প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

দুয়োগৰাকী নেতাই ব্যাপক কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে

মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত চলি থকা আলোচনাৰ অগ্ৰগতিক দুয়োগৰাকী নেতাই আদৰণি জনায়

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে

পোষ্ট কৰা হৈছে: 12 MAR 2024 8:43PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ সৈতে এক  টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰি ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ উত্থাপন কৰে। তেওঁলোকে বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, উদীয়মান প্ৰযুক্তি আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত ৰোডমেপ ২০৩০ৰ অধীনত হোৱা অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে।

দুয়োগৰাকী বিশ্বনেতাই পাৰস্পৰিকভাৱে লাভজনক মুক্ত বাণিজ্য চুক্তিৰ আগতীয়া সমাপ্তিৰ দিশত হোৱা অগ্ৰগতিৰ ইতিবাচক মূল্যায়ন কৰে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী উন্নয়নৰ সন্দৰ্ভতো মত বিনিময় কৰে।

দুয়োগৰাকী নেতাই আগন্তুক উৎসৱমুখৰ হোলী উপলক্ষে যোগাযোগত থকাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু পৰস্পৰে শুভেচ্ছা বাৰ্তাও বিনিময় কৰে।

***

DS/TS


(ৰিলিজ আই ডি : 2014016) অতিথি কক্ষ : 75