পোষ্ট কৰা হৈছে:
09 FEB 2024 3:41PM by PIB Guwahati
কেন্দ্রীয় গৃহমন্ত্রী তথা সমবায় মন্ত্রী শ্রী অমিত শ্বাহে প্রাক্তন প্রধানমন্ত্রী চৌধুৰী চৰণ সিঙক ভাৰতৰত্ন বঁটা প্ৰদান কৰাত সুখ প্রকাশ কৰিছে৷
এক্স (পূৰ্বৰ টুইটাৰ)ত দিয়া এটা পোষ্টত শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক চৌধুৰী চাহেবক সন্মান জনাই দেশৰ কোটি কোটি কৃষক আৰু শ্ৰমিক জনসাধাৰণক সন্মান জনোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে গোটেই জীৱন কৃষকৰ প্ৰতি উৎসৰ্গিত চৌধুৰী চৰণসিংমহোদয়ে কৃষকৰ কল্যাণৰ বাবে বহু কাম কৰিছিল।
শ্ৰী শ্বাহে কয় যে চৌধুৰী চাহেবে গোটেই জীৱন গণতান্ত্ৰিক মূল্যবোধ ৰক্ষাৰ বাবে নিষ্ঠাবান হৈ থাকি জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে সাহসেৰে যুঁজিছিল। তেওঁ লগতে কয় যে তেওঁৰ সিদ্ধান্তৰ জৰিয়তে চৌধুৰী চৰণ সিং মহোদয়ে সমগ্ৰ দেশক দেখুৱাই দিলে যে এজন কৃষকৰ পুত্ৰই দেশৰ জীৱিকাৰ পৰা আৰম্ভ কৰি নীতিগত বিষয়লৈকে সিদ্ধান্ত ল’ব পাৰে।
*******
RK / ASH/ PR / AK/MS