গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত দেশৰ সকলো নাগৰিকক আন্তৰিক শুভকামনা জনায়

ভোটাধিকাৰ হৈছে সেইটো ভেটি যাৰ ওপৰত গণতন্ত্ৰৰ কীৰ্তিচিহ্ন গঢ় লয়

মই সকলো ভোটদাতা, বিশেষকৈ যুৱক-যুৱতীসকলক আহ্বান জনাওঁ যে তেওঁলোকে নিজৰ ভোটাধিকাৰৰ বিবেচনাপূৰ্ণ ব্যৱহাৰ কৰাৰ সংকল্প লওক আৰু আনকো এনে কৰিবলৈ অনুপ্ৰাণিত কৰক

प्रविष्टि तिथि: 25 JAN 2024 1:21PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে দেশৰ সকলো নাগৰিকলৈ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।

গৃহমন্ত্ৰীগৰাকীয়ে ‘এক্স’ত দিয়া পোষ্টত কয়, "ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত দেশৰ সকলো নাগৰিককে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।" শ্ৰী অমিত শ্বাহে কয়, "ভোটাধিকাৰেই সেই ভেটি যাৰ ওপৰত গণতন্ত্ৰৰ কীৰ্তিচিহ্ন গঢ় লৈ উঠিছে। সকলো ভোটাৰক, বিশেষকৈ যুৱক-যুৱতীসকলক আহ্বান জনাইছোঁ যে তেওঁলোকে নিজৰ ভোটাধিকাৰক বিবেচনাপূৰ্ণভাৱে ব্যৱহাৰ কৰাৰ সংকল্প লওক আৰু আনকো একে কাম কৰিবলৈ অনুপ্ৰাণিত কৰক।"

**********

RK/ASH/RR/PR/AK


(रिलीज़ आईडी: 1999783) आगंतुक पटल : 118
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil , Kannada