প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটা প্ৰদান প্ৰধানমন্ত্ৰীৰ

“ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাই আমাৰ সৃষ্টিকৰ্তা সম্প্ৰদায়ৰ প্ৰতিভাক স্বীকৃতি দিয়ে আৰু ইতিবাচক পৰিৱৰ্তনক আগুৱাই নিয়াৰ বাবে তেওঁলোকৰ আবেগক উদযাপন কৰে”

“ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাৰে নতুন যুগ আৰম্ভ হোৱাৰ আগতেই পৰিচয় দি আছে”

“ডিজিটেল ইণ্ডিয়া অভিযানে কণ্টেণ্ট ক্ৰিয়েটৰৰ এখন নতুন জগত গঢ় দিছে”

“আমাৰ শিৱ নটৰাজ, তেওঁৰ ডম্বৰুৱে মহেশ্বৰ সূত্ৰ উৎপন্ন কৰে, তেওঁৰ তাণ্ডৱ নৃত্যই ছন্দ আৰু সৃষ্টিৰ ভেটি স্থাপন কৰিলে”

“যুৱক-যুৱতীসকলে তেওঁলোকৰ ইতিবাচক কাৰ্য্যৰে চৰকাৰক কণ্টেণ্ট ক্ৰিয়েটৰৰ ফালে চাবলৈ আহ্বান জনাইছে”

“আপুনি এটা ধাৰণা গঢ় দিলে, উদ্ভাৱন কৰিলে আৰু স্ক্ৰিন এটা জীৱন ৰূপ দিলে। আপোনালোকেই ইণ্টাৰনেটৰ এমভিপি”

“দেশৰ বিষয়ে ভুল ধাৰণা শুধৰোৱাত কণ্টেণ্ট সৃষ্টিয়ে সহায় কৰিব পাৰে”

“আমি এনেকুৱা বিষয়বস্তু সৃষ্টি কৰিব নোৱাৰো নে যিয়ে যুৱক-যুৱতীসকলৰ মাজত ড্ৰাগছৰ
নেতিবাচক প্ৰভাৱৰ বিষয়ে সজাগতা আনিব? আমি ক’ব পাৰো-ড্ৰাগছ ভাল বস্তু নহয়”

“১০০ শতাংশ গণতন্ত্ৰক লৈ গৌৰৱ কৰি ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ সংকল্প গ্ৰহণ কৰিছে”

‘আপোনালোক সমগ্ৰ বিশ্বতে ভাৰতৰ ডিজিটেল এম্বেছাদৰ। আপোনালোকে ভোকেল ফৰ

Posted On: 08 MAR 2024 1:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটা প্ৰদান কৰে। বিজয়ীসকলৰ সৈতেও তেওঁ চমুকৈ মত বিনিময়ও কৰে। ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটা হৈছে গল্প কোৱা, সামাজিক পৰিৱৰ্তনৰ পোষকতা, পৰিৱেশ বহনক্ষমতা, শিক্ষা আৰু গেমিং আদিকে ধৰি বিভিন্ন শিতানত উৎকৃষ্টতা আৰু প্ৰভাৱক স্বীকৃতি দিয়াৰ এক প্ৰচেষ্টা। ইতিবাচক পৰিৱৰ্তনক আগুৱাই নিবলৈ সৃষ্টিশীলতা ব্যৱহাৰ কৰাৰ বাবে এই বঁটাটো এক মাধ্যম হিচাপে ধৰা হৈছে।

সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে এই বঁটা প্ৰদান বাবে বাছি লোৱা ভাৰত মণ্ডপমৰ স্থানৰ কথা উল্লেখ কৰি কয় যে জি-২০ সন্মিলনত বিশ্বৰ নেতাসকলে ভৱিষ্যতৰ দিশ নিৰ্দেশনা দিয়া স্থানতে আজি ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তাসকল একত্ৰিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে সময়ৰ পৰিবৰ্তন আৰু নতুন যুগৰ আগমনৰ সমান্তৰালকৈ আগুৱাই যোৱাটো দেশৰ দায়িত্ব বুলি আলোকপাত কৰি কয় যে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাৰে আজি দেশখনে সেই দায়িত্ব পালন কৰি আছে। “ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাসমূহে নতুন যুগক ইয়াৰ আৰম্ভণিৰ পূৰ্বেই পৰিচয় দিছে”, ভৱিষ্যতক আগতীয়াকৈ বিশ্লেষণ কৰাৰ দক্ষতাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ আস্থা প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাসমূহে নতুন যুগক শক্তিশালী কৰি তুলি আৰু যুৱ প্ৰজন্মৰ সৃষ্টিশীলতা আৰু দৈনন্দিন জীৱনৰ দিশসমূহৰ প্ৰতি সংবেদনশীলতাক সন্মান জনাই আগন্তুক সময়ত এক শক্তিশালী প্ৰভাৱ প্ৰতিষ্ঠা কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ভৱিষ্যতে ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটা কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ বাবে প্ৰেৰণাৰ এক বৃহৎ উৎস হৈ পৰিব আৰু তেওঁলোকৰ কামৰ বাবে এক পৰিচয় গঢ় দিব। প্ৰধানমন্ত্ৰীয়ে বঁটা বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অতি কম সময়ৰ ভিতৰত প্ৰতিযোগীসকলৰ সক্ৰিয় অংশগ্ৰহণক স্বীকৃতি দিয়ে৷ “অনুষ্ঠানত ২লক্ষাধিক সৃষ্টিশীল মনৰ লোক একত্ৰিত হোৱাটোৱে এক সুকীয়া পৰিচয় গঢ় দিছে”, তেওঁ সজোৰে কয়৷

মহাশিৱৰাত্ৰিৰ শুভ উপলক্ষে প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটা প্ৰদান কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাষা, শিল্প আৰু সৃষ্টিশীলতাৰ সৃষ্টিকৰ্তা হিচাপে ভগৱান শিৱক প্ৰশংসা কৰা হয়। “আমাৰ শিৱ নটৰাজ, তেওঁৰ ডম্বৰুৱে মহেশ্বৰ সূত্ৰ উৎপন্ন কৰে, তেওঁৰ তাণ্ডৱে ছন্দ আৰু সৃষ্টিৰ ভেটি স্থাপন কৰে”, মহা শিৱৰাত্ৰিৰ দিনা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয়।

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰি বঁটা লাভ কৰা মহিলাসকলক অভিনন্দন জনায়। ভাৰতৰ সৃষ্টিশীল ক্ষেত্ৰখনত মহিলাসকলৰ অংশগ্ৰহণৰ বাবে তেওঁ গৌৰৱ প্ৰকাশ কৰে। এই উপলক্ষে তেওঁ সকলো মহিলালৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে গেছ চিলিণ্ডাৰৰ দাম ১০০ টকা হ্ৰাস কৰাৰ সিদ্ধান্তৰ বিষয়েও অৱগত কৰে৷ প্ৰধানমন্ত্ৰীৰ ঘোষণা উপস্থিত লোকসকলে  হাতচাপৰিলে হৰ্ষোল্লাস কৰা পৰিলক্ষিত হয়৷

দেশৰ উন্নয়ন যাত্ৰাত এখন আঁচনি বা নীতিৰ বহুগুণক প্ৰভাৱৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বিগত ১০ বছৰৰ তথ্য বিপ্লৱ আৰু কম খৰচী তথ্যৰ উপলব্ধতাৰ কথা উল্লেখ কৰে। তেওঁ কণ্টেণ্ট ক্ৰিয়েটৰৰ বাবে এখন নতুন জগত গঢ় দিয়াৰ বাবে ডিজিটেল ইণ্ডিয়া অভিযানক কৃতিত্ব প্ৰদান কৰাৰ লগতে এই দিশত যুৱক-যুৱতীসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। “যুৱক-যুৱতীসকলে তেওঁলোকৰ ইতিবাচক কাৰ্য্যৰ দ্বাৰা চৰকাৰক কণ্টেণ্ট ক্ৰিয়েটৰৰ ফালে চাবলৈ আহ্বান জনাইছে”, প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক অভিনন্দন জনাই আৰু এনে বঁটা আৰম্ভ কৰাৰ বাবে তেওঁলোকক কৃতিত্ব প্ৰদান কৰি কয়।

প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে কোনো সৃষ্টিকৰ্তাই কেতিয়াও কণ্টেণ্ট ক্ৰিয়েচনৰ বাবে কোনো পাঠ্যক্ৰমত লিপ্ত হোৱা নাই কাৰণ কোনো এটাৰ অস্তিত্ব নাছিল আৰু তেওঁলোকৰ শৈক্ষিক ক্ষেত্ৰৰ পৰা কণ্টেণ্ট সৃষ্টিৰ যাত্ৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। “আপুনি নিজৰ প্ৰজেক্টৰ লেখক, পৰিচালক, প্ৰযোজক আৰু সম্পাদক”, এনে প্ৰতিভাৰ সামূহিক ক্ষমতাক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে। “আপোনালোকে এটা ধাৰণা সৃষ্টি কৰিলে, উদ্ভাৱন কৰিলে আৰু স্ক্ৰিনত ইয়াক এটা জীৱন ৰূপ দিলে। আপোনালোকে কেৱল বিশ্বক আপোনাৰ সামৰ্থ্যৰ সৈতে পৰিচয় কৰাই দিয়াই নহয়, তেওঁলোকক বিশ্বক দেখুৱাইছে”, প্ৰধানমন্ত্ৰীয়ে কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ সাহস আৰু দৃঢ়তাক প্ৰশংসা কৰি কয়। সমগ্ৰ ভাৰতবৰ্ষত কণ্টেণ্টৰ প্ৰভাৱ স্বীকাৰ কৰি তেওঁ কয়, “আপোনালোক ইণ্টাৰনেটৰ এমভিপি।”

প্ৰধানমন্ত্ৰীয়ে কয় যে বিষয়বস্তু আৰু সৃষ্টিশীলতাৰ সহযোগিতাই নিয়োজিততা বৃদ্ধি কৰে, বিষয়বস্তু আৰু ডিজিটেলৰ সহযোগিতাই পৰিৱৰ্তন আনে আৰু উদ্দেশ্যৰ সৈতে বিষয়বস্তুৰ সহযোগিতাই প্ৰভাৱ দেখুৱায়। শ্ৰী মোদীয়ে কণ্টেণ্ট ক্ৰিয়েটৰসকলক কণ্টেণ্টৰ জৰিয়তে প্ৰেৰণা আনিবলৈ অনুৰোধ জনায় আৰু লালকিল্লাৰ মহিলাৰ প্ৰতি অনাদৰ বিষয়টো উত্থাপন কৰাৰ কথা স্মৰণ কৰে। ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাৰ সমান্তৰালকৈ অভিভাৱকৰ মাজত সমতাৰ মনোভাৱ আগবঢ়াই নিবলৈ আহ্বান জনায়। তেওঁ কণ্টেণ্ট ক্ৰিয়েটৰসকলে সমাজৰ সৈতে জড়িত হৈ এই মনোভাৱ প্ৰতিটো ঘৰলৈ লৈ যোৱাৰ পন্থা নিৰ্ধাৰণ কৰিছিল। তেওঁ কণ্টেণ্ট ক্ৰিয়েটৰসকলক ভাৰতৰ নাৰী শক্তিৰ সামৰ্থ্য প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় আৰু দৈনন্দিন কাম-কাজ পৰিচালনা কৰা এগৰাকী মাতৃ আৰু গ্ৰাম্য আৰু জনজাতীয় অঞ্চলৰ মহিলাসকলে অৰ্থনৈতিক কাৰ্যকলাপত নিয়োজিত হোৱাৰ ধাৰণা আগবঢ়ায়। “কণ্টেণ্ট ক্ৰিয়েচনে ভুল ধাৰণা শুধৰোৱাত সহায় কৰিব পাৰে”, প্ৰধানমন্ত্ৰীয়ে কয়।

স্বচ্ছ ভাৰত অভিযান এক অন্তহীন প্ৰচেষ্টা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ বাঘে এটা প্লাষ্টিকৰ বটল তুলি লোৱাৰ ভিডিঅ’ৰ কথা উল্লেখ কৰি কণ্টেণ্ট ক্ৰিয়েটৰসকলক এই দিশত কাম কৰি যাবলৈ আহ্বান জনায়। তেওঁ শিশুসকলৰ মাজত মানসিক স্বাস্থ্য আৰু মানসিক চাপৰ গুৰুতৰ বিষয়সমূহৰ ওপৰত অধিক সজাগতা সৃষ্টি কৰাৰ লগতে স্থানীয় ভাষাত বিষয়বস্তু সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ পৰামৰ্শ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৫ বছৰ পূৰ্বে চোৱা এই বিষয়ত এখন চুটি চিনেমাও প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ কথাও উনুকিয়ায় য’ত তেওঁ পৰীক্ষাৰ পূৰ্বে শিশুসকলৰ কথা শুনিবলৈ যোগাযোগ কৰাৰ সুযোগ পায়। শ্ৰী মোদীয়ে যুৱক-যুৱতীসকলৰ ওপৰত ড্ৰাগছৰ নেতিবাচক প্ৰভাৱৰ ওপৰত আলোকপাত কৰা কণ্টেণ্ট তৈয়াৰ কৰাৰ পৰামৰ্শ দি কয়, “আমি ক’ব লাগিব-ড্ৰাগছ ভাল বস্তু নহয়”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি অহা বছৰো কণ্টেণ্ট ক্ৰিয়েটৰসকলক সাক্ষাৎ কৰাৰ বাবে আস্থা প্ৰকাশ কৰে। “এয়া মোদীৰ নিশ্চয়তা নহয়, বৰঞ্চ ভাৰতৰ ১৪০ কোটি নাগৰিকৰ নিশ্চয়তাহে”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। তেওঁ তেওঁলোকক দেশৰ যুৱক-যুৱতী আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰি এই অনুভৱ জগাই তুলিবলৈ আহ্বান জনায় যে ভোটদান নিৰ্বাচনত বিজয়ী-পৰাজিত ঘোষণা কৰিবলৈ কৰা নহয় বৰঞ্চ ইমান বৃহৎ দেশৰ ভৱিষ্যতক শিল্পকলা কৰা সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ অংশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে বহু দেশ বিভিন্ন ধৰণে সমৃদ্ধিশালী হৈ উঠিলেও অৱশেষত তেওঁলোকে গণতন্ত্ৰৰ পথ বাছি লৈছিল। ‘১০০ শতাংশ গণতন্ত্ৰৰ প্ৰতি গৌৰৱ কৰি ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ সংকল্প গ্ৰহণ কৰিছে’, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ যুৱক-যুৱতীসকলৰ পৰা আশা-আকাংক্ষা আৰু ভাৰতক বিশ্বৰ বাবে আৰ্হি হিচাপে গঢ়ি তোলাত তেওঁলোকৰ অৱদানৰ কথা উল্লেখ কৰাৰ লগতে ছ’চিয়েল মিডিয়াৰ শক্তিৰে ভাৰতৰ বিশেষভাৱে সক্ষম লোকসকলৰ অন্তৰ্নিহিত শক্তিক উলিয়াই অনাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

বিশ্বত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ পৰা ছাত্ৰ-ছাত্ৰীক উলিয়াই অনাৰ সময়ত দেখা পোৱা ত্ৰিৰংগাৰ শক্তিৰ বিষয়ে কয়। ভাৰতৰ প্ৰতি বিশ্বৰ পৰিৱেশ আৰু অনুভূতি সলনি হ’লেও প্ৰধানমন্ত্ৰীয়ে দেশৰ ভাৱমূৰ্তি ৰূপান্তৰিত কৰাত অধিক গুৰুত্ব দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এটা বিদেশ ভ্ৰমণৰ সময়ত আমন্ত্ৰিত দেশৰ চৰকাৰৰ বাবে দোভাষী হিচাপে কৰ্মৰত এজন কম্পিউটাৰ অভিযন্তাৰ সৈতে হোৱা মত বিনিময়ৰ কথা স্মৰণ কৰে, যিয়ে তেওঁক ভাৰতক সাপ মোহিত (snake charmers) আৰু ডাইনী (witchcraft)ৰ দেশ হোৱাৰ বিষয়ে সুধিছিল। প্ৰধানমন্ত্ৰীয়ে বুজাই দিলে যে সেই সময়ত ভাৰত অত্যন্ত শক্তিশালী আছিল যদিও এতিয়া ইয়াৰ শক্তি কেন্দ্র কৰি বিশ্বৰ দিশ গঢ় দিয়া কম্পিউটাৰ মাউছ এটাত কেন্দ্ৰীভূত হৈ পৰিছে।

‘আপোনালোক সমগ্ৰ বিশ্বতে ভাৰতৰ ডিজিটেল এম্বেছাদৰ। আপোনালোকে ভোকেল ফৰ লোকেলৰ ব্ৰেণ্ড এম্বেছাদৰ”, প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ কালি শ্ৰীনগৰ ভ্ৰমণৰ কথা সোঁৱৰাই দি ডিজিটেল ইণ্ডিয়াৰ শক্তিৰে গ্ল’বেল ব্ৰেণ্ড সৃষ্টি কৰা এজন মৌপালন উদ্যোগীৰ সৈতে তেওঁৰ মত বিনিময়ৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, “আহক, আমি এক ভাৰত জাগৰণ গঢ় দিও৷ আহক, আমি ভাৰতৰ কাহিনী, সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰা সমগ্ৰ বিশ্বৰ লগত শ্বেয়াৰ কৰোঁ৷ আহক, আমি ভাৰতত সৃষ্টি কৰোঁ আৰু বিশ্বৰ বাবে সৃষ্টি কৰোঁ।” তেওঁ তেওঁলোকক বিশ্ব দৰ্শকক জড়িত কৰি এনে বিষয়বস্তু সৃষ্টি কৰিবলৈ আহ্বান জনায় যিয়ে কেৱল সৃষ্টিকৰ্তাৰ বাবেই নহয়, দেশৰ বাবেও সৰ্বাধিক লাইক লাভ কৰে। ভাৰতৰ প্ৰতি বিশ্বৰ কৌতুহল লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কণ্টেণ্ট ক্ৰিয়েটৰসকলক ৰাষ্ট্ৰসংঘৰ ভাষা যেনে জাৰ্মান, ফৰাচী, স্পেনিছ আদি ভাষাত কাম বিকশিত কৰি নিজৰ প্ৰসাৰ বৃদ্ধি কৰিবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে বিল গেটছৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে শেহতীয়াকৈ হোৱা মত বিনিময়ৰ কথা মনত পেলাই ইণ্ডিয়া এআই মিছনৰ বাবে কেবিনেটৰ অনুমোদনৰ বিষয়ে অৱগত কৰে। ভাৰতৰ যুৱক-যুৱতী আৰু ইয়াৰ প্ৰতিভাৰ কৃতিত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অৰ্ধপৰিবাহী অভিযানৰ কথা উল্লেখ কৰি ৫জি প্ৰযুক্তি গ্ৰহণৰ দৰেই ভাৰতেও আগবাঢ়ি যাব বুলি আস্থা প্ৰকাশ কৰে। চুবুৰীয়া দেশসমূহত প্ৰচলিত ভাষাসমূহৰ ব্যৱহাৰ সম্পৰ্ক বৃদ্ধিৰ বাবেও তেওঁ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণক কম সময়ৰ ভিতৰতে বিভিন্ন ভাষাত অনুবাদ কৰাৰ লগতে নমো এপৰ পৰা ফটোৰ উৎসৰ বাবে এআইৰ ব্যৱহাৰৰ বিষয়ে উপস্থিত লোকসকলক অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে কণ্টেণ্ট ক্ৰিয়েটৰৰ সম্ভাৱনাই ভাৰতৰ ব্ৰেণ্ডিঙক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক নতুন উচ্চতালৈ লৈ যাব পাৰে। তেওঁ সৃষ্টিশীলতাৰ শক্তিৰ ওপৰত আলোকপাত কৰি খনন কৰা শিল্পকৰ্মৰ কল্পনা কৰাৰ উদাহৰণ দাঙি ধৰে যিবোৰে দৰ্শকক একে যুগলৈ ঘূৰাই লৈ যোৱাৰ সম্ভাৱনা আছে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিকাশৰ বাবে অনুঘটক হিচাপে পৰিগণিত হোৱাৰ সৃষ্টিশীলতাৰ শক্তিক স্বীকাৰ কৰে। এই উপলক্ষে সকলোকে অভিনন্দন জনোৱাৰ লগতে কম সময়ৰ ভিতৰতে ২লক্ষাধিক আবেদনকাৰীক সামৰি লোৱা জুৰীৰ প্ৰচেষ্টাকো প্ৰশংসা কৰে।

এই উপলক্ষে অনুষ্ঠানত কেন্দ্রীয় বৈদ্যুতিক আৰু তথ্য প্রযুক্তি মন্ত্রী শ্রী অশ্বিনী বৈষ্ণৱৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

***

DS/TS/DB



(Release ID: 2012840) Visitor Counter : 42