প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে গ্ৰীষ্ম প্ৰৱাহ সম্পৰ্কীয় পৰিস্থিতিৰ বাবে প্ৰস্তুতিৰ পৰ্যালোচনা কৰে

প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ সমগ্ৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে; চিকিৎসালয়ত পৰ্যাপ্ত প্ৰস্তুতিৰ লগতে সজাগতা সৃষ্টিৰ গুৰুত্বৰ ওপৰতো তেওঁ আলোকপাত কৰে

আগন্তুক গ্ৰীষ্মকালৰ পূৰ্বাভাস আৰু স্বাভাৱিকতকৈ অধিক গৰমৰ সম্ভাৱনাৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰোৱা হয়

স্বাস্থ্য খণ্ডৰ প্ৰস্তুতিও পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে

আইইচি/সজাগতা সামগ্ৰীসমূহ আঞ্চলিক ভাষাত আৰু সকলো মঞ্চৰ জৰিয়তে সময়মতে প্ৰচাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে

স্বাস্থ্য মন্ত্ৰালয় আৰু এন ডি এম এৰ দ্বাৰা জাৰি কৰা পৰামৰ্শসমূহ আঞ্চলিক ভাষালৈ অনুবাদ কৰি ব্যাপকভাৱে প্ৰচাৰ কৰিব লাগিব

Posted On: 11 APR 2024 9:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত এখন বৈঠকত আগন্তুক গ্ৰীষ্ম প্ৰৱাহৰ বাবে আগতীয়া প্ৰস্তুতিৰ পুনৰীক্ষণ কৰা হয়।

২০২৪ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে দেশত গৰমৰ প্ৰকোপ তীব্ৰ হোৱাৰ সম্ভাৱনাৰ বিষয়ে প্ৰধানমন্ত্ৰীক বিষয়াসকলে অৱগত কৰে। তেওঁলোকে কয় যে দেশৰ বেছিভাগ ঠাইতে স্বাভাৱিকতকৈ অধিক গৰম হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ মধ্য ভাৰত আৰু পশ্চিম উপদ্বীপ ভাৰতৰ ওপৰত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ যথেষ্ট হ’ব বুলি বিষয়াসকলে প্ৰধানমন্ত্ৰীক জনায়।

বৈঠকত অত্যাৱশ্যকীয় ঔষধ, শিৰাত দিয়া তৰল পদাৰ্থ, আইচ পেক, অ’ আৰ এছ আৰু খোৱাপানীৰ ক্ষেত্ৰত স্বাস্থ্য খণ্ডৰ প্ৰস্তুতিৰো পৰ্যালোচনা কৰা হয়।

টেলিভিছন, ৰেডিঅ’ আৰু ছ’চিয়েল মিডিয়াৰ দৰে সকলো মঞ্চৰ জৰিয়তে বিশেষকৈ আঞ্চলিক ভাষাত প্ৰয়োজনীয় আই ই চি/সজাগতামূলক সামগ্ৰী সময়মতে প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।যিহেতু সাধাৰণ নিৰ্বাচনৰ লগত সংগতি ৰাখি ২০২৪ চনত স্বাভাৱিকতকৈ অধিক গৰম হোৱাৰ সম্ভাৱনা আছে, সেয়েহে অনুভৱ কৰা হৈছে যে মন্ত্ৰালয় আৰু এনডিএমএই জাৰি কৰা পৰামৰ্শসমূহ আঞ্চলিক ভাষালৈ অনুবাদ কৰি ব্যাপকভাৱে প্ৰচাৰ কৰা উচিত।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ চৰকাৰী দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ চৰকাৰৰ সকলো বিভাগ আৰু বিভিন্ন মন্ত্ৰালয়ে ইয়াৰ ওপৰত সহযোগিতাৰে কাম কৰাটো প্ৰয়োজন বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে চিকিৎসালয়সমূহত পৰ্যাপ্ত প্ৰস্তুতিৰ লগতে সজাগতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

বনাঞ্চলৰ জুই ক্ষিপ্ৰতাৰে ধৰা পেলোৱা আৰু নিৰ্বাপিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ আলোকপাত কৰে।এই বৈঠকত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, গৃহ সচিব, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিষয়া, আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই অংশগ্ৰহণ কৰে।

***

DS/ST/MS



(Release ID: 2017715) Visitor Counter : 70