স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এনডিএমএ)য়ে গ্ৰীষ্মৰ মাহবোৰত চিকিৎসালয়ত অগ্নিকাণ্ড প্ৰতিৰোধৰ ব্যৱস্থাৰ বিষয়ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে যুটীয়া-পৰামৰ্শাৱলী জাৰি কৰিছে

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে তেওঁলোকৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত থকা সকলো স্বীকৃত চিকিৎসালয় পুংখানুপুংখভাবে পৰিদৰ্শন কৰা, বৈদ্যুতিক বহন ক্ষমতাৰ বিসংগতি দূৰ কৰা আৰু সংশ্লিষ্ট ৰাজ্যিক অগ্নি নিৰ্বাপক বিভাগৰ পৰা অগ্নি নিৰ্বাপনৰ বৈধ আপত্তিহীনতাৰ প্ৰমাণপত্ৰ লাভ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গুৰুত্বপূৰ্ণ সুৰক্ষা ব্যৱস্থাৰ ৰূপায়ণ নিশ্চিত কৰাৰ লগতে এই সম্পৰ্কীয় যাৱতীয় পৰ্যালোচনা কৰিবলৈও আহ্বান জনোৱা হৈছে

Posted On: 23 MAR 2024 8:11PM by PIB Guwahati

গ্ৰীষ্মৰ মাহবোৰত তাপমাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে  চিকিৎসালয়সমূহৰ বাবে  অগ্নিৰ ভয়  এক গুৰুত্বপূৰ্ণ ভাবুকি হৈ পৰে। ইয়াক প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (এনডিএমএ) সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক যুটীয়া পৰামৰ্শাৱলী জাৰি কৰিছে।  এনে পৰামৰ্শাৱলীয়ে অগ্নিকাণ্ডৰ দৰে  বিধ্বংসী ঘটনা প্ৰতিৰোধ কৰাৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণৰ বিষয়ত  সৰ্বাধিক গুৰুত্ব আৰোপ  কৰিছে।

ৰাজ্যিক স্বাস্থ্য বিভাগ আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক পাৰস্পৰিক  সহযোগিতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে,  যাতে সকলো স্বীকৃত চিকিৎসালয়েই তেওঁলোকৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত এই বিষয়ত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰে:

⦁ পুংখানুপুংখ পৰিদৰ্শন: অগ্নি সুৰক্ষাৰ  অনুপালন মূল্যাঙ্কন কৰিবলৈ সকলো চিকিৎসালয়ৰ কম্প্ৰেহেন্সিভ ফায়াৰ চেফটি অডিট/ক্ষেত্ৰ  পৰিদৰ্শন  নিশ্চিত কৰিবলৈ কোৱা হৈছে।  যাতে অগ্নি নিৰ্বাপক প্ৰণালী, যাৰ ভিতৰত আছে ফায়াৰ এলাৰ্ম, ফায়াৰ স্মোক ডিটেক্টৰ, অগ্নি নিৰ্বাপক যন্ত্ৰ, ফায়াৰ হাইড্ৰেণ্ট, আৰু ফায়াৰলিফ্ট আদি সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ থকাটো নিশ্চিত কৰিব পৰা যায়। 

⦁ বৈদ্যুতিক বহন ক্ষমতা (লোড)ৰ  অডিট: অপৰ্যাপ্ত বৈদ্যুতিক বহন ক্ষমতাৰ  দৰে গুৰুত্বপূৰ্ণ সমস্যাৰ  সমাধান কৰিব লাগিব। চিকিৎসালয়বোৰে নিয়মীয়াকৈ বৈদ্যুতিক লোড অডিট কৰিব লাগিব, বিশেষকৈ নতুন সঁজুলি সংযোগ কৰা আৰু  কোনো বিশেষ স্থান আইচিইউলৈ ৰূপান্তৰিত  কৰাৰ সময়ত এই বিষয়ত গুৰুত্ব দিব লাগিব।  এইক্ষেত্ৰত যিকোনো চিনাক্ত হোৱা বিসংগতি তাৎক্ষণিকভাবে  সংশোধন কৰিব লাগিব।

⦁অগ্নি নিৰ্বাপনৰ  বৈধ আপত্তিহীনতাৰ প্ৰমাণপত্ৰঃ   চিকিৎসালয়বোৰে  প্ৰয়োজনীয় নীতিসমূহ  কঠোৰভাৱে মানি চলিব লাগিব আৰু সংশ্লিষ্ট ৰাজ্যিক অগ্নি নিৰ্বাপন বিভাগৰ পৰা  অগ্নি নিৰ্বাপনৰ  বৈধ আপত্তিহীনতাৰ প্ৰমাণপত্ৰ (এন.ও.চি.) লাভ কৰিব লাগিব। অত্নি নিৰ্বাপনৰ সুৰক্ষাৰ নীতিসমূহ গ্ৰহণ কৰাৰ পূৰ্বে  নিৰ্মাণ কৰা পুৰণি অট্টালিকাবোৰত বৈদ্যুতিক বোজাৰ পুনৰ-মূল্যায়ন কৰিব লাগিব।

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ  মুখ্য সচিবসকলক অগ্নি সুৰক্ষা অনুপালন নিশ্চিত কৰাৰ বাবে চিকিৎসালয়সমূহে গ্ৰহণ কৰিবলীয়া  পদক্ষেপ আৰু ব্যৱস্থাসমূহৰ বিতং নিৰ্দেশনা প্ৰদান কৰা হৈছে। এনে নিৰ্দেশনাই তেওঁলোকক সকলো স্বীকৃত চিকিৎসালয়ৰ মাজত এই সম্পৰ্কীয় তথ্য প্ৰচাৰ কৰাৰো পৰামৰ্শ দিছে।

চিকিৎসালয় আৰু অন্যান্য স্বাস্থ্যসেৱা সুবিধাবোৰত অগ্নিকাণ্ডৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ নিম্নলিখিত নিৰ্দেশনাবোৰ প্ৰদান কৰা হৈছে:

১. কাৰ্যকৰী অগ্নি নিৰ্বাপক প্ৰণালী: চিকিৎসালয়বোৰে নিয়মীয়াকৈ অগ্নি নিৰ্বাপক সঁজুলি যেনে অগ্নি নিৰ্বাপক, হাইড্ৰেণ্ট আৰু এলাৰ্ম পৰীক্ষা কৰিব লাগিব। এই পদক্ষেপত  অন্তৰ্ভুক্ত থাকিব  অগ্নি নিৰ্বাপকৰ ম্যাদ উকলি যোৱাৰ তাৰিখ পৰীক্ষা কৰা, হাইড্ৰেণ্টবোৰ সুগম হৈ থকাটো নিশ্চিত কৰা  ,  পানীৰ চাপ পৰ্যাপ্ত ৰূপত  থকাটো নিশ্চিত কৰা আৰু ফায়াৰ এলাৰ্মবোৰ  কাৰ্যকৰী আৰু শ্ৰৱণযোগ্য হৈ থকাটো নিশ্চিত কৰা।

২. নিয়মীয়া তত্বাৱধান আৰু পৰীক্ষা: সকলো অগ্নি  সুৰক্ষা সঁজুলিৰ চোৱাচিতা কৰাৰ নিৰ্দিষ্ট সময়সূচী নিৰ্ধাৰণ কৰি সেইবোৰ মানি চলা।

 ইয়াত অন্তৰ্ভুক্ত থাকিব লাগিব মাহিলী অগ্নি সম্পৰ্কীয় সঁজুলিৰ নিয়মীয়া পৰীক্ষণ, ফায়াৰ এলাৰ্ম আৰু হাইড্ৰেণ্টৰ ত্ৰৈমাসিক পৰীক্ষা আৰু  ভাৰতীয় মান অনুসৰি সেইবোৰৰ  কাৰ্যকাৰীতা প্ৰমাণ  কৰিবলৈ বাৰ্ষিক নিৰীক্ষণ কৰা।

৩. নিয়মীয়া বৈদ্যুতিক বহন ক্ষমতা (লোড)ৰ পৰীক্ষণ : চিকিৎসালয়ৰ বিদ্যুতৰ ব্যৱহাৰ মূল্যায়ন কৰিবলৈ বৈদ্যুতিক অডিট দ্বি-বাৰ্ষিক ভাৱে সম্পন্ন কৰিব লাগিব, বিশেষকৈ আইচিইউৰ দৰে বিদ্যুতৰ উচ্চ চাহিদা থকা স্থানৰ ক্ষেত্ৰত। নেচনেল ইলেক্ট্ৰিকেল কোড অফ ইণ্ডিয়া-২০২৩- অনুসৰি সেইবোৰ অনুজ্ঞাপত্ৰ থকা ইলেক্ট্ৰিচিয়ানৰ দ্বাৰা প্ৰয়োজন অনুসৰি উন্নীতকৰণ বা সংশোধন  কৰোৱা। 

৪ . অক্সিজেন সম্পৰ্কীয়  সুৰক্ষা: অক্সিজেনৰ টেংক থকা স্থানসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ অগ্নি নিৰ্বাপনৰ   কঠোৰ নীতি  ৰূপায়ণ কৰিব লাগিব।

ধূমপান নকৰাৰ নীতি গ্ৰহণ  আৰু তাপৰ উৎসৰ বিষয়ত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব। কৰ্তৃপক্ষই এই ক্ষেত্ৰবোৰ স্পষ্টভাৱে চিহ্নিত কৰিব লাগিব, আৰু কৰ্মচাৰীসকলক উচ্চ-অক্সিজেন পৰিৱেশৰ সৈতে সম্পৰ্কিত বিপদাশংকাৰ বিষয়ত  প্ৰশিক্ষণ দিব লাগিব।

৫. স্মোক ডিটেক্টৰ আৰু ফায়াৰ এলাৰ্ম স্থাপন কৰা: নিশ্চিত কৰিব লাগিব যে   চিকিৎসালয়ৰ সকলো এলেকা, বিশেষকৈ ৰোগী থকা কোঠা, হল আৰু সাধাৰণ এলেকাত ফায়াৰ স্মোক ডিটেক্টৰ তথা  ফায়াৰ এলাৰ্ম স্থাপন কৰা হয়। আই.এছ.২১৮৯ -ত নিৰ্ধাৰিত অনুসৰি এই প্ৰণালীবোৰ পৰীক্ষা কৰিব লাগিব আৰু বছৰত বা  প্ৰয়োজন অনুসৰি বেটাৰী সলনি কৰিব লাগিব।

৬. দাহ্য সামগ্ৰীৰ চিনাক্তকৰণ আৰু নিয়ন্ত্ৰণ: দাহ্য  সামগ্ৰী চিনাক্তকৰণ কৰি সেইবোৰৰ যথাযথ নিয়ন্ত্ৰণত গুৰুত্ব দিব লাগিব।দাহ্য পদাৰ্থৰ সলনি অদাহ্য অগ্নি-প্ৰতিৰোধী বিকল্প, বিশেষকৈ ৰোগী-যত্নৰ ক্ষেত্ৰ ব্যৱহাৰত গুৰুত্ব দিব লাগিব।

৭. বৈদ্যুতিক নলীৰ বাবে অ-দাহ্য পদাৰ্থৰ ব্যৱহাৰ: বৈদ্যুতিক পাইপবোৰ  পৰীক্ষা কৰক যাতে সেইবোৰ অগ্নি প্ৰতিৰোধী  সামগ্ৰীৰে বন্ধ কৰা হয়, যাতে  অগ্নিকাণ্ডৰ সময়ত দুই আৰু ধোঁৱা সহজে বিয়পি পৰিব নোৱাৰে৷

৮. অভাৰলোডিং শক্তিৰ উৎস পৰিহাৰ কৰক: বৈদ্যুতিক লোড নিৰীক্ষণ কৰিবলৈ আৰু অভাৰলোডিং প্ৰতিহত কৰিবলৈ শক্তি ব্যৱস্থাপনা প্ৰণালী ব্যৱহাৰ কৰক। নিশ্চিত কৰক যাতে একাধিক উচ্চ-শক্তিৰ সঁজুলি এটা বৰ্তনীতে সংযোজিত কৰা নহয়।  নতুন সঁজুলিৰ ক্ষেত্ৰত বিদ্যুতৰ যোগানৰ বিষয়টো  নিয়মীয়াকৈ পৰ্যালোচনা কৰিব লাগিব। 

৯. স্বয়ংক্ৰিয় পানী পৰিবহন  প্ৰণালী আৰু সুগম পাইপঃ   আইচিইউ আৰু অপাৰেচন থিয়েটাৰসহ আন গুৰুত্বপূৰ্ণ এলেকা সমূহত উপযুক্ত স্বয়ংক্ৰিয় পানী পৰিবহন  প্ৰণালী আৰু সুগম পাইপৰ ব্যৱস্থা ৰাখিব লাগিব। এই প্ৰণালীবোৰ অগ্নিকাণ্ডৰ ঘটনাৰ সময়ত সক্ৰিয় কৰি তুলিব পৰাকৈ ফায়াৰ এলাৰ্ম প্ৰণালীৰ সৈতে সংযোজিত কৰিব লাগিব। 

১০ . নেচনেল বিল্ডিং কোড  কঠোৰভাৱে মানি চলা:  নেচনেল বিল্ডিং কোড ২০১৬ত -ত উল্লেখ কৰা শেহতীয়া অগ্নি সুৰক্ষা সম্পৰ্কীয়  মান অনুসৰণ কৰিবলৈ নিয়মীয়াকৈ চিকিৎসালয়ৰ আন্তঃগাঁথনিৰ সমীক্ষা আৰু সেইবোৰৰ পৰ্যালোচনাৰ  ব্যৱস্থা কৰিব লাগিব। ইয়াত অন্তৰ্ভুক্ত থাকিব সঠিক বায়ু চলাচল প্ৰণালী, অগ্নি-প্ৰতিৰোধী দুৱাৰ আৰু কৰিডৰ আৰু চিৰিত  জৰুৰীকালীন পোহৰৰ ব্যৱস্থা  নিশ্চিত কৰা।

১১. অগ্নি সুৰক্ষাৰ আপত্তিহীনতাৰ প্ৰমাণপত্ৰ লাভ কৰা: স্থানীয় অগ্নি নিৰ্বাপক বিভাগৰ পৰা  ৰাজ্যিক অগ্নি সুৰক্ষা নিয়মাৱলী অনুসৰি অগ্নি সুৰক্ষাৰ আপত্তিহীনতাৰ প্ৰমাণপত্ৰ বছৰি পুনৰ নবীকৰণ কৰিব লাগিব। । ইয়াত অন্তৰ্ভুক্ত থাকিব   অগ্নি সুৰক্ষা আঁচনি আৰু সঁজুলি ৰক্ষণাবেক্ষণ তথা কৰ্মচাৰীৰ প্ৰশিক্ষণৰ তথ্য-পাতি দাখিলৰ প্ৰক্ৰিয়া।

১২ . কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰু অনুশীলন: অগ্নি প্ৰতিৰোধ, জৰুৰীকালীন প্ৰক্ৰিয়া  আৰু অগ্নি নিৰ্বাপক সঁজুলিৰ ব্যৱহাৰৰ বিষয়ে  সকলো কৰ্মচাৰীৰ বাবে এক নিৰন্তৰ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব। কৰ্মচাৰী, চিকিৎসক  আৰু ৰোগীসকলে জৰুৰীকালীন অৱস্থাত জনাবলগীয়া  সঁহাৰি নিশ্চিত কৰিবলৈ দ্বি-বাৰ্ষিক অগ্নি সম্পৰ্কীয়  অনুশীলন অনুষ্ঠিত কৰিব লাগিব, যাৰ ভিতৰত থাকিব অগ্নিকাণ্ডৰ সময়ত মানুহক সুৰক্ষিত স্থানলৈ  স্থানান্তৰ কৰাৰ  অনুশীলন।

১৩. স্থানান্তৰৰ পৰিকল্পনা: অগ্নিকাণ্ডৰ সময়ত সামগ্ৰিক স্থানান্তৰৰ পৰিকল্পনা নিৰ্ধাৰণ  কৰা,  য'ত অন্তৰ্ভুক্ত থাকিব সুগম আৰু  ভালদৰে চিহ্নিত কৰা জৰুৰীকালীন প্ৰস্থানৰ পথ, বাধামুক্ত জৰুৰীকালীন প্ৰস্থান আৰু সুৰক্ষিতভাবে সকলোৱে মিলিত হোৱাৰ  এলেকা। সমগ্ৰ চিকিৎসালয়ত এনে প্ৰস্থান পথ প্ৰদৰ্শন কৰিব লাগিব  যাতে প্ৰয়োজনত সকলোৱে সেয়া ব্যৱহাৰ কৰিব পাৰে। প্ৰতিখন চিকিৎসালয়ে অগ্নিকাণ্ডৰ সময়ত মানি চলিবলগীয়া নীতি-নিৰ্দেশনা  প্ৰস্তুত কৰিব লাগিব। 

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই গুৰুত্বপূৰ্ণ সুৰক্ষা ব্যৱস্থাসমূহৰ ৰূপায়ণ নিশ্চিত কৰিবলৈ আৰু পৰ্যালোচনা  কৰিবলৈ  আহ্বান জনোৱা হৈছে।

 

*****

 

MV/DM



(Release ID: 2016242) Visitor Counter : 69