গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অসমৰ তেজপুৰত ত্ৰয়োদশ ত্ৰিবাৰ্ষিক বাথৌ মহাসভা সন্মিলনত ভাষণ দিয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বড়োলেণ্ডৰ সমস্যা সমাধান কৰিছে, আজি এই অঞ্চলটো হিংসাৰ পৰা মুক্ত হৈ উন্নয়নৰ পথত আগবাঢ়িছে

যোৱা তিনি বছৰত, বড়োলেণ্ডত এটাও হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই

মোদী চৰকাৰে বড়ো সম্প্ৰদায়ক মূলসুঁতিৰ সৈতে চামিল কৰিছে

এই মহাসভাই বাথৌ ধৰ্মৰ জড়িয়তে বড়ো সম্প্ৰদায়ৰ মাজত ব্যৱহাৰিক আৰু বৈজ্ঞানিক বিশ্লেষণৰ ভিত্তিত গঢ় লোৱা জীৱনশৈলীক আগুৱাই নিছে

মোদী চৰকাৰ প্ৰকৃতিৰ সৈতে সম্পৰ্কিত ধৰ্মসমূহ সংৰক্ষণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ

মোদীজীৰ নিৰ্দেশনাত অসম চৰকাৰে বড়ো ভাষাক অসমৰ সহযোগী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে

এতিয়া বাথৌ পূজা চৰকাৰী বন্ধৰ দিন

বড়োসকলৰ বাথৌ ধৰ্মৰ আধ্যাত্মিক বাৰ্তাসমূহে সমগ্ৰ ৰাষ্ট্ৰ আৰু বিশ্বক পথ প্ৰদৰ্শন কৰিবলৈ গৈ আছে

পূৰ্বৱৰ্তী চৰকাৰসমূহৰ নীতি আছিল মৌলিক সমস্যাবোৰৰ পৰা মনোযোগ আঁতৰাই ক্ষমতা বজাই ৰখা আৰু এই নীতিৰ ফলত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল

Posted On: 20 JAN 2024 6:37PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অসমৰ তেজপুৰত  ত্ৰয়োদশ ত্ৰিবাৰ্ষিক বাথৌ মহাসভা সন্মিলনত ভাষণ প্ৰদান কৰে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image001P7EJ.jpg

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ বাথৌ মহাসভাৰ আধ্যাত্মিক দৃষ্টিকোণ,   অৰ্থাৎ ধৰ্ম, অহিংসা, শান্তি, ক্ষমা আৰু প্ৰেমৰ  জৰিয়তে সমগ্ৰ বিশ্ব আৰু বিশেষকৈ  উত্তৰ-পূবত শান্তি বিৰাজ কৰি থকাৰ বাবে বাবে প্ৰাৰ্থনা জনাইছে। তেওঁ কয় যে বাথৌ ধৰ্মৰ অৰ্থ জনা সকলেহে বাথৌ সম্প্ৰদায়ৰ বিষয়ে জানিব পাৰিব। তেওঁ কয় যে বা শব্দৰ অৰ্থ  পাঁচ আৰু থৌৰ অৰ্থ হৈছে গভীৰ, অৰ্থাৎ ই পাঁচটা গভীৰ উপাদানৰ বিজ্ঞান আৰু সেইবোৰৰ গভীৰ ৰহস্য বুজাৰ প্ৰক্ৰিয়া। তেওঁ কয়  যে বড়োৰ বাথৌ ধৰ্মৰ মূল নীতি হৈছে একেলগে পাঁচটা উপাদানৰ জড়িয়তে  একতাৰ বাৰ্তা দিয়া। তেওঁ কয় যে বাথৌ ধৰ্মৰ দৰ্শন অনুসৰি বৰাই বাথৌ বিশ্বব্ৰহ্মাণ্ডত বিয়পি আছে। শ্ৰী শ্বাহে কয় যে পাঁচটা উপাদানৰ এই দৰ্শন হৈছে প্ৰকৃতিৰ উপাসনাৰ দৰ্শন আৰু ইয়াৰ আধাৰতে বাথৌ ধৰ্মৰ পতাকাও প্ৰস্তুত কৰা হৈছে। শ্ৰী শ্বাহে কয় যে বাথৌৰ পতাকা আৰু ধৰ্ম দুয়োটাই পাঁচটা উপাদানৰ উপাসনাৰ বাৰ্তা প্ৰদান বহন কৰে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image0025BM6.jpg

 

শ্ৰী অমিত শ্বাহে কয় যে এই ধৰ্মৰ  পাঁচটা নৈতিক বাৰ্তাই সমগ্ৰ দেশ আৰু বিশ্বক পথ প্ৰদৰ্শন কৰিছে। তেওঁ কয় যে পবিত্ৰ অভিজ্ঞতা, পবিত্ৰ অনুশীলন, প্ৰেম, সত্য আৰু ঘৃণাৰ মনোভাব ত্যাগৰ বিষয়ত  এই ৫টা মৌলিক বাৰ্তাৰ আধাৰত বাথৌ ধৰ্ম আগবাঢ়িছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে  সকলো ধৰ্মক শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয়, "আমাৰ প্ৰকৃতিতকৈ ডাঙৰ একো নাই আৰু কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ আমাৰ প্ৰকৃতি-উপাসক ধৰ্মসমূহৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত  কোনো ধৰণৰ অৱহেলা কৰা নাই।" তেওঁ কয় যে সকলো ধৰ্মৰ সুৰক্ষাৰ বাবে যি কৰিব লাগিব, আমি নিশ্চিতভাৱে সেয়া কৰিম।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image003LFTS.jpg

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বড়ো আন্দোলনৰ এক দীঘলীয়া ইতিহাস আছে আৰু বড়ো ৰাইজে তেওঁলোকৰ সংস্কৃতি বচাবলৈ যথেষ্ট সংগ্ৰাম কৰিছে। তেওঁ কয় যে পূৰ্বৰ চৰকাৰসমূহৰ নীতি আছিল মৌলিক সমস্যাৰ পৰা মানুহৰ  মনোযোগ আঁতৰাই ক্ষমতা বজাই ৰখা আৰু এই নীতিৰ ফলত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল। এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বড়ো চুক্তি স্বাক্ষৰিত হৈছে আৰু আজি সমগ্ৰ বড়োলেণ্ডত শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশে বিৰাজ কৰিছে। শ্ৰী শ্বাহে কয় যে যোৱা তিনি বছৰত  বড়োলেণ্ডত এটাও হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই আৰু বড়োলেণ্ডে এতিয়া প্ৰগতিৰ পথত বাট বুলিছে । তেওঁ কয় যে ইয়াৰ পৰাই বিকাশৰ এটা নতুন কাহিনী আৰম্ভ হৈছে। তেওঁ কয় যে সমগ্ৰ উত্তৰ-পূবৰ বিকাশ আৰু শান্তি স্থাপনৰ বাবে  প্ৰধানমন্ত্ৰী মোদীয়ে স্থিৰ কৰা  লক্ষ্য আজি সফল হৈছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image0047ONT.jpg

 

শ্ৰী অমিত শ্বাহে কয় যে মোদীজীৰ কাৰ্যকালত সমগ্ৰ উত্তৰ-পূবত হিংসাত্মক ঘটনা ৭৩%, সুৰক্ষা বাহিনীৰ মৃত্যুৰ ঘটনা ৭১% আৰু অসামৰিক লোকৰ মৃত্যুৰ ঘটনা  ৮৬% হ্ৰাস পাইছে। তেওঁ কয় যে মোদী চৰকাৰে যোৱা ১০ বছৰত নখন  শান্তি চুক্তি স্বাক্ষৰ কৰিছে আৰু প্ৰায় ৯,০০০ যুৱকে অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে। তেওঁ কয় যে ২০২০ চনৰ ২৭ জানুৱাৰীত মোদী চৰকাৰে স্বাক্ষৰ কৰা চুক্তিৰ ফলত ১৬০০ তকৈও অধিক যুৱক-যুৱতীক সমাজৰ মূল সুঁতিলৈ অনাটো সম্ভৱ হৈছে। তেওঁ কয় যে কেন্দ্ৰ আৰু অসম চৰকাৰে একেলগে এই অঞ্চলৰ উন্নয়নৰ বাবে ১৫০০ কোটি টকাৰ উন্নয়নমূলক পেকেজ প্ৰদান কৰিছে। তেওঁ কয় যে আজি অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত  বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসম শান্তিৰে উন্নয়নৰ পথত আগবাঢ়িছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image005Q4WA.jpg

 

তেওঁ কয় যে চৰকাৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছে আৰু এতিয়া ৰাজ্য চৰকাৰে স্থানীয় ভাষা বড়োক অসমৰ সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। বড়োলেণ্ড টেৰিটৰিয়েল এলেকাৰ ১০ খন মহাবিদ্যালয় প্ৰদেশীকিকৰণ কৰিছে আৰু পূৰ্বৰ এনডিএফবিৰ ৪২০০ কেডাৰক ৪ লাখ টকাকৈ ক্ষতিপূৰণো দিয়া হৈছে।



(Release ID: 1998208) Visitor Counter : 94