উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন বিকাশৰ বাবে গঠিত কৰ্ম বাহিনীৰ চতুৰ্থখন বৈঠক অনুষ্ঠিত কৰে ‘ড’নাৰ’ মন্ত্ৰালয়ে

Posted On: 25 APR 2024 5:07PM by PIB Guwahati

উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উন্নয়নৰ বাবে গঠিত কৰ্ম বাহিনীৰ চতুৰ্থখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠকত উপস্থিত আছিল উত্তৰ-পূবৰ সকলো ৰাজ্য-অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ বিষয়াসকল। বৈঠকত উপস্থিত থকা অন্যান্য অংশীদাৰসকল আছিল নীতি আয়োগ, অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়, ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়, বস্ত্ৰ মন্ত্ৰালয়, পৰ্যটন মন্ত্ৰালয়, সংস্কৃতি মন্ত্ৰালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰসকল।

কৰ্ম বাহিনীয়ে ব্যক্তিগত অংশীদাৰসকলকে ধৰি অন্যান্য অংশীদাৰসকলক জড়িত কৰি উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটনৰ ব্যাপক আৰু বহনক্ষম বিকাশৰ বাবে কাৰ্য পৰিকল্পনা যুগুতোৱাৰ লগতে ৰণনীতি সন্দৰ্ভত আলোচনা কৰে।

ইয়াৰ পূৰ্বে, ২০২২ চনৰ ছেপ্টেম্বৰ মাহত ‘উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়’ৰ ‘পৰামৰ্শদাতা সমিতিৰ বৈঠক’ত লোৱা সিদ্ধান্ত অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটনৰ বিকাশৰ বাবে এটা কৰ্ম বাহিনী গঠনৰ প্ৰস্তাৱ দিয়া হৈছিল। সেই অনুসৰি, সংশ্লিষ্ট মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু অন্যান্য অংশীদাৰসকলৰ প্ৰতিনিধিৰ সৈতে ড’নাৰ মন্ত্ৰালয়’ৰ অধীনত ২০ অক্টোবৰ, ২০২৩ তাৰিখে এটা কৰ্ম বাহিনী গঠন কৰা হয়।

***

MG/MS/SK/VL/KB



(Release ID: 2018932) Visitor Counter : 19