোবোৰেসম্ভাৱ্য ব্যক্তিগত লাভা-লাভৰ কথা জড়িত হৈ থকাঅথচ চৰকাৰী কাৰ্য্যসূচী বা দলীয় এজেণ্ডাৰ বিষয়ে অৱগতকৰণৰ বৈধ সমীক্ষামূলককাৰ্য্য-কলাপ বা প্ৰচেষ্টাৰ ৰূপ ধাৰণ কৰে বুলি আয়োগে বিবেচনা কৰে।

আয়োগে সকলো জিলা নিৰ্বাচনী বিষয়াক এনে যিকোনো বিজ্ঞাপনৰ বিৰুদ্ধেবিধিগত বিধান যথাঃ জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৭ক, জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৩ (১)আৰু আইপিচিৰ ধাৰা ১৭১ (খ)ৰ অধীনত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

তালিকা ১: 

১) বাতৰিকাকতত বিজ্ঞাপনৰ জৰিয়তে ভোটাৰক ম’বাইলেৰে মিছড কল প্ৰদান বা নিৰ্দিষ্ট টেলিফোন নম্বৰলৈ ফোন কৰি সুবিধা লাভৰ বাবে পঞ্জীয়নভুক্তকৰণৰআবেদন জনাবলৈ আহ্বান জনোৱা কাৰ্য্য।

২) ভোটাৰৰ নাম, বয়স, ঠিকনা, ম’বাইল নম্বৰ, বুথ নম্বৰ, সমষ্টিৰ নাম আৰু নম্বৰ আদিৰ সবিশেষ সোধা সংলগ্ন প্ৰ-পত্ৰসহ সম্ভাৱ্য ব্যক্তিগত সা-সুবিধাৰ সবিশেষ সন্নিৱিষ্ট প্যাম্প্লেটৰ আকাৰত গেৰাণ্টী কাৰ্ড বিতৰণ কৰা কাৰ্য্য।

৩) অব্যাহত চৰকাৰী ব্যক্তিগত সুবিধা আঁচনিৰ সম্প্ৰসাৰণৰ বাবে সম্ভাৱ্য হিতাধিকাৰীৰ আৰ্থ-সামাজিক সমীক্ষাৰ নামত ভোটাৰৰ নাম, ৰেচন কাৰ্ডৰ নম্বৰ, ঠিকনা, ফোন নম্বৰ, বুথ নম্বৰ, বেংক একাউন্ট নম্বৰ, সমষ্টিৰ নাম আৰুনম্বৰ আদিসবিশেষ বিচৰা প্ৰ-পত্ৰ বিতৰণ কৰা কাৰ্য্য।

৪) ভোটাৰৰ নাম, ঠিকনা, ফোন নম্বৰ, বুথ নম্বৰ, সমষ্টিৰ নাম আৰুনম্বৰ আদি সবিশেষ বিচাৰি ৰাজনৈতিক দল/প্ৰাৰ্থীয়ে ৱেব প্লেটফৰ্ম বা ৱেব/ম’বাইল এপ্লিকেচনৰমাধ্যমেৰে প্ৰচাৰ কাৰ্য্য (সা-সুবিধাৰাজি গ্ৰহণ কৰিবলৈ আহ্বান নজনালেও তথা ভোটাৰক তেওঁলোকৰ পছন্দৰ কথা ব্যক্ত কৰিবলৈ নক’লেও)।

৫) ভোটাৰৰ নাম, স্বামী/পিতৃৰ নাম, যোগাযোগৰ নম্বৰ, ঠিকনা আদি সবিশেষ বিচাৰি পঞ্জীয়ন প্ৰ-পত্ৰৰ লগতে সম্প্ৰতি লাভ কৰা সুবিধা আঁচনি সম্পৰ্কীয় বাতৰিকাকতত প্ৰকাশ পোৱা বিজ্ঞাপন বা ফিজিকেল প্ৰ-পত্ৰ।



(Release ID: 2019506) Visitor Counter : 38