প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গিয়াল্টছুয়েন জেটছন পেমা ৱাংচাক মাতৃ আৰু শিশু চিকিৎসালয় মুকলি

Posted On: 23 MAR 2024 2:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী  আৰু ভূটানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেৰিং টোবাগীয়ে থিম্ফুত ভাৰত চৰকাৰৰ সাহায্যৰে নিৰ্মিত অত্যাধুনিক চিকিৎসালয় গ্যাল্টছুন জেটছুন পেমা ৱাংচুক মাতৃ আৰু শিশু চিকিৎসালয় (গিয়াল্টছুয়েন জেটছুন পেমা ৱাংচুক মাদাৰ এণ্ড চাইল্ড হাস্পতাল) উদ্বোধন কৰে।

ভাৰত চৰকাৰে ১৫০খন বিছনাযুক্ত এই গিয়ালটছুয়েন জেটছন পেমা ৱাংচুক মাতৃ আৰু শিশু চিকিৎসালয়ৰ উন্নয়নৰ বাবে দুটা পৰ্যায়ত সহযোগিতা আগবঢ়াইছে। প্ৰথম পৰ্যায়ত ২২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আগশাৰীৰ চিকিৎসালয়খনৰ কাম ২০১৯ চনৰ পৰা চলি আছিল। উল্লেখ্য যে দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অংশ হিচাপে ২০১৯ বৰ্ষত ১১৯ কোটি টকা ব্যয় সাপেক্ষে দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল আৰু এই নিৰ্মাণকাৰ্য এতিয়া সম্পূৰ্ণ হৈছে।

নতুনকৈ নিৰ্মাণ কৰা এই চিকিৎসালয়খনে ভূটানৰ মাতৃ আৰু শিশু স্বাস্থ্য সেৱাৰ মানদণ্ডত এক অভিনৱ উত্তৰণ সাধন কৰিব। চিকিৎসালয়খনত শিশু, স্ত্ৰীৰোগ আৰু প্ৰসূতি, এনাস্থেচিয়া, অপাৰেচন থিয়েটাৰ, নৱজাতকৰ যত্ন আৰু শিশুৰ যতনৰ বাবে অত্যাধুনিক সুবিধা থাকিব।​

গিয়াল্টছুয়েন জেটছুন পেমা ৱাংচুক মাদাৰ এণ্ড চাইল্ড হাস্পতাল হৈছে স্বাস্থ্য-সেৱাৰ ক্ষেত্ৰত ভাৰত-ভূটানৰ অংশীদাৰিত্বৰ এক উজ্জ্বল উদাহৰণ।

 

*********

DS/ST



(Release ID: 2016480) Visitor Counter : 29