গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি লোকসভাত ‘ঐতিহাসিক ৰাম মন্দিৰ নিৰ্মাণ আৰু শ্ৰী ৰাম লালাৰ অভিষেক’ সন্দৰ্ভত ‘বিধি-নিয়ম ১৯৩’ ৰ অধীনত অনুষ্ঠিত আলোচনাত অংশগ্ৰহণ কৰে

বছৰ বছৰ ধৰি আদালতৰ কাকতৰ তলত সমাধিস্থ হৈ থকা শ্ৰী ৰাম মন্দিৰৰ গোচৰটোৱে মোদীজী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কণ্ঠস্বৰ আৰু অভিব্যক্তি লাভ কৰিছিল

১০,০০০ বছৰৰ বাবে এক ঐতিহাসিক দিৱস হ'ব ২২ জানুৱাৰী ২০২৪

পৃথিৱীত এনে কোনো দেশ নাই য'ত সংখ্যাগৰিষ্ঠ সমাজে নিজৰ আস্থা সাব্যস্ত কৰিবলৈ ইমান দীঘলীয়া আইনী যুঁজ দিবলগীয়া হৈছিল

১৫২৮ চনৰ পৰা ২০২৪ চনলৈ শ্ৰী ৰাম মন্দিৰৰ হৈ যুঁজ দিয়া সকলো যোদ্ধাৰ প্ৰতি কৃতজ্ঞতা

২২ জানুৱাৰী হৈছে ভগৱান ৰামৰ কোটি কোটি ভক্তৰ আকাংক্ষা আৰু সফলতাৰ দিন, ভাৰতৰ আধ্যাত্মিক চেতনাৰ নৱজাগৰণৰ দিন আৰু এখন মহান ভাৰতৰ যাত্ৰাৰ আৰম্ভণি

Posted On: 10 FEB 2024 6:09PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি লোকসভাত ‘ঐতিহাসিক ৰাম মন্দিৰ নিৰ্মাণ আৰু শ্ৰী ৰাম লালাৰ অভিষেক’ সন্দৰ্ভত ‘বিধি নিয়ম ১৯৩’ৰ অধীনত আলোচনাত অংশগ্ৰহণ কৰে। শ্ৰী অমিত শ্বাহে কয় যে আজি তেওঁ এই সদনত তেওঁৰ হৃদয়ৰ ভাৱনা আৰু দেশৰ জনসাধাৰণৰ কণ্ঠস্বৰৰ উপস্থাপন কৰিব বিচাৰিছে, যি কণ্ঠস্বৰ বছৰ বছৰ ধৰি আদালতৰ নথিপত্ৰৰ তলত অৱদমিত হৈ আছিল আৰু শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অভিব্যক্তি লাভ কৰিছিল। তেওঁ কয় যে ২২ জানুৱাৰী ২০২৪ৰ দিনটো অহা দহ হাজাৰ বছৰৰ বাবে এক ঐতিহাসিক দিন দিৱস হিচাপে পৰিগণিত হ’ব। শ্ৰী শ্বাহে কয় যে ২২ জানুৱাৰীত ১৫২৮ চনত আৰম্ভ হোৱা অন্যায়ৰ বিৰুদ্ধে চলা সংগ্ৰাম আৰু আন্দোলনৰ সমাপ্তি ঘটিছে। তেওঁ কয় যে ২২ জানুৱাৰী হৈছে ভগৱান ৰামৰ কোটি কোটি ভক্তৰ আকাংক্ষা আৰু সফলতাৰ দিন, সমগ্ৰ ভাৰতৰ আধ্যাত্মিক চেতনাৰ নৱজাগৰণ আৰু এখন মহান ভাৰতৰ যাত্ৰাৰ আৰম্ভণি। তেওঁ কয় যে ২২ জানুৱাৰী হৈছে ‘আই ভাৰতী’ (ভাৰত)’বিশ্ব গুৰু’ (বিশ্বৰ শিক্ষক) হোৱাৰ পথ প্ৰশস্ত কৰাৰ দিন। তেওঁ ১৫২৮ চনৰ পৰা ২০২৪ চনলৈ শ্ৰী ৰাম মন্দিৰৰ হৈ যুঁজ দিয়া সকলো যোদ্ধালৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ভগৱান ৰাম আৰু ৰাম চৰিতৰ চৰ্চা অবিহনে ভাৰতক কল্পনা কৰিব নোৱাৰি আৰু যিসকলে এইখন দেশেৰে পৰিচিত হ’ব বিচাৰে, জানিব বিচাৰে আৰু অনুভৱ কৰিব বিচাৰে, তেওঁলোকে ভগৱান ৰাম আৰু ‘ৰামচৰিত মানস’ৰ অবিহনে এনে অভিপ্ৰায় পূৰণ কৰিব নোৱাৰে। তেওঁ কয় যে ভগৱান ৰামৰ চৰিত্ৰ আৰু ভগৱান ৰাম হৈছে এইখন দেশৰ জনসাধাৰণৰ আত্মা। তেওঁ কয় যে যিসকলে ভগৱান ৰামৰ অবিহনে ভাৰতক কল্পনা কৰে তেওঁলোকে ভাৰতক নাজানে, আৰু তেওঁলোকে আমাৰ ‘দাসত্বৰ যুগ’ক প্ৰতিনিধিত্ব কৰে। শ্ৰী শ্বাহে লগতে কয় যে ভগৱান ৰাম এজন ব্যক্তি নহয়, বৰঞ্চ জীৱন কেনেদৰে অতিবাহিত কৰিব লাগে কোটি কোটি লোকৰ বাবে তাৰেই প্ৰতীক,  এক আদৰ্শ, সেয়েহে তেওঁক ‘মৰ্যাদা পুৰুষোত্তম’ বুলি কোৱা হয়। তেওঁ কয় যে ৰামৰাজ্য কোনো নিৰ্দিষ্ট ধৰ্ম বা সম্প্ৰদায়ৰ বাবে নহয়, ই কেৱল ভাৰতৰ বাবেও নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰ বাবে এক আদৰ্শ ৰাজ্য কেনেকুৱা হ'ব লাগে তাৰহে প্ৰতীক। শ্ৰী শ্বাহে কয় যে ভগৱান ৰাম আৰু ভগৱান ৰামৰ চৰিত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ কাম ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীৰ হাতেৰে কৰা হৈছে।

 

শ্ৰী অমিত শ্বাহে কয় যে আমি সকলো সেইসকল সৌভাগ্যৱানৰ মাজত আছোঁ যিসকলে ১৫২৮ চনৰ পৰা অযোধ্যাত ৰাম মন্দিৰ চাবলৈ বিচাৰিছিল। তেওঁ কয় যে ভাৰতীয় সংস্কৃতি আৰু ৰামায়ণক পৃথকে চাব নোৱাৰি। বহুতো ভাষা, অঞ্চল আৰু ধৰ্মত ৰামায়ণৰ কথা উল্লেখ কৰা হৈছে, অনুবাদ কৰা হৈছে, আৰু ইয়াক ৰাষ্ট্ৰীয় চেতনাৰ আধাৰ হিচাপে গঢ়ি তুলিবলৈ ইয়াৰ পৰম্পৰা আৰু কাম কৰা হৈছে। তেওঁ কয় যে বহুতো দেশে ৰামায়ণক গ্ৰহণ কৰিছে আৰু ইয়াক এক ‘আদৰ্শ মহাকাব্য’ হিচাপে স্বীকৃতি দিছে। তেওঁ কয় যে ২২ জানুৱাৰীত শ্ৰী নৰেন্দ্ৰ মোদীজীৰ হাতেৰে দেশৰ ইচ্ছা পূৰণ কৰা হ’ল। শ্ৰী শ্বাহে কয় যে আইনী যুঁজ ১৮৫৮ চনৰ পৰা চলি আহিছে, আৰু ই ৩৩০ বছৰৰ পিছত সমাপ্ত হৈছে, আজি ‘ৰাম লালা’ তেওঁৰ ঘৰত আছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৰাম জন্মভূমিৰ ইতিহাস অতি দীঘলীয়া, আৰু বহুতো ৰজা, সাধু, সংগঠন আৰু আইন বিশেষজ্ঞই ইয়াত অৰিহণা যোগাইছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীজীয়ে ‘ৰামসেতু’ৰ ‘ভূমি পূজন’ সম্পন্ন কৰাৰ লগতে ‘শ্ৰী ৰাম লালাৰ অভিষেক’ সম্পন্ন কৰে। শ্ৰী শ্বাহে লগতে কয় যে ১৯৯০ চনত এই আন্দোলনৰ গতি বৃদ্ধি হোৱাৰ আগতেই তেওঁৰ দলে দেশৰ জনসাধাৰণক এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে যি কয় সেয়া কৰে। তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই সমগ্ৰ বিশ্বক ভাৰতৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ প্ৰদৰ্শিত কৰিছে।

 

শ্ৰী অমিত শ্বাহে কয় যে ৰাম জন্মভূমিৰ বাবে যুঁজ ২০১৪ চনৰ পৰা ২০১৯ চনলৈ অব্যাহত আছিল, লাখ লাখ পৃষ্ঠা অনুবাদ কৰা হৈছিল আৰু তাৰ পিছত ২০১৯ চনত মোদীজী পুনৰ প্ৰধানমন্ত্ৰী হৈছিল। আদালতৰ সিদ্ধান্তৰ পিছত, মোদীজীয়ে ৫ আগষ্ট, ২০১৯ তাৰিখে ইয়াৰ আধাৰশিলা স্থাপন কৰে। তেওঁ কয় যে এই আন্দোলনত কোটি কোটি লোকে অযোধ্যাৰ প্ৰতি তেওঁলোকৰ ইচ্ছা আৰু ভক্তি সাংবিধানিক আৰু শান্তিপূৰ্ণ ভাৱে গ্ৰহণ কৰিছিল। তেওঁ কয় যে অশোক সিংঘলজীয়ে এই যাত্ৰাক শীৰ্ষ পৰ্যায়লৈ লৈ গৈছিল, আদৱানীজীয়ে জনসজাগতা সৃষ্টি কৰিছিল আৰু নৰেন্দ্ৰ মোদীজীয়ে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰি এক আধ্যাত্মিক চেতনা জাগ্ৰত কৰিছিল। এই সমগ্ৰ আন্দোলনক এক গণতান্ত্ৰিক প্ৰমূল্য হিচাপে চোৱা যাব যে কেনেকৈ এখন দেশে ইয়াৰ সংখ্যাগৰিষ্ঠ সমাজৰ ধৰ্মীয় বিশ্বাস পূৰণ কৰিবলৈ ইমান দিন ধৰি উচ্চতম ন্যায়ালয়ত ধৈৰ্য্য সহকাৰে অনুৰোধ কৰি আহিছিল আৰু উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত  ই এক সুসংগত পৰিৱেশত পূৰণ হৈছিল।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু ৰাম মন্দিৰ নিৰ্মাণৰ সময়ত বহুলোকে কৈছিল যে দেশত হিংসাত্মক ঘটনা সংঘটিত হ'ব, কিন্তু নৰেন্দ্ৰ মোদীজী এই দেশৰ প্ৰধানমন্ত্ৰী। মোদীজীৰ দূৰদৰ্শী চিন্তাধাৰাই আদালতৰ ৰায়ক বিজয় বা পৰাজয়ৰ পৰিৱৰ্তে সকলোৰে বাবে গ্ৰহণযোগ্য শীৰ্ষ ন্যায়ালয়ৰ আদেশলৈ ৰূপান্তৰিত কৰিছিল। তেওঁ কয় যে নিৰ্মাণৰ পিছত ভূমিপূজন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ সময়ত মোদীজীয়ে ১১ দিন ধৰি কঠিন উপবাস ৰাখিছিল। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰীয়ে ১১ দিন বিচনাত শোৱা নাছিল, কেৱল নাৰিকল পানী খাই আৰু ভগৱান ৰামৰ ভক্তিত নিমজ্জিত হৈ ‘অভিষেক বিধি’ সম্পাদন কৰিছিল। তেওঁ কয় যে ভক্তি আন্দোলন ভাৰতত নতুন নহয়। তেওঁ লগতে কয় যে ভাৰতৰ হাজাৰ হাজাৰ বছৰ ধৰি চলি অহা সাংস্কৃতিক আৰু ৰাজনৈতিক ইতিহাসত এজন নেতাই নেতৃত্বৰ গুণ প্ৰদৰ্শন কৰিছে।

 

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত যোৱা ১০টা বছৰত বহুতো গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰা হৈছে। ইয়াৰ পূৰ্বে নীতিগত দুৰ্বলতা থকা চৰকাৰ আছিল আৰু আজি বহুতো নীতি প্ৰস্তুত কৰি মোদীজীয়ে ভাৰতৰ অৰ্থনীতিক বিশ্বৰ ১১ সংখ্যক স্থানৰ পৰা পঞ্চম স্থানলৈ উন্নীত কৰিছে। শ্ৰী শ্বাহে কয় যে যেতিয়া চীনে ১৯৬২ চনৰ দৰে আমাৰ সীমান্তত খেলিমেলি লগাইছিল, সেই মুহূৰ্তত মোদীজীৰ নেতৃত্বত ভাৰতে দৃঢ়তাৰে থিয় দিছিল। তেওঁ কয় যে যেতিয়া পুঞ্চ আৰু পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, মোদীজীয়ে ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ আৰু বিমান আক্ৰমণ কৰি নেতৃত্বৰ সাহসিকতা প্ৰদৰ্শন কৰিছিল আৰু তেওঁলোকৰ ঠাইত প্ৰৱেশ কৰি প্ৰতিশোধ লৈছিল। তেওঁ কয় যে যেতিয়া পৰীক্ষাৰ সময়ত হাজাৰ হাজাৰ শিশু চাপত আছিল, মোদীজীয়ে পিতৃৰ দৰে নেতৃত্ব দেখুৱাইছিল আৰু পৰীক্ষাৰ ভীতি আঁতৰাবলৈ ‘পৰীক্ষা পে চৰ্চা’ত মিলিত হৈছিল। তাৰ পিছত, যেতিয়া ৰাম মন্দিৰৰ বাবে সুযোগ আহিছিল, এজন সন্ন্যাসী আৰু ভক্তৰ দৰে  তেওঁ গৌৰৱান্বিত ভাৱে আধ্যাত্মিক চেতনাৰ পৰিৱেশ সৃষ্টি কৰিছিল।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এইখন দেশক বহু দিন ধৰি এনে নেতৃত্বৰ প্ৰয়োজন আছিল। তেওঁ কয় যে শ্ৰী নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰি দেশৰ ১৪০ কোটি লোকে দেশৰ সকলো প্ৰত্যাহ্বানৰ অন্ত পেলাইছে। তেওঁ কয় যে ৰাম মন্দিৰ নিৰ্মাণ হৈছে সমগ্ৰ সমাজক সংযোগ কৰি সামাজিক ঐক্য আৰু সাংস্কৃতিক নৱজাগৰণৰ এক আশ্চৰ্যকৰ উদাহৰণ। শ্ৰী শ্বাহে কয় যে অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰ হৈছে ধ্বংসৰ বিপৰীতে বিকাশৰ জয়, ধৰ্মীয় গোঁড়ামিৰ বিপৰীতে আধ্যাত্মিকতা আৰু ভক্তিৰ বিজয়।

 

*****

RK/ ASH/ PR/ AK/KB



(Release ID: 2005140) Visitor Counter : 53