ভাৰতীয় নিৰ্বাচন আয়োগ

গৰমৰ প্ৰবাহৰ মাজতো ২০২৪ চনৰ ১ম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ অধিক

২১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটগ্ৰহণ বহুলাংশে শান্তিপূৰ্ণ

উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশকে ধৰি ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটগ্ৰহণ সম্পূৰ্ণ

গ্ৰেট নিকোবৰৰ শ্বোম্পেন জনগোষ্ঠীৰ বাষ্টাৰৰ ৫৬খন গাঁৱে প্ৰথমবাৰৰ বাবে ভোটদান কৰে

প্ৰথমবাৰৰ বাবে ভোটদান কৰা বৃহৎ সংখ্যকে উৎসাহেৰে অংশগ্ৰহণ কৰে

Posted On: 19 APR 2024 8:28PM by PIB Guwahati

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত গৰমৰ প্ৰবাহৰ মাজতো ভোটদানৰ হাৰ অধিক। ভোটগ্ৰহণ বহুলাংশে শান্তিপূৰ্ণ হৈ আছে আৰু বিভিন্ন পৰ্যায়ৰ ভোটাৰে নাগৰিক দায়বদ্ধতা আৰু গৌৰৱৰ এক লক্ষ্যণীয় প্ৰদৰ্শনত উৎসাহেৰে অংশগ্ৰহণ কৰিছে। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ১ম পৰ্যায়ত ছিকিম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক বিধানসভাৰ বাবে ভোটগ্ৰহণৰ সমান্তৰালকৈ ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ১৮ নং লোকসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ সম্পূৰ্ণ কৰা হৈছে। আয়োগে প্ৰথম পৰ্যায়ৰ ভোটাৰ আৰু সমগ্ৰ নিৰ্বাচনী যন্ত্ৰক ধন্যবাদ জ্ঞাপন কৰে।

                                                                     

ৰিপ’ৰ্ট কৰা ২১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰৰ ভোটদানৰ আংশিক পৰিসংখ্যা সন্ধিয়া ৭ বজাত ৬০%ৰ ওপৰত। ৰাজ্যভিত্তিক পৰিসংখ্যা পৰিশিষ্ট 'ক'ত ৰখা হৈছে। বহু সমষ্টিত ভোটগ্ৰহণ সন্ধিয়া ৬ বজালৈকে থকাৰ বাবে সকলো ভোটকেন্দ্ৰৰ পৰা প্ৰতিবেদন লাভ কৰালৈকে ভোটদানৰ শতকৰা হাৰ ঊৰ্ধমুখী হোৱাৰ সম্ভাৱনা আছে। লগতে ভোটগ্ৰহণৰ সময়ত শেষলৈকে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হোৱা ভোটাৰক ভোটদানৰ অনুমতি দিয়া হৈছে। কাইলৈ ফৰ্ম ১৭এৰ তদন্তৰ অন্তত জানিব পৰা যাব চূড়ান্ত পৰিসংখ্যা।

                                                                     

মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সন্ধুৰ নেতৃত্বত আয়োগে নিৰ্বাচন সদনৰ ইচিআই মুখ্য কাৰ্যালয়ৰ পৰা সমষ্টিসমূহৰ ভিতৰত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণৰ অগ্ৰগতি অহৰহ নিৰীক্ষণ কৰে। এই উদ্দেশ্যে মুখ্য কাৰ্যালয়ত এটা অত্যাধুনিক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। ৰাজ্য/জিলা পৰ্যায়তো একেধৰণৰ নিয়ন্ত্ৰণ কক্ষ সৃষ্টি কৰা হয়।

                                                                     

 বহুলাংশে শান্তিপূৰ্ণ আৰু অনুকূল পৰিৱেশৰ পটভূমিত ৰাষ্ট্ৰৰ বৈচিত্ৰ্যপূৰ্ণ ভোটাৰসকলে কাৰ্যকৰীভাৱে গণতন্ত্ৰৰ প্ৰাঞ্জল ছবি অংকন কৰে। ব্যস্ত চহৰৰ মাজমজিয়াৰ পৰা দুৰ্গম গাঁৱলৈকে ভোটগ্ৰহণ কেন্দ্ৰসমূহত বিভিন্ন প্ৰজন্ম আৰু পটভূমিৰ ভোটাৰৰ ৰঙীন অভিসৰণ দেখা যায়। আয়োগ আৰু ইয়াৰ ক্ষেত্ৰখনৰ বিষয়াসকলৰ নিখুঁত পৰিকল্পনা আৰু নিষ্পাদনৰ ওপৰত ভিত্তি কৰি ভোটগ্ৰহণ নিৰৱচ্ছিন্ন আছিল।

জনজাতীয় ভিতৰুৱা ঠাইত ভোটদানৰ সুবিধাৰ বাবে আয়োগসমূহে গুৰুত্ব দিয়াৰ লগে লগে ছত্তীশগড়ৰ বাওঁপন্থী উগ্ৰপন্থী (এল ডব্লিউ ই) আক্ৰান্ত অঞ্চলসমূহৰ সম্প্ৰদায়সমূহে বুলেটৰ ওপৰত বেলটৰ শক্তিক আকোৱালি লৈ শান্তি আৰু গণতন্ত্ৰৰ পথ বাছি লৈছে। লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নিজৰ গাঁৱত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰত বাস্তাৰত ৫৬খন গাঁৱে ভোটদান কৰে। বিজাপুৰৰ পিচি-১৬৩ৰ মডেল ভোটগ্ৰহণ কেন্দ্ৰত চিকিৎসাৰ সুবিধা লাভ কৰি ভোটাৰসকলে উপকৃত হোৱা দেখা গ’ল। মহাৰাষ্ট্ৰৰ গড়চিৰোলি-চিমুৰৰ পৰা আন এটা দৃষ্টান্তত হেমালকাছা বুথত স্থানীয় জনজাতীয় উপভাষা ব্যৱহাৰ কৰা হয় য’ত সকলো প্ৰাসংগিক তথ্য সন্নিবিষ্ট কৰা হয়। বিহাৰৰ বোধ গয়াত বৌদ্ধ সন্ন্যাসীসকলে আঙুলিত চিয়াঁহীৰে গৌৰৱ প্ৰদৰ্শন কৰি হাঁহি হাঁহি পজ দিয়া দেখা গ'ল।

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত জনজাতীয় জনগোষ্ঠীৰ অন্তৰ্গত ভোটাৰ সৰহ সংখ্যক ওলাই আহিল। গ্ৰেট নিকোবাৰৰ শ্বোম্পেন জনগোষ্ঠীয়ে #GeneralElections2024 ত প্ৰথমবাৰৰ বাবে ভোটদান কৰি ইতিহাস ৰচনা কৰে। মিজোৰামত এহাল বৃদ্ধ দম্পতীয়ে একেলগে ভোটদানৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিলে। অৰুণাচল প্ৰদেশত এগৰাকী বৃদ্ধা মহিলাই ঘৰুৱা ভোটদানৰ সুবিধা থকাৰ পিছতো নিজৰ ইচ্ছামতে ভোটগ্ৰহণ কেন্দ্ৰলৈ ট্ৰেকিং কৰে।

দেশৰ বেছিভাগ ঠাইতে ভোটাৰসকলে গৰমকো নেওচা দিয়াৰ বিপৰীতে আন কিছুমান ঠাইত ভোটাৰসকলে ধাৰাসাৰ বৰষুণতো ধৈৰ্য্যৰে অপেক্ষা কৰে। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ইচিআইয়ে নিশ্চিত কৰা নূন্যতম সুবিধাসমূহে তেওঁলোকৰ বাবে অপৰিসীম সমৰ্থন আগবঢ়াইছিল।

ভাৰতীয় সংস্কৃতিৰ চহকী বস্ত্ৰকলা প্ৰতিফলিত কৰি ৰঙীন সাজ-পোছাক পৰিধান কৰি ভোটাৰসকল আহে আৰু গৌৰৱেৰে চিয়াঁহীযুক্ত আঙুলিৰে চেলফি প্ৰদৰ্শন কৰে, যি নিজৰ নাগৰিক কৰ্তব্য সম্পন্ন কৰাৰ প্ৰতীক।

                                                                     

২০২৪ চনৰ সাতটা পৰ্যায়ত হোৱা সাধাৰণ নিৰ্বাচনত আজি ২১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২টা সংসদীয় সমষ্টিৰ ভোটগ্ৰহণ হয়। উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, ছিকিম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, তামিলনাডু ৰাজ্যসমূহৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপে ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। নিৰ্বাচন আয়োগে, ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়সমূহত এক মসৃণ, স্বচ্ছ, আৰু সৰ্বাংগীন নিৰ্বাচনী প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে কঠোৰভাৱে কাম কৰি আছে।

পৰিশিষ্ট 'ক' (কেৱল আংশিক চিত্ৰ)

আনুমানিক ভোটদান (পৰ্যায় -১)

নিশা ০৭:০০ বজাত

ক্ৰ নং

ৰাজ্য

শেহতীয়া ভোটৰ শতাংশ

আন্দামান নিকোবৰ

৫৬.৮৭

অৰুণাচল প্ৰদেশ

৬৫.৪৬

অসম

৭১.৩৮

বিহাৰ

৪৭.৪৯

ছত্তীশগড়

৬৩.৪১

জম্মু আৰু কাশ্মীৰ

৬৫.০৮

লাক্ষাদ্বীপ

৫৯.০২

মধ্যপ্ৰদেশ

৬৩.৩৩

মহাৰাষ্ট্ৰ

৫৫.২৯

১০

মণিপুৰ

৬৮.৬২

১১

মেঘালয়

৭০.২৬

১২

মিজোৰাম

৫৪.১৮

১৩

নাগালেণ্ড

৫৬.৭৭

১৪

পুডুচেৰী

৭৩.২৫

১৫

ৰাজস্থান

৫০.৯৫

১৬

ছিক্কিম

৬৮.০৬

১৭

তামিলনাডু

৬২.১৯

১৮

ত্ৰিপুৰা

৭৯.৯০

১৯

উত্তৰ প্ৰদেশ

৫৭.৬১

২০

উত্তৰাখণ্ড

৫৩.৬৪

২১

পশ্চিমবঙ্গ

৭৭.৫৭

 



(Release ID: 2018318) Visitor Counter : 73