গৃহ মন্ত্ৰালয়

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত নতুন দিল্লীত হোমলেণ্ড সুৰক্ষা আলোচনা

Posted On: 28 FEB 2024 4:31PM by PIB Guwahati

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত হোমলেণ্ড চিকিউৰিটি ডায়লগ (এইচএছডি) আজি নতুন দিল্লীত অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ গৃহ সচিব শ্ৰী অজয় ভল্লা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোমলেণ্ড চিকিউৰিটি বিভাগৰ কাৰ্যকৰী উপ সচিব শ্ৰীমতী ক্ৰিষ্টি কেনেগালোৱে সংশ্লিষ্ট প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে।

আলোচনাৰ সময়ত দুয়োপক্ষই সন্ত্ৰাসবাদ বিৰোধী আৰু নিৰাপত্তা ক্ষেত্ৰত চলি থকা সহযোগিতাৰ পৰ্যালোচনা কৰে, যিয়ে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে কাম কৰিছে । এই সন্দৰ্ভত তেওঁলোকে সন্ত্ৰাসবাদ আৰু হিংসাত্মক উগ্ৰবাদ, ড্ৰাগছ সৰবৰাহ, সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ আৰু পৰিবহন সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে দ্বিপাক্ষিক প্ৰচেষ্টাক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰিব পৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে। দুয়োপক্ষই সুৰক্ষিত আৰু বৈধ প্ৰব্ৰজন সুনিশ্চিত কৰা, অবৈধ প্ৰব্ৰজন, মানৱ সৰবৰাহ, ধন শোধন, চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰা আৰু সন্ত্ৰাসবাদীৰ বিত্তীয় সহ অন্যান্য অবৈধ কাৰ্যকলাপৰ বাবে চাইবাৰ ক্ষেত্ৰৰ অপব্যৱহাৰৰ প্ৰতিৰোধ কৰাৰ বাবে আৱশ্যকীয় পদক্ষেপ গ্ৰহণ কৰি দুয়োখন দেশৰ জনসাধাৰণৰ মাজত প্ৰাণৱন্ত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে পুনৰ অংগীকাৰবদ্ধ হয়।

                                                                                                

আলোচনাৰ সময়ত দুয়োগৰাকী সহ-অধ্যক্ষই তথ্যৰ আদান-প্ৰদান, ক্ষমতা নিৰ্মাণ, কাৰিকৰী সহায় আৰু হোমলেণ্ড সুৰক্ষা আলোচনাৰ পৰিকাঠামোৰ অধীনত স্থাপন কৰা উপ-গোটসমূহৰ নিয়মীয়া বৈঠকৰ জৰিয়তে সংশ্লিষ্ট আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ মাজত পাৰস্পৰিক লাভজনক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ তীব্ৰ আগ্ৰহৰ কথা দোহাৰে।

দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতা অধিক মজবুত কৰাত সহায়ক নিম্নলিখিত দস্তাবেজত স্বাক্ষৰ কৰাৰ সৈতে হোমলেণ্ড সুৰক্ষা আলোচনাৰ সমাপ্ত ঘটেঃ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল আইন প্ৰৱৰ্তন প্ৰশিক্ষণ কেন্দ্ৰ আৰু ভাৰতৰ চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ মাজত আইন প্ৰৱৰ্তন প্ৰশিক্ষণৰ ক্ষেত্ৰত সহযোগিতাৰ চুক্তি।

দুয়োপক্ষই পাৰস্পৰিক সুবিধাজনক তাৰিখত ৱাশ্বিংটন ডিচিত জ্যেষ্ঠ বিষয়াসকলৰ হোমলেণ্ড সুৰক্ষা আলোচনাৰ পৰৱৰ্তী পৰ্যায় অনুষ্ঠিত কৰিবলৈ সন্মত হয়।

 

 

**************

 

RK/ASH/RR/PR/PS/KG



(Release ID: 2011212) Visitor Counter : 110