প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰীলংকা আৰু মৰিচাছত ইউপিআই সেৱাৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল ৱিক্ৰমসিংহে আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথ উপস্থিত থাকিব
মৰিচাছত ৰূপে কাৰ্ড আৰম্ভ কৰা হ’ব
ই জনসাধাৰণৰ মাজত সম্পৰ্ক শক্তিশালী কৰিব আৰু পৰ্যটনৰ সুবিধা প্ৰদান কৰিব
प्रविष्टि तिथि:
11 FEB 2024 3:13PM by PIB Guwahati
শ্ৰীলংকা আৰু মৰিচাছত ইউপিআই সেৱাৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল ৱিক্ৰমসিংহে আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথ উপস্থিত থাকিব। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ১২ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে দুপৰীয়া ১ বজাত ইউপিআই সেৱা আৰম্ভ কৰাৰ কাৰ্যসূচী আয়োজন কৰা হ’ব। এই সময়ছোৱাত মৰিচাছত ৰূপে কাৰ্ড সেৱাও আৰম্ভ কৰা হ’ব।
ভাৰতে ফিনটেক উদ্ভাৱন আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে অংশীদাৰ দেশসমূহৰ সৈতে আমাৰ উন্নয়ন যাত্ৰাৰ অভিজ্ঞতা আৰু উদ্ভাৱন ভাগ বতৰা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীলংকা আৰু মৰিচাছৰ সৈতে ভাৰতৰ শক্তিশালী সাংস্কৃতিক আৰু পাৰস্পৰিক সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত, ইউপিআই সেৱাৰ শুভাৰম্ভে দ্ৰুত আৰু নিৰৱচ্ছিন্ন ডিজিটেল লেনদেন সক্ষম কৰিব। ই দুয়োখন দেশৰ জনসাধাৰণক লাভান্বিত কৰিব আৰু পাৰস্পৰিক ডিজিটেল সংযোগ বৃদ্ধি কৰিব।
ই শ্ৰীলংকা আৰু মৰিচাছলৈ ভ্ৰমণ কৰা ভাৰতীয় নাগৰিকৰ লগতে ভাৰতলৈ ভ্ৰমণ কৰা মৰিচাছৰ নাগৰিকসকলৰ বাবে ইউপিআই নিষ্পত্তি সেৱা সক্ষম কৰিব। মৰিচাছত ৰূপে কাৰ্ড সেৱাৰ সম্প্ৰসাৰণে মৰিচাছৰ বেংকসমূহক মৰিচাছত ৰূপে-তন্ত্ৰ ভিত্তিত কাৰ্ড জাৰী কৰিবলৈ সক্ষম কৰিব আৰু ভাৰত আৰু মৰিচাছ দুয়োখন দেশতে নিষ্পত্তিৰ বাবে ৰূপে কাৰ্ড ব্যৱহাৰ কৰাত সহায় কৰিব।
*****
DS/LP/AA
(रिलीज़ आईडी: 2005271)
आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam